--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অঘটন সংঘটিত হ’ল বিশ্বকাপত। আফগানিস্তানৰ হাতত পৰাস্ত হৈছে হট ফেভাৰিট তথা ২০১৯ চনৰ বিশ্বকাপবিজয়ী ইংলেণ্ড। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ৬৯ ৰানত পৰাস্ত হৈছে ইংলিছ দলটো।

টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে। সুন্দৰ আৰম্ভণি ঘটায় আফগান বাহিনীয়ে। অপেনাৰদ্বয় ৰাহমানুল্লাহ গুৰবাজ (৮০) আৰু ইব্ৰাহিম জাড্ৰানে (২৮) প্ৰথম উইকেটৰ যুটীত সংগ্ৰহ কৰে ১১৪ ৰাণ। মিডল অৰ্ডাৰত বেটিং বিপ্ৰযয় সংঘটিত হ’লেও উইকেটকীপাৰ ইক্ৰাম আলিখিলে ৫৮ ৰাণ সংগ্ৰহ কৰে। শেষৰফালে ৰছিদ খান (২৩) আৰু মুজিব উৰ ৰহমান (২৮)ৰ মাৰমুখী বেটিঙৰ সহায়ত আফগানিস্তানে আটাইকেওটা হেৰুৱাই ২৮৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ আদিল ৰছিদে ৩টা আৰু মাৰ্ক উডে দুটা উইকেট সংগ্ৰহ কৰে।

২৮৫ ৰাণৰ লক্ষ্য আগত লৈ ইংলেণ্ডে প্ৰথমৰে পৰা উজুটি খাব ধৰে। অপেনাৰ ডেভিড মালানে (৩৪) কিছু স্থিৰতা দেখুৱাবলৈ সক্ষম হয় যদিও আফগান বলাৰসকলৰ পৰাক্ৰমত ব্যৰ্থ হয় জনী ব’ৰিষ্ট’, জ’ ৰুট, জ’ছ বাটলাৰ, লিয়াম লিভিংষ্ট’নৰ দৰে ইংলেণ্ডৰ বাঘা বাঘা তাৰকাসকল। মিডল অৰ্ডাৰত হেৰী ব্ৰুকে ৬৬ ৰাণ কৰি কিছু আশা দেখুৱাইছিল আফগান অফ স্পিনাৰ মুজিব উৰ ৰহমানৰ এটা দূৰ্দান্ত অফ ব্ৰেক বলত পেভিলিয়নমুখী হয়। তাৰপাছৰে পৰা পৰাজয় নিশ্চিত হৈ পৰে ইংলেণ্ডৰ। শেহৰফালে আদিল ৰছিদে ১৩টা বলত মাৰমুখী ২০ ৰাণ সংগ্ৰহ কৰে। অন্যথা ২০০ও পাৰ হ’ব নোৱাৰিলেহেঁতেন বিশ্ব চেম্পিয়ন দলটোৱে। আফগান বলাৰসকলে দূৰ্দান্ত ৰূপ ধাৰণ কৰে। মুজিব উৰ ৰহমান আৰু ৰছিদ খানে ৩টা, মহম্মদ নবীয়ে ২টাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে আফগানিস্তানে শেহতীয়া কিছু বছৰত সুন্দৰ খেলা প্ৰদৰ্শন কৰিছে যদিও বিশ্ব চেম্পিয়ন ইংলেণ্ডৰ হাতত বিজয়সাব্যস্ত কৰিব বুলি ক্ৰিকেটপ্ৰেমীসকলে ভবা নাছিল। ক্ৰিকেট বিশ্বৰ তুলনামূলকভাৱে নতুন দল এটাই জ’ ৰুট-বাটলাৰৰ দৰে তাৰকাখচিত দল এটাক পৰাস্ত কৰাটো ঐতিহাসিক হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ