--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাৰ্চিলোনাৰ ডিফেণ্ডাৰ জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত ছচিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীলৈ প্ৰেৰণ কৰা বাৰ্তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলম্বিয়াৰ জনপ্ৰিয় গায়িকা ছাকিৰাই। প্ৰায় এটা দশকৰ পিছত প্ৰেমিকৰ সৈতে বিচ্ছেদ হয় ছাকিৰা। এইবাৰ টুইটাৰত পিতৃৰ সৈতে এখন ছবি পোষ্ট কৰিছে ছাকিৰাইৱাকা ৱাকা’ৰ দৰে গীতৰ যোগেদি অনুৰাগীক মোহাচ্ছন্ন কৰি তোলা  কণ্ঠশিল্পীগৰাকীক চিকিৎসালয়ৰ বিচনাত চিকিৎসাধীন হৈ থকা পিতৃৰ যত্ন লোৱা দেখিবলৈ পোৱা গৈছে

 

তেওঁ লিখিছে, ‘শেহতীয়াকৈ বাৰ্চিলোনাত এম্বুলেন্সত মোক দেখাৰ পিছত বহু উদ্বেগজনক বাৰ্তা পাইছো। মই মাত্ৰ কব বিচাৰিছো যে ছবিখন যোৱা সপ্তাহৰ আছিল। সেই সময়ত দেউতা হঠাতে অসুস্থ হৈ পৰিল আৰু মই তেওঁক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ গৈছিলো, এতিয়া তেওঁ সুস্থ হোৱাৰ দিশেতেওঁৰ বাবে সকলো শুভকামনা প্ৰেৰণ কৰক। আপোনালোকৰ মৰম আৰু ভলপোৱাৰ বাবে ধন্যবাদ।’

শনিবাৰে পুৱা ছাকিৰা আৰু পিকে বিচ্ছেদৰ কথা ছ’চিয়েল মিডিয়াত বিয়পি পৰেতাৰকা দম্পতীৰ দুটা পুত্ৰ সন্তান আছে। বছৰ বছৰ ধৰি তেওঁলোকে বাৰ্চিলোনাৰ উপকণ্ঠ অঞ্চলত বাস কৰি আহিছে বুলি জানিবলৈ পোৱা গৈছে বিচ্ছেদৰ প্ৰসংগ মুকলিকৈ অৱতাৰণা কৰি এক বিবৃতিত তাৰকা দম্পতীয়ে কয় যে, ‘অতি দুখৰে সৈতে আমি আমাৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছো। এই সিদ্ধান্ত আমাৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ