--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অঘটন সংঘটিত হ’ল বিশ্বকাপত। আফগানিস্তানৰ হাতত পৰাস্ত হৈছে হট ফেভাৰিট তথা ২০১৯ চনৰ বিশ্বকাপবিজয়ী ইংলেণ্ড। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ৬৯ ৰানত পৰাস্ত হৈছে ইংলিছ দলটো।

টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে। সুন্দৰ আৰম্ভণি ঘটায় আফগান বাহিনীয়ে। অপেনাৰদ্বয় ৰাহমানুল্লাহ গুৰবাজ (৮০) আৰু ইব্ৰাহিম জাড্ৰানে (২৮) প্ৰথম উইকেটৰ যুটীত সংগ্ৰহ কৰে ১১৪ ৰাণ। মিডল অৰ্ডাৰত বেটিং বিপ্ৰযয় সংঘটিত হ’লেও উইকেটকীপাৰ ইক্ৰাম আলিখিলে ৫৮ ৰাণ সংগ্ৰহ কৰে। শেষৰফালে ৰছিদ খান (২৩) আৰু মুজিব উৰ ৰহমান (২৮)ৰ মাৰমুখী বেটিঙৰ সহায়ত আফগানিস্তানে আটাইকেওটা হেৰুৱাই ২৮৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ আদিল ৰছিদে ৩টা আৰু মাৰ্ক উডে দুটা উইকেট সংগ্ৰহ কৰে।

২৮৫ ৰাণৰ লক্ষ্য আগত লৈ ইংলেণ্ডে প্ৰথমৰে পৰা উজুটি খাব ধৰে। অপেনাৰ ডেভিড মালানে (৩৪) কিছু স্থিৰতা দেখুৱাবলৈ সক্ষম হয় যদিও আফগান বলাৰসকলৰ পৰাক্ৰমত ব্যৰ্থ হয় জনী ব’ৰিষ্ট’, জ’ ৰুট, জ’ছ বাটলাৰ, লিয়াম লিভিংষ্ট’নৰ দৰে ইংলেণ্ডৰ বাঘা বাঘা তাৰকাসকল। মিডল অৰ্ডাৰত হেৰী ব্ৰুকে ৬৬ ৰাণ কৰি কিছু আশা দেখুৱাইছিল আফগান অফ স্পিনাৰ মুজিব উৰ ৰহমানৰ এটা দূৰ্দান্ত অফ ব্ৰেক বলত পেভিলিয়নমুখী হয়। তাৰপাছৰে পৰা পৰাজয় নিশ্চিত হৈ পৰে ইংলেণ্ডৰ। শেহৰফালে আদিল ৰছিদে ১৩টা বলত মাৰমুখী ২০ ৰাণ সংগ্ৰহ কৰে। অন্যথা ২০০ও পাৰ হ’ব নোৱাৰিলেহেঁতেন বিশ্ব চেম্পিয়ন দলটোৱে। আফগান বলাৰসকলে দূৰ্দান্ত ৰূপ ধাৰণ কৰে। মুজিব উৰ ৰহমান আৰু ৰছিদ খানে ৩টা, মহম্মদ নবীয়ে ২টাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে আফগানিস্তানে শেহতীয়া কিছু বছৰত সুন্দৰ খেলা প্ৰদৰ্শন কৰিছে যদিও বিশ্ব চেম্পিয়ন ইংলেণ্ডৰ হাতত বিজয়সাব্যস্ত কৰিব বুলি ক্ৰিকেটপ্ৰেমীসকলে ভবা নাছিল। ক্ৰিকেট বিশ্বৰ তুলনামূলকভাৱে নতুন দল এটাই জ’ ৰুট-বাটলাৰৰ দৰে তাৰকাখচিত দল এটাক পৰাস্ত কৰাটো ঐতিহাসিক হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক