--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেন ষ্ট’কছৰ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্বে দুঃচিন্তাত পৰিছে টীম ইণ্ডিয়া। কাৰণ, কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে বিলেটলৈ যাব নোৱাৰিলে তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। বিচিচিআইৰ সূত্ৰৰ জৰিয়তে এই কথা প্ৰকাশ পাইছে। নিয়ম অনুসৰি এই মুহূৰ্তত আছুতীয়াকৈ ৰখা হৈছে এইগৰাকী অভিজ্ঞ অফ স্পিনাৰক।

উল্লেখ্য যে, বিগত ১৬ জুনত ভাৰতীয় দলটোৱে ইংলেণ্ডলৈ উৰা মাৰিছিল। প্ৰথমতে বিৰাট কোহলী, মহম্মদ ছিৰাজ, মহম্মদ ছামীয়ে বিলেটত ভৰি ৰাখে। ইয়াৰ কিছুদিন পিছতে ইংলেণ্ডত ভৰি থয় ৰোহিত শৰ্মাই। কৰ’নাৰ আক্ৰমণৰ বাবে দ্বিতীয় ৰাউণ্ডৰ দলৰ সৈতে যাব নোৱাৰিলে অশ্বিনে। ১ জুলাইৰ পৰা আৰম্ভ হ’ব শৃংখলাৰ পঞ্চম টেষ্ট। এই সময়ছোৱাত তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰিছে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে।

ব’ৰ্ডৰ এগৰাকী বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে কয় যে, ‘অশ্বিনে ভাৰতীয় দলটোৰ সৈতে ইংলেণ্ডলৈ যাব নোৱাৰিলে। কৰ'নাত আক্ৰান্ত হৈছে তেওঁ। ১ জুলাইৰ পৰা আৰম্ভ হ'ব ভাৰত-ইংলেণ্ড টেষ্ট। আশাকৰোঁ তাৰ আগতেই অশ্বিন সুস্থ হৈ উঠিব।’
 
ইফালে, প্ৰশিক্ষক বিক্ৰম ৰাথোৰ আৰু বলিং প্ৰশিক্ষক পাৰশ মাম্বাৰৰ তত্বাৱধানত ৰোহিতৰ নেতৃত্বত ভাৰতীয় দলটোৱে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে খেলৰ টেষ্টত বেক আপ অ’পেনাৰ হিচাপে নিৰ্বাচিত হৈছে মায়ংক আগৰৱাল। আঘাতৰ বাবে ইংলেণ্ড ভ্ৰমণত অংশ ল’ব নোৱাৰিলে কে এল ৰাহুলে। তেওঁৰ সলনি মায়ংকক নিৰ্বাচিত কৰা হৈছে। বিচিচিআইৰ মতে, ষ্টেণ্ডবাইত থাকিব মায়ংক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু