--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : ভাৰত আৰু নেপালৰ মাজত শক্তিশালী তথা দীৰ্ঘদিনীয়া সম্পৰ্ক গঢ়ি তুলাৰ উদ্দেশ্যে আৰু হিমালয় জাতিক স্বাস্থ্য আৰু শিক্ষা খণ্ডত নিজৰ আন্তঃগাঁথনি শক্তিশালী  কৰাত সহায় আগবঢ়াবৰ  বাবে ভাৰতে যোৱা দেওবাৰে নেপালক ৭৫খন এম্বুলেন্স আৰু ১৭খন স্কুল বাছ উপহাৰ দিয়ে ।

নেপালৰ শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দেৱেন্দ্ৰ পৌডেলৰ উপস্থিতিত ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত নবিন শ্ৰীবাস্তৱে বাহনসমূহৰ চাবি অৰ্পণ কৰে। ৭৫খন এম্বুলেঞ্চ উপহাৰ দিয়াটোৱে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাকে সূচাইছে বুলি ভাৰতীয় ৰাষ্ট্ৰদূত গৰাকীয়ে  প্ৰকাশ কৰিছে। শ্ৰীবাস্তৱে কয়  এম্বুলেন্স আৰু স্কুল বাছ উপহাৰ দিয়াটো দুয়োখন দেশৰে দীৰ্ঘদিনীয়া আৰু শক্তিশালী উন্নয়নৰ এক অংশ। নেপাল চৰকাৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৰে , উন্নয়নয়ৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া পৰম্পৰাসমূহৰ ভিতৰত এই পদক্ষেপো অন্যতম।

নেপালত ভাৰতে চলাই থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শলাগ লৈ পৌডেলে কয়  এই পদক্ষেপসমূহে জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰি তুলিব। আনহাতে নেপালৰ বিভিন্ন জিলাত স্বাস্থ্যসেৱা আৰু শিক্ষা খণ্ডত কৰ্মৰত বিভিন্ন চৰকাৰী বিভাগ আৰু বেচৰকাৰী সংস্থাক ৭৫খন এম্বুলেন্স আৰু ১৭খন স্কুল বাছ অৰ্পণ কৰা হ’ব বুলি ভাৰতীয় মিছনে প্ৰকাশ কৰিছে।

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তো কাঠমাণ্ডুত সহায় কৰাৰ বাবে ভাৰতে ২০২১ চনত নেপালক ৩৯খন ভেণ্টিলেটৰে সজ্জিত এম্বুলেন্স উপহাৰ দিছিল। একেদৰে ২০২০ চনত মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাৰতে নেপাললৈ ৪১ খন এম্বুলেন্স আৰু ৬ খন স্কুল বাছ উপহাৰ দিছিল। অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত  ভাৰতে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।আনহাতে যুগ যুগ ধৰি চলি অহা দুয়োখন দেশৰ নেতাসকলৰ মাজত থকা শক্তিশালী সম্পৰ্কৰ কথাও প্ৰায়ে লক্ষ্য কৰি আহিছে। ভূ-পৰিৱৰ্তিত দেশখনে সামগ্ৰী আৰু সেৱা পৰিবহণৰ ক্ষেত্ৰত  আগৰে পৰা ভাৰতৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ