--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিৰাট কোহলী নহয়, জো ৰুটেই সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। এই কথা ব্যক্ত কৰিছে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে। স্মৰ্তব্য যে, জোছেফ এডৱাৰ্ড ৰুটে লৰ্ডছত শতক অৰ্জন কৰি ইংলেণ্ডক জয়ৰ দিশত আগুৱাই লৈ যায়। ইয়াৰ পিছতে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সৌৰভ গাংগুলী। ৰুটৰ খেলে মুগ্ধ কৰা বুলিও টুইট কৰিছে সৌৰভে।

 

ইংলেণ্ডৰ জয়ৰ কিছু সময়ৰ পাছতে সৌৰভে টুইট কৰে। তেওঁ লিখিছে, ‘জো ৰুট এজন অসাধাৰণ ক্ৰিকেটাৰ। চাপত থকাৰ পাছতো অসাধাৰণ ইনিংছ খেলিছে। সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত অন্যতম তেওঁ।’

বৰ্তমান ক্ৰিকেটত শীৰ্ষ চাৰিজন বেটছমেনৰ ভিতৰত বিৰাট কোহলী আৰু জো ৰুটৰ প্ৰসংগই সৰ্বাধিক চৰ্চিত। কেইবছৰমান আগলৈকে সকলোতকৈ আগত আছিল কোহলী। কিন্তু ২০১৯ চনৰ নৱেম্বৰৰ পৰা  সলনি হৈছে মানচিত্ৰ। কোহলীৰ ফৰ্মৰ দ্ৰুত অৱনতি ঘটিছে। এই সময়ছোৱাতে ক্ষিপ্ৰতাৰে আগুৱাইছে  জো ৰুটে।

 

২০১৯ চনৰ ২২ নৱেম্বৰত কলকাতাত বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন টেষ্টত কোহলীয়ে শতক অৰ্জন কৰিছিল। তাৰ পাছৰে পৰা তেওঁ ১৬ খন টেষ্টত মুঠ ৭৪১ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ বেটৰ পৰা মাত্ৰ ছটা অৰ্ধশতকহে আহিছে।

আনহাতে, ২০১৯ চনৰ ২২ নৱেম্বৰৰ পৰা ৰুটে মুঠ ৩১ খন টেষ্ট খেলিছে। ৰুটৰ বেটৰ পৰা আহিছে ২৯৫৯ ৰান। ৩১ খন টেষ্টত ৰুটে ৮টা অৰ্ধশতক আৰু ১০টা অনবদ্য শতকীয় ইনিংছো খেলিছে। ইয়াৰে ৩টা দ্বিশতকীয় ইনিংছো আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু