--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰহস্যবাদী গুৰু ৰামকৃষ্ণৰ প্ৰধান শিষ্য স্বামী বিবেকানন্দ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আধ্যাত্মিক নেতা হৈয়েই আছে। ১৮৬৩ চনৰ ১২ জানুৱাৰীত কলিকতাত জন্মগ্ৰহণ কৰা স্বামী বিবেকানন্দ শৈশৱৰ পৰাই ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি অপৰিসীম আগ্ৰহ আছিল। তেওঁ সৰুৰে পৰা চিন্তাশীল ব্যক্তি আছিল আৰু তেওঁৰ চিন্তা- চেতনাৰ অন্যতম অনুপ্ৰেৰণা আছিল তেওঁৰ পিতাকৰ যুক্তিবাদী মন আৰু মাকৰ ধৰ্মীয় চেতনা। তেওঁৰ দেউতাক আছিল যুক্তিবাদী ধৰ্ম্মনিষ্ঠ আৰু মাতৃ আছিল আধ্যাত্মপিপাসা । ঈশ্বৰ ভক্তিৰ প্ৰতি থকা তৎপৰতা তেওঁৰ বাল্যকালৰ পৰাই পৰিলক্ষিত হৈছিল।  সেয়েহে খেলা- ধূলা কৰা বয়সত তেওঁ উলাই আহিছিল ঈশ্বৰ প্ৰাপ্তিৰ পথ বিচাৰি । সেই উদ্দেশ্য আগত ৰাখি  তেওঁ ৰামকৃষ্ণ পৰমহংসৰ সান্নিধ্যলৈ আহে আৰু পাছলৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে।

‘বেদান্ত’ আৰু ‘যোগ’ৰ আদৰ্শক পশ্চিমীয়া বিশ্বৰ আগত প্ৰৱৰ্তন কৰা এজন দাৰ্শনিক আছিল। দৰ্শনত সুপৰিচিত। সাহিত্য আৰু ইতিহাসৰ ক্ষেত্ৰত তেওঁ ১৯ শতিকাৰ শেষৰ ফালে হিন্দু ধৰ্মৰ অন্যতম তথা প্ৰধান বিশ্ব ধৰ্ম হিচাপে সুনাম সুদৃঢ় কৰি তুলিছিল। আধ্যাত্মিকতা আৰু দেশপ্ৰেম সম্পৰ্কীয় অন্তৰ্দৃষ্টিসম্পন্ন ভাষণেৰে বিবেকানন্দই জাতিৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিছে। পৰৱৰ্তী সময়ত ভাৰতৰ বহু চিন্তাবিদ, নেতাই তেওঁৰ পথ অনুসৰণ কৰি বিশুদ্ধ জীৱন যাপন কৰিছে। তেওঁৰ জন্মদিনটো সমগ্ৰ ভাৰততে প্ৰতি বছৰে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।

বিবেকানন্দৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য পৰিঘটনাটো আছিল ১৮৯৩ চনত চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সংসদত তেওঁ দিয়া ধৰ্মীয় সহনশীলতাৰ ওপৰত দিয়া যুগান্তকাৰী ভাষণ। ভাষণত তেওঁ ধৰ্মান্ধতা বন্ধ কৰিবলৈ আহ্বান জনায়। ৰামকৃষ্ণক লগ পোৱাৰ পিছত তেওঁ ‘বিবেকানন্দ’ নাম লয় যাৰ অৰ্থ হৈছে বিবেচনাশীল প্ৰজ্ঞাৰ আনন্দ। আধ্যাত্মিক গুৰুৰ প্ৰতি থকা ভক্তিৰ চিন স্বৰূপে তেওঁ গংগা নদীৰ পাৰত বেলুৰ মঠত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে। ১৯০২ চনৰ ৪ জুলাইত ৩৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 

আজি তেওঁৰ মৃত্যু বাৰ্ষিকী আৰু সমগ্ৰ ৰাষ্ট্ৰই আজি মহান আধ্যাত্মিক নেতা স্বামী বিবেকানন্দৰ প্ৰতি মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও  টুইট যোগে মহান নেতাগৰাকীৰ প্ৰতি মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। 

আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত তেওঁৰেই কিছু প্ৰেৰণাদায়ক উক্তি চাওঁ আহক 

 ১)"সকলোতকৈ ডাঙৰ ধর্ম হ'ল নিজৰ স্বভাবৰ প্রতি নির্ভূল হোৱা নিজৰ ওপৰত বিশ্বাস কৰা।"
 
 ২) "এটা সময়ত এটা কাম হে কৰিবা আৰু সেই সময়ত সেই কামটিত নিজৰ মন প্রাণ সপি দিবা আৰু বাকি সকলো পাহৰি যাবা।"
 
 ৩) "ব্রহ্মাণ্ডৰ সকলো শক্তিয়েই আমাৰ তাত নিহিত হৈ থাকে সেই সকল আমিয়েই যিয়ে নিজৰ চকু জুৰি ঢাকি ধৰো আৰু কান্দিব ধৰো যে কিমান অন্ধকাৰ।"
 
 ৪)"সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্য হৈছে যি পুৰুষ বা মহিলাই বিনিময়ত একো নিবিচাৰে।"
 
 ৫)"দুর্বলতাক কেতিয়াওঁ ঠাই নিদিবা আৰু ইয়াক বাঢ়িবলৈ নিদিবা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ