--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ মাটিত ভাৰত-দক্ষিণ আফ্ৰিকাই ২-২ৰে সমতা স্থাপন কৰিছে। বৰষুণৰ বাবে ফলাফল নোলাল পঞ্চম টেষ্টৰ। পিছে, সদ্যসমাপ্ত শৃংখলাত পণ্টৰ বেটিং শৈলী যেন মূৰৰ বিষত পৰিণত হৈছে দলীয় কৰ্তৃপক্ষৰ বাবে। দেশৰ যুৱ উইকেটৰক্ষক-বেটছমেনগৰাকীয়ে অফ ষ্টাম্পৰ বাহিৰৰ বলত শ্বট মাৰিবলৈ গৈ বাৰে বাৰে আউট হৈছে। প্ৰত্যাশানুসৰি ক্ৰীজত তিষ্টি থাকিব পৰা নাই তৰুণ ক্ৰিকেটাৰগৰাকীয়ে। ৰেড এণ্ড হোৱাইট বলৰ ক্ৰিকেট খেলিবলৈ এতিয়া ইংলেণ্ডলৈ উৰা মাৰিব ঋষভ পণ্টে। টি-২০ বিশ্বকাপত দীনেশ কাৰ্তিক ভাৰতীয় দলৰ অংশ হ’ব নে নহয় তাকে লৈ চৰ্চা চলি আছে। এই সকলোবোৰৰ মাজতে ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ঋষভ পণ্টৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
 
বাংগালুৰুত অনুষ্ঠিত পঞ্চমখন টি-২০ খেলৰ পিছতে পণ্টৰ বিষয়ে দ্ৰাবিড়ে কয়, ‘ব্যক্তিগতভাৱে পণ্টে কিছু ৰান কৰিব বিচাৰিছিল। কিন্তু তেওঁ এই বিষয়ে চিন্তা কৰা নাই। স্বাভাৱিকতে অহা কেইমাহমানৰ বাবে পণ্ট আমাৰ পৰিকল্পনাৰ এটা ডাঙৰ অংশ। মই তেওঁৰ প্ৰদৰ্শনক লৈ সমালোচনা কৰিব বিচৰা নাই। মাজৰ অ’ভাৰত অলপ আক্ৰমণাত্মক ব্ৰেণ্ডৰ ক্ৰিকেটৰ প্ৰয়োজন হয়, খেলখন আগুৱাই নিয়াৰ উদ্দেশ্যে।  দুখন বা তিনিখন মেচৰ ভিত্তিত কাৰোবাক বিচাৰ কৰাটো কঠিন।’

দ্ৰাবিড়ে পণ্টৰ কাষত থিয় দি আইপিএলৰ প্ৰদৰ্শনৰ কথা সোঁৱৰাই দিছে। সদ্য সমাপ্ত আইপিএলত পন্থৰ ষ্ট্ৰাইক ৰেট আছিল ১৫৮ৰ ওপৰত। দিল্লী কেপিটেলছৰ হৈ তেওঁ ৩৪০ ৰান সংগ্ৰহ কৰিছিল। দ্ৰাবিড়ে লগতে কয়, ‘মই ভাবো ষ্ট্ৰাইক-ৰেটৰ ক্ষেত্ৰত পণ্টৰ আইপিএল ছিজন যথেষ্ট ভালদৰে অতিবাহিত হৈছে। তিনি বছৰৰ আগৰ আইপিএলৰ তুলনাত তেওঁৰ ৰান ৰেট বৃদ্ধি পাইছে। আশাকৰোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ প্ৰতিফলন ঘটিব। বেটিং লাইন আপৰ এক অবিচ্ছেদ্য অংশ ঋষভ পণ্ট। বাওঁহতীয়া খেলুৱৈ হিচাপে মিডিল অৰ্ডাৰত তেওঁৰ পাৱাৰ ক্ৰিকেটৰ প্ৰয়োজন। তেওঁৰ বেছ কিছুমান ভাল শ্বট আছে।’ স্বাভাৱিকতে, এনে নানা জল্পনা-কল্পনাৰ মাজত ইংলেণ্ডত কিদৰে নিজকে তুলি ধৰে সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ