--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিঙত তেওঁ অপ্ৰতিৰোধ্য। টকিঅ’ অলিম্পিকত ভাৰতীয় বক্সাৰ লাভলীনা বাৰাগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। লগতে আগন্তুক কমনৱেলথ গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিছে। কিন্তু ভাৰতৰ এইগৰাকী তাৰকা মহিলা বক্সাৰ ব্যক্তিগত জীৱনৰ সমস্যাত ভুগিছে। জানিব পৰা মতে, লাভলীনা বৰাগোঁহাইয়ে বিবাহ বিচ্ছেদৰ বাবে আদালতৰ কাষ চাপিছে। ২০১৮ চনত লাভলীনাই দীৰ্ঘদিনীয়া প্ৰেমিক নৱনীত গোস্বামীৰ সৈতে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল লাভলীনাই। 

অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীয়ে মাত্ৰ ২০ বছৰ বয়সতে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল। কিন্তু চাৰি বছৰৰ ভিতৰতে এই সম্পৰ্কৰ মাজত আহি পৰিল বিভাজন। সমগ্ৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা সময়তে মুখ খুলিছে লাভলীনাই। নিজৰ ফেচবুকত এটা ভিডিঅ’ পোষ্ট সমগ্ৰ ঘটনাৰ বৰ্ণনা কৰিছে লাভলীনাই।

মন কৰিবলগীয়া যে, বিশ্ব চেম্পিয়নশ্বিপত লাভলীনাই ভাল প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল। অৱশ্যে, কমনৱেলথ গেমছ ২০২২ৰ বাবে যোগ্যতা অৰ্জন কৰিছে তেওঁ। কিন্তু লাভলীনাই পূৰ্বে কৈছিল যে, টকিঅ’ অলিম্পিকত পদক লাভ কৰাৰ পিছত যিদৰে লাইমলাইটত স্থান লাভ কৰিছিল, তাৰ ফলত তেওঁৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি হৈছে। সেইবাবেই এইবাৰ ভাঙি যাব নেকি দীৰ্ঘদিনীয়া এক সম্পৰ্ক? এক সূত্ৰই সদৰী কৰামতে, নৱনীত আৰু তেওঁৰ পৰিয়ালে লাভলীনাৰ এনে সিদ্ধান্তক সহজে মানি ল’ব পৰা নাই।

উল্লেখ্য যে, যেতিয়া টকিঅ’ অলিম্পিকৰ বাবে কঠিন প্ৰস্তুতি চলি আছিল। তেতিয়া লাভলীনাৰ দৃষ্টি আছিল অলিম্পিক পদকৰ ওপৰত। অসমৰ জীয়ৰী লাভলীনাই টকিঅ’ৰ প’ডিয়ামলৈ যোৱাৰ পথত তীব্ৰ প্ৰতিদ্বন্দী হৈ পৰিছিল। সেই সময়তে অসুখেৰে যুঁজ দি আছিল লাভলীনাৰ মাতৃ মামণি বৰাগোঁহাই। বিগত ১৫ ফেব্ৰুৱাৰীত কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালত কিডনী প্ৰতিস্থাপন কৰা হৈছিল লাভলীনাৰ মাতৃক। ইফালে, কেইমাহমানৰ পিছত টকিঅ’ৰ প’ডিয়ামত ধুমকেতুৰ দৰে ওলাই আহিব বুলি কোনে জানিছিল? অৱশ্যে এইবাৰ লভলিনাই ব্যক্তিগত জীৱনতো নানা সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাৰ সৈতে কিদৰে মোকাবিলা কৰিব লাভলীনাই? সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ