--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : ভাৰত আৰু নেপালৰ মাজত শক্তিশালী তথা দীৰ্ঘদিনীয়া সম্পৰ্ক গঢ়ি তুলাৰ উদ্দেশ্যে আৰু হিমালয় জাতিক স্বাস্থ্য আৰু শিক্ষা খণ্ডত নিজৰ আন্তঃগাঁথনি শক্তিশালী  কৰাত সহায় আগবঢ়াবৰ  বাবে ভাৰতে যোৱা দেওবাৰে নেপালক ৭৫খন এম্বুলেন্স আৰু ১৭খন স্কুল বাছ উপহাৰ দিয়ে ।

নেপালৰ শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দেৱেন্দ্ৰ পৌডেলৰ উপস্থিতিত ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত নবিন শ্ৰীবাস্তৱে বাহনসমূহৰ চাবি অৰ্পণ কৰে। ৭৫খন এম্বুলেঞ্চ উপহাৰ দিয়াটোৱে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাকে সূচাইছে বুলি ভাৰতীয় ৰাষ্ট্ৰদূত গৰাকীয়ে  প্ৰকাশ কৰিছে। শ্ৰীবাস্তৱে কয়  এম্বুলেন্স আৰু স্কুল বাছ উপহাৰ দিয়াটো দুয়োখন দেশৰে দীৰ্ঘদিনীয়া আৰু শক্তিশালী উন্নয়নৰ এক অংশ। নেপাল চৰকাৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৰে , উন্নয়নয়ৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া পৰম্পৰাসমূহৰ ভিতৰত এই পদক্ষেপো অন্যতম।

নেপালত ভাৰতে চলাই থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শলাগ লৈ পৌডেলে কয়  এই পদক্ষেপসমূহে জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰি তুলিব। আনহাতে নেপালৰ বিভিন্ন জিলাত স্বাস্থ্যসেৱা আৰু শিক্ষা খণ্ডত কৰ্মৰত বিভিন্ন চৰকাৰী বিভাগ আৰু বেচৰকাৰী সংস্থাক ৭৫খন এম্বুলেন্স আৰু ১৭খন স্কুল বাছ অৰ্পণ কৰা হ’ব বুলি ভাৰতীয় মিছনে প্ৰকাশ কৰিছে।

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তো কাঠমাণ্ডুত সহায় কৰাৰ বাবে ভাৰতে ২০২১ চনত নেপালক ৩৯খন ভেণ্টিলেটৰে সজ্জিত এম্বুলেন্স উপহাৰ দিছিল। একেদৰে ২০২০ চনত মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাৰতে নেপাললৈ ৪১ খন এম্বুলেন্স আৰু ৬ খন স্কুল বাছ উপহাৰ দিছিল। অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত  ভাৰতে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।আনহাতে যুগ যুগ ধৰি চলি অহা দুয়োখন দেশৰ নেতাসকলৰ মাজত থকা শক্তিশালী সম্পৰ্কৰ কথাও প্ৰায়ে লক্ষ্য কৰি আহিছে। ভূ-পৰিৱৰ্তিত দেশখনে সামগ্ৰী আৰু সেৱা পৰিবহণৰ ক্ষেত্ৰত  আগৰে পৰা ভাৰতৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু