--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাৰ্চিলোনাৰ ডিফেণ্ডাৰ জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত ছচিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীলৈ প্ৰেৰণ কৰা বাৰ্তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলম্বিয়াৰ জনপ্ৰিয় গায়িকা ছাকিৰাই। প্ৰায় এটা দশকৰ পিছত প্ৰেমিকৰ সৈতে বিচ্ছেদ হয় ছাকিৰা। এইবাৰ টুইটাৰত পিতৃৰ সৈতে এখন ছবি পোষ্ট কৰিছে ছাকিৰাইৱাকা ৱাকা’ৰ দৰে গীতৰ যোগেদি অনুৰাগীক মোহাচ্ছন্ন কৰি তোলা  কণ্ঠশিল্পীগৰাকীক চিকিৎসালয়ৰ বিচনাত চিকিৎসাধীন হৈ থকা পিতৃৰ যত্ন লোৱা দেখিবলৈ পোৱা গৈছে

 

তেওঁ লিখিছে, ‘শেহতীয়াকৈ বাৰ্চিলোনাত এম্বুলেন্সত মোক দেখাৰ পিছত বহু উদ্বেগজনক বাৰ্তা পাইছো। মই মাত্ৰ কব বিচাৰিছো যে ছবিখন যোৱা সপ্তাহৰ আছিল। সেই সময়ত দেউতা হঠাতে অসুস্থ হৈ পৰিল আৰু মই তেওঁক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ গৈছিলো, এতিয়া তেওঁ সুস্থ হোৱাৰ দিশেতেওঁৰ বাবে সকলো শুভকামনা প্ৰেৰণ কৰক। আপোনালোকৰ মৰম আৰু ভলপোৱাৰ বাবে ধন্যবাদ।’

শনিবাৰে পুৱা ছাকিৰা আৰু পিকে বিচ্ছেদৰ কথা ছ’চিয়েল মিডিয়াত বিয়পি পৰেতাৰকা দম্পতীৰ দুটা পুত্ৰ সন্তান আছে। বছৰ বছৰ ধৰি তেওঁলোকে বাৰ্চিলোনাৰ উপকণ্ঠ অঞ্চলত বাস কৰি আহিছে বুলি জানিবলৈ পোৱা গৈছে বিচ্ছেদৰ প্ৰসংগ মুকলিকৈ অৱতাৰণা কৰি এক বিবৃতিত তাৰকা দম্পতীয়ে কয় যে, ‘অতি দুখৰে সৈতে আমি আমাৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছো। এই সিদ্ধান্ত আমাৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ স্মৃতিত 'জুবিন' কালেকশ্যন মুকলি
দিল্লীৰ বিস্ফোৰণত সাঙোৰ খাইছে এগৰাকী মণিপুৰী যুৱতীৰ নাম
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক
১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'