--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ মহম্মদ ৰিজৱানে বেটিং কৰিবলৈ কিছু সময় লৈছিল। সময় নষ্ট কৰি আছিল। ভাৰতীয় দলটোৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত বলিং শেষ কৰিব নোৱাৰিলে নিয়ম অনুসৰি শাস্তি দিব লাগিব। গতিকে বিৰাট কোহলীয়ে ৰিজৱানক আকাৰে ইংগিতে কিবা এটা দেখুৱালে।

শনিবাৰে আহমেদাবাদত প্ৰথমটো বল খেলাৰ পূৰ্বে ৰিজৱানে কিছু সময় উলিয়াই গাৰ্ড ল’লে। ভাৰতীয় ফিল্ডাৰসকলক কিছু সময় তেওঁলোকে ক’ত থিয় হৈ আছে তাক চাই আছিল। ফলত সময় নষ্ট হ’ল। আইচিচিৰ নিয়ম অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৫০ অভাৰৰ বলিং সম্পূৰ্ণ কৰিব লাগিব। পাকিস্তানৰ উইকেটকীপাৰ-বেটছমেনে সময় নষ্ট কৰা দেখি বিৰাটে তেওঁক এই ইংগিত দিয়ে। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে পোনপটীয়াকৈ একো কোৱা নাছিল। বাৰে বাৰে সময় চোৱাৰ ভাও ধৰে।

দূৰৰ পৰা এনে লাগিছিল যেন সঁচাকৈয়ে কোহলীয়ে ঘড়ীটো চাই আছে। কিন্তু আচলতে তেওঁৰ হাতত কোনো ঘড়ী নাছিল। ৰিজৱানেও কোহলীৰ নিখুঁত প্ৰদৰ্শন ধৰিব নোৱাৰিলে। খৰধৰকৈ বেটিং কৰিবলৈ সাজু হ’ল। কোহলীয়ে এই ঘড়ীটো চোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰিকেটপ্ৰেমীৰ মাজত ভাইৰেল হৈ পৰিছে।

আইচিচিৰ নিয়ম অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৫০ অভাৰ সম্পূৰ্ণ কৰিব লাগিব। যদি নহয়, তেন্তে প্ৰতি অভাৰত নিজ নিজ দলে মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা ভৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু