--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিৰাট কোহলী নহয়, জো ৰুটেই সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। এই কথা ব্যক্ত কৰিছে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে। স্মৰ্তব্য যে, জোছেফ এডৱাৰ্ড ৰুটে লৰ্ডছত শতক অৰ্জন কৰি ইংলেণ্ডক জয়ৰ দিশত আগুৱাই লৈ যায়। ইয়াৰ পিছতে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সৌৰভ গাংগুলী। ৰুটৰ খেলে মুগ্ধ কৰা বুলিও টুইট কৰিছে সৌৰভে।

 

ইংলেণ্ডৰ জয়ৰ কিছু সময়ৰ পাছতে সৌৰভে টুইট কৰে। তেওঁ লিখিছে, ‘জো ৰুট এজন অসাধাৰণ ক্ৰিকেটাৰ। চাপত থকাৰ পাছতো অসাধাৰণ ইনিংছ খেলিছে। সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত অন্যতম তেওঁ।’

বৰ্তমান ক্ৰিকেট শীৰ্ষ চাৰিজন বেটছমেনৰ ভিতৰত বিৰাট কোহলী আৰু জো ৰুটৰ প্ৰসংগই সৰ্বাধিক চৰ্চিত। কেইবছৰমান আগলৈকে সকলোতকৈ আগত আছিল কোহলী। কিন্তু ২০১৯ চনৰ নৱেম্বৰৰ পৰা  সলনি হৈছে মানচিত্ৰ। কোহলীৰ ফৰ্মৰ দ্ৰুত অৱনতি ঘটিছে। এই সময়ছোৱাতে ক্ষিপ্ৰতাৰে আগুৱাইছে  জো ৰুটে

 

২০১৯ চনৰ ২২ নৱেম্বৰত কলকাতাত বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন টেষ্টত কোহলীয়ে শতক অৰ্জন কৰিছিল। তাৰ পাছৰে পৰা তেওঁ ১৬ খন টেষ্টত মুঠ ৭৪১ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ বেটৰ পৰা মাত্ৰ ছটা অৰ্ধশতকহে আহিছে

আনহাতে, ২০১৯ চনৰ ২২ নৱেম্বৰৰ পৰা ৰুটে মুঠ ৩১ খন টেষ্ট খেলিছে। ৰুটৰ বেটৰ পৰা আহিছে ২৯৫৯ ৰান। ৩১ খন টেষ্টত ৰুটে ৮টা অৰ্ধশতক আৰু ১০টা অনবদ্য শতকীয় ইনিংছো খেলিছে। ইয়াৰে ৩টা দ্বিশতকীয় ইনিংছো আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ