--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাওঁতে চাওঁতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১১ বছৰ অতিবাহিত কৰিলে বিৰাট কোহলীয়ে। সোমবাৰে আছিল বিৰাট কোহলীৰ টেষ্ট ক্ৰিকেটৰ একাদশ বৰ্ষপূৰ্তি। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়েও টুইটাৰযোগে এক আৱেগিক বাৰ্তা প্ৰদান কৰিছিল। কোহলীয়ে লিখিছে, ‘সময় বৈ যায়।’ 

মন কৰিবলগীয়া যে,  বিগত তিনিটা বছৰত তিনিটা সংখ্যাৰ ৰান পোৱা নাই ৰান মেছিন কোহলীয়ে তথাপি, কেৰিয়াৰৰ এই বিশেষ দিনটোত নিজকে বেটিং সাধনাত টঙাই ৰাখিলে কোহলীয়ে।

আগন্তুক ২৪ জুনত ইংলেণ্ডৰ বিৰুদ্ধে এখন অনুশীলন মেচ খেলিব ভাৰতে। ৰোহিত শৰ্মা-বিৰাট কোহলী দেওবাৰে লেষ্টাৰত ভৰি দিয়াৰ পাছতে একেলগে আৰম্ভ হ’ল অনুশীলন।

জানিবলৈ পোৱা মতে, এবাৰ নহয়, দুবাৰকৈ নেটত সোমাই বেটত শান দিলে কোহলীয়ে!  দীৰ্ঘ সময় নেটত বেটিং কৰাৰ পিছত পোনে পোনে কোচিং প্ৰেকটিছত নামে কোহলী। ২০১৯ চনত বাংলাদেশৰ বিৰুদ্ধে শেষৰখন টেষ্টত তেওঁ শতক অৰ্জন কৰিছিল। আনকি আইপিএলৰ পঞ্চদশ সংস্কৰণতো চিনাকি ছন্দত দেখা পোৱা নগ’ল ভাৰতীয় বেটছমেনগৰাকীক। মুঠতে দীৰ্ঘসময় ধৰি তেওঁৰ বেটৰ পৰা অহা নাই প্ৰত্যাশিত ৰান। ১ জুলাইৰ পৰা আৰম্ভ হ’ব ইংলেণ্ডৰ বিৰুদ্ধে একমাত্ৰ টেষ্ট। এই টেষ্ট মেচখনৰ বিশেষ তাৎপৰ্য্য আছে ভাৰতীয় দলটোৰ বাবে। এইখন টেষ্টত জয়লাভ কৰিলে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয় কৰি ইতিহাস ৰচনা কৰিব ভাৰতে। বিগত বৰ্ষত ইংলেণ্ড ভ্ৰমণত ২-১ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰা ভাৰতে আধাতে টেষ্ট শৃংখলাখন সমাপ্ত কৰি উভতিছিল। কৰ’নাৰ বাবে অন্তিম টেষ্ট হোৱা নাছিল। আধাতে এৰা শৃংখলাক এইবাৰ পূৰ্ণ ৰূপ দিবলৈ ওলাইছে দুয়োটা দলে। ক্ৰীড়ানুৰাগীৰ মাজত খেলখনক লৈ দেখিবলৈ পোৱা গৈছে অন্তহীন উছাহ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু