--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰহস্যবাদী গুৰু ৰামকৃষ্ণৰ প্ৰধান শিষ্য স্বামী বিবেকানন্দ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আধ্যাত্মিক নেতা হৈয়েই আছে। ১৮৬৩ চনৰ ১২ জানুৱাৰীত কলিকতাত জন্মগ্ৰহণ কৰা স্বামী বিবেকানন্দ শৈশৱৰ পৰাই ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি অপৰিসীম আগ্ৰহ আছিল। তেওঁ সৰুৰে পৰা চিন্তাশীল ব্যক্তি আছিল আৰু তেওঁৰ চিন্তা- চেতনাৰ অন্যতম অনুপ্ৰেৰণা আছিল তেওঁৰ পিতাকৰ যুক্তিবাদী মন আৰু মাকৰ ধৰ্মীয় চেতনা। তেওঁৰ দেউতাক আছিল যুক্তিবাদী ধৰ্ম্মনিষ্ঠ আৰু মাতৃ আছিল আধ্যাত্মপিপাসা । ঈশ্বৰ ভক্তিৰ প্ৰতি থকা তৎপৰতা তেওঁৰ বাল্যকালৰ পৰাই পৰিলক্ষিত হৈছিল।  সেয়েহে খেলা- ধূলা কৰা বয়সত তেওঁ উলাই আহিছিল ঈশ্বৰ প্ৰাপ্তিৰ পথ বিচাৰি । সেই উদ্দেশ্য আগত ৰাখি  তেওঁ ৰামকৃষ্ণ পৰমহংসৰ সান্নিধ্যলৈ আহে আৰু পাছলৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে।

‘বেদান্ত’ আৰু ‘যোগ’ৰ আদৰ্শক পশ্চিমীয়া বিশ্বৰ আগত প্ৰৱৰ্তন কৰা এজন দাৰ্শনিক আছিল। দৰ্শনত সুপৰিচিত। সাহিত্য আৰু ইতিহাসৰ ক্ষেত্ৰত তেওঁ ১৯ শতিকাৰ শেষৰ ফালে হিন্দু ধৰ্মৰ অন্যতম তথা প্ৰধান বিশ্ব ধৰ্ম হিচাপে সুনাম সুদৃঢ় কৰি তুলিছিল। আধ্যাত্মিকতা আৰু দেশপ্ৰেম সম্পৰ্কীয় অন্তৰ্দৃষ্টিসম্পন্ন ভাষণেৰে বিবেকানন্দই জাতিৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিছে। পৰৱৰ্তী সময়ত ভাৰতৰ বহু চিন্তাবিদ, নেতাই তেওঁৰ পথ অনুসৰণ কৰি বিশুদ্ধ জীৱন যাপন কৰিছে। তেওঁৰ জন্মদিনটো সমগ্ৰ ভাৰততে প্ৰতি বছৰে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।

বিবেকানন্দৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য পৰিঘটনাটো আছিল ১৮৯৩ চনত চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সংসদত তেওঁ দিয়া ধৰ্মীয় সহনশীলতাৰ ওপৰত দিয়া যুগান্তকাৰী ভাষণ। ভাষণত তেওঁ ধৰ্মান্ধতা বন্ধ কৰিবলৈ আহ্বান জনায়। ৰামকৃষ্ণক লগ পোৱাৰ পিছত তেওঁ ‘বিবেকানন্দ’ নাম লয় যাৰ অৰ্থ হৈছে বিবেচনাশীল প্ৰজ্ঞাৰ আনন্দ। আধ্যাত্মিক গুৰুৰ প্ৰতি থকা ভক্তিৰ চিন স্বৰূপে তেওঁ গংগা নদীৰ পাৰত বেলুৰ মঠত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে। ১৯০২ চনৰ ৪ জুলাইত ৩৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 

আজি তেওঁৰ মৃত্যু বাৰ্ষিকী আৰু সমগ্ৰ ৰাষ্ট্ৰই আজি মহান আধ্যাত্মিক নেতা স্বামী বিবেকানন্দৰ প্ৰতি মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও  টুইট যোগে মহান নেতাগৰাকীৰ প্ৰতি মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। 

আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত তেওঁৰেই কিছু প্ৰেৰণাদায়ক উক্তি চাওঁ আহক 

 ১)"সকলোতকৈ ডাঙৰ ধর্ম হ'ল নিজৰ স্বভাবৰ প্রতি নির্ভূল হোৱা নিজৰ ওপৰত বিশ্বাস কৰা।"
 
 ২) "এটা সময়ত এটা কাম হে কৰিবা আৰু সেই সময়ত সেই কামটিত নিজৰ মন প্রাণ সপি দিবা আৰু বাকি সকলো পাহৰি যাবা।"
 
 ৩) "ব্রহ্মাণ্ডৰ সকলো শক্তিয়েই আমাৰ তাত নিহিত হৈ থাকে সেই সকল আমিয়েই যিয়ে নিজৰ চকু জুৰি ঢাকি ধৰো আৰু কান্দিব ধৰো যে কিমান অন্ধকাৰ।"
 
 ৪)"সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্য হৈছে যি পুৰুষ বা মহিলাই বিনিময়ত একো নিবিচাৰে।"
 
 ৫)"দুর্বলতাক কেতিয়াওঁ ঠাই নিদিবা আৰু ইয়াক বাঢ়িবলৈ নিদিবা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু