--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ মহম্মদ ৰিজৱানে বেটিং কৰিবলৈ কিছু সময় লৈছিল। সময় নষ্ট কৰি আছিল। ভাৰতীয় দলটোৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত বলিং শেষ কৰিব নোৱাৰিলে নিয়ম অনুসৰি শাস্তি দিব লাগিব। গতিকে বিৰাট কোহলীয়ে ৰিজৱানক আকাৰে ইংগিতে কিবা এটা দেখুৱালে।

শনিবাৰে আহমেদাবাদত প্ৰথমটো বল খেলাৰ পূৰ্বে ৰিজৱানে কিছু সময় উলিয়াই গাৰ্ড ল’লে। ভাৰতীয় ফিল্ডাৰসকলক কিছু সময় তেওঁলোকে ক’ত থিয় হৈ আছে তাক চাই আছিল। ফলত সময় নষ্ট হ’ল। আইচিচিৰ নিয়ম অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৫০ অভাৰৰ বলিং সম্পূৰ্ণ কৰিব লাগিব। পাকিস্তানৰ উইকেটকীপাৰ-বেটছমেনে সময় নষ্ট কৰা দেখি বিৰাটে তেওঁক এই ইংগিত দিয়ে। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে পোনপটীয়াকৈ একো কোৱা নাছিল। বাৰে বাৰে সময় চোৱাৰ ভাও ধৰে।

দূৰৰ পৰা এনে লাগিছিল যেন সঁচাকৈয়ে কোহলীয়ে ঘড়ীটো চাই আছে। কিন্তু আচলতে তেওঁৰ হাতত কোনো ঘড়ী নাছিল। ৰিজৱানেও কোহলীৰ নিখুঁত প্ৰদৰ্শন ধৰিব নোৱাৰিলে। খৰধৰকৈ বেটিং কৰিবলৈ সাজু হ’ল। কোহলীয়ে এই ঘড়ীটো চোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰিকেটপ্ৰেমীৰ মাজত ভাইৰেল হৈ পৰিছে।

আইচিচিৰ নিয়ম অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৫০ অভাৰ সম্পূৰ্ণ কৰিব লাগিব। যদি নহয়, তেন্তে প্ৰতি অভাৰত নিজ নিজ দলে মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা ভৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ