--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাওঁতে চাওঁতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১১ বছৰ অতিবাহিত কৰিলে বিৰাট কোহলীয়ে। সোমবাৰে আছিল বিৰাট কোহলীৰ টেষ্ট ক্ৰিকেটৰ একাদশ বৰ্ষপূৰ্তি। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়েও টুইটাৰযোগে এক আৱেগিক বাৰ্তা প্ৰদান কৰিছিল। কোহলীয়ে লিখিছে, ‘সময় বৈ যায়।’ 

মন কৰিবলগীয়া যে,  বিগত তিনিটা বছৰত তিনিটা সংখ্যাৰ ৰান পোৱা নাই ৰান মেছিন কোহলীয়ে তথাপি, কেৰিয়াৰৰ এই বিশেষ দিনটোত নিজকে বেটিং সাধনাত টঙাই ৰাখিলে কোহলীয়ে।

আগন্তুক ২৪ জুনত ইংলেণ্ডৰ বিৰুদ্ধে এখন অনুশীলন মেচ খেলিব ভাৰতে। ৰোহিত শৰ্মা-বিৰাট কোহলী দেওবাৰে লেষ্টাৰত ভৰি দিয়াৰ পাছতে একেলগে আৰম্ভ হ’ল অনুশীলন।

জানিবলৈ পোৱা মতে, এবাৰ নহয়, দুবাৰকৈ নেটত সোমাই বেটত শান দিলে কোহলীয়ে!  দীৰ্ঘ সময় নেটত বেটিং কৰাৰ পিছত পোনে পোনে কোচিং প্ৰেকটিছত নামে কোহলী। ২০১৯ চনত বাংলাদেশৰ বিৰুদ্ধে শেষৰখন টেষ্টত তেওঁ শতক অৰ্জন কৰিছিল। আনকি আইপিএলৰ পঞ্চদশ সংস্কৰণতো চিনাকি ছন্দত দেখা পোৱা নগ’ল ভাৰতীয় বেটছমেনগৰাকীক। মুঠতে দীৰ্ঘসময় ধৰি তেওঁৰ বেটৰ পৰা অহা নাই প্ৰত্যাশিত ৰান। ১ জুলাইৰ পৰা আৰম্ভ হ’ব ইংলেণ্ডৰ বিৰুদ্ধে একমাত্ৰ টেষ্ট। এই টেষ্ট মেচখনৰ বিশেষ তাৎপৰ্য্য আছে ভাৰতীয় দলটোৰ বাবে। এইখন টেষ্টত জয়লাভ কৰিলে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয় কৰি ইতিহাস ৰচনা কৰিব ভাৰতে। বিগত বৰ্ষত ইংলেণ্ড ভ্ৰমণত ২-১ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰা ভাৰতে আধাতে টেষ্ট শৃংখলাখন সমাপ্ত কৰি উভতিছিল। কৰ’নাৰ বাবে অন্তিম টেষ্ট হোৱা নাছিল। আধাতে এৰা শৃংখলাক এইবাৰ পূৰ্ণ ৰূপ দিবলৈ ওলাইছে দুয়োটা দলে। ক্ৰীড়ানুৰাগীৰ মাজত খেলখনক লৈ দেখিবলৈ পোৱা গৈছে অন্তহীন উছাহ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ