--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিঙত তেওঁ অপ্ৰতিৰোধ্য। টকিঅ’ অলিম্পিকত ভাৰতীয় বক্সাৰ লাভলীনা বাৰাগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। লগতে আগন্তুক কমনৱেলথ গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিছে। কিন্তু ভাৰতৰ এইগৰাকী তাৰকা মহিলা বক্সাৰ ব্যক্তিগত জীৱনৰ সমস্যাত ভুগিছে। জানিব পৰা মতে, লাভলীনা বৰাগোঁহাইয়ে বিবাহ বিচ্ছেদৰ বাবে আদালতৰ কাষ চাপিছে। ২০১৮ চনত লাভলীনাই দীৰ্ঘদিনীয়া প্ৰেমিক নৱনীত গোস্বামীৰ সৈতে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল লাভলীনাই। 

অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীয়ে মাত্ৰ ২০ বছৰ বয়সতে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল। কিন্তু চাৰি বছৰৰ ভিতৰতে এই সম্পৰ্কৰ মাজত আহি পৰিল বিভাজন। সমগ্ৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা সময়তে মুখ খুলিছে লাভলীনাই। নিজৰ ফেচবুকত এটা ভিডিঅ’ পোষ্ট সমগ্ৰ ঘটনাৰ বৰ্ণনা কৰিছে লাভলীনাই।

মন কৰিবলগীয়া যে, বিশ্ব চেম্পিয়নশ্বিপত লাভলীনাই ভাল প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল। অৱশ্যে, কমনৱেলথ গেমছ ২০২২ৰ বাবে যোগ্যতা অৰ্জন কৰিছে তেওঁ। কিন্তু লাভলীনাই পূৰ্বে কৈছিল যে, টকিঅ’ অলিম্পিকত পদক লাভ কৰাৰ পিছত যিদৰে লাইমলাইটত স্থান লাভ কৰিছিল, তাৰ ফলত তেওঁৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি হৈছে। সেইবাবেই এইবাৰ ভাঙি যাব নেকি দীৰ্ঘদিনীয়া এক সম্পৰ্ক? এক সূত্ৰই সদৰী কৰামতে, নৱনীত আৰু তেওঁৰ পৰিয়ালে লাভলীনাৰ এনে সিদ্ধান্তক সহজে মানি ল’ব পৰা নাই।

উল্লেখ্য যে, যেতিয়া টকিঅ’ অলিম্পিকৰ বাবে কঠিন প্ৰস্তুতি চলি আছিল। তেতিয়া লাভলীনাৰ দৃষ্টি আছিল অলিম্পিক পদকৰ ওপৰত। অসমৰ জীয়ৰী লাভলীনাই টকিঅ’ৰ প’ডিয়ামলৈ যোৱাৰ পথত তীব্ৰ প্ৰতিদ্বন্দী হৈ পৰিছিল। সেই সময়তে অসুখেৰে যুঁজ দি আছিল লাভলীনাৰ মাতৃ মামণি বৰাগোঁহাই। বিগত ১৫ ফেব্ৰুৱাৰীত কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালত কিডনী প্ৰতিস্থাপন কৰা হৈছিল লাভলীনাৰ মাতৃক। ইফালে, কেইমাহমানৰ পিছত টকিঅ’ৰ প’ডিয়ামত ধুমকেতুৰ দৰে ওলাই আহিব বুলি কোনে জানিছিল? অৱশ্যে এইবাৰ লভলিনাই ব্যক্তিগত জীৱনতো নানা সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাৰ সৈতে কিদৰে মোকাবিলা কৰিব লাভলীনাই? সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু