--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেন ষ্ট’কছৰ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্বে দুঃচিন্তাত পৰিছে টীম ইণ্ডিয়া। কাৰণ, কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে বিলেটলৈ যাব নোৱাৰিলে তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। বিচিচিআইৰ সূত্ৰৰ জৰিয়তে এই কথা প্ৰকাশ পাইছে। নিয়ম অনুসৰি এই মুহূৰ্তত আছুতীয়াকৈ ৰখা হৈছে এইগৰাকী অভিজ্ঞ অফ স্পিনাৰক।

উল্লেখ্য যে, বিগত ১৬ জুনত ভাৰতীয় দলটোৱে ইংলেণ্ডলৈ উৰা মাৰিছিল। প্ৰথমতে বিৰাট কোহলী, মহম্মদ ছিৰাজ, মহম্মদ ছামীয়ে বিলেটত ভৰি ৰাখে। ইয়াৰ কিছুদিন পিছতে ইংলেণ্ডত ভৰি থয় ৰোহিত শৰ্মাই। কৰ’নাৰ আক্ৰমণৰ বাবে দ্বিতীয় ৰাউণ্ডৰ দলৰ সৈতে যাব নোৱাৰিলে অশ্বিনে। ১ জুলাইৰ পৰা আৰম্ভ হ’ব শৃংখলাৰ পঞ্চম টেষ্ট। এই সময়ছোৱাত তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰিছে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে।

ব’ৰ্ডৰ এগৰাকী বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে কয় যে, ‘অশ্বিনে ভাৰতীয় দলটোৰ সৈতে ইংলেণ্ডলৈ যাব নোৱাৰিলে। কৰ'নাত আক্ৰান্ত হৈছে তেওঁ। ১ জুলাইৰ পৰা আৰম্ভ হ'ব ভাৰত-ইংলেণ্ড টেষ্ট। আশাকৰোঁ তাৰ আগতেই অশ্বিন সুস্থ হৈ উঠিব।’
 
ইফালে, প্ৰশিক্ষক বিক্ৰম ৰাথোৰ আৰু বলিং প্ৰশিক্ষক পাৰশ মাম্বাৰৰ তত্বাৱধানত ৰোহিতৰ নেতৃত্বত ভাৰতীয় দলটোৱে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে খেলৰ টেষ্টত বেক আপ অ’পেনাৰ হিচাপে নিৰ্বাচিত হৈছে মায়ংক আগৰৱাল। আঘাতৰ বাবে ইংলেণ্ড ভ্ৰমণত অংশ ল’ব নোৱাৰিলে কে এল ৰাহুলে। তেওঁৰ সলনি মায়ংকক নিৰ্বাচিত কৰা হৈছে। বিচিচিআইৰ মতে, ষ্টেণ্ডবাইত থাকিব মায়ংক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ