--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ আক্ৰমণত অশান্তিৰ সৃষ্টি হৈছে ইউক্ৰেইনত। চৌপাশৰ এনে অসহনীয় পৰিস্থিতিৰ মাজতো ফুটবল বিশ্বকাপত খেলাৰ সপোন পুহি ৰাখিছিল দেশখনে। কিন্তু সেই সপোনেই পূৰ্ণতা নাপালে। আত্মঘাতী গল দিয়াৰ পিছতে কাটাৰ বিশ্বকাপৰ টিকট লাভ কৰে ৱেলছে। প্লে অফৰ ফাইনেলত ১-০ গলত পৰাস্ত হ ইউক্ৰেইন।

দেওবাৰে ৱেলছৰ অধিনায়ক গেৰেথ বেলৰ ফ্ৰী কিক হেডাৰটো ক্লিয়াৰ কৰি আন এগৰাকী অধিনায়ক আন্দ্ৰেয়া ইয়াৰমোলেংকোৱে নিজৰ নেটত বলটো পঠিয়াই দিয়ে। আনহাতে, ৬৪ বছৰৰ পাছত প্ৰথম বিশ্বকাপ খেলিবলৈ গৈ আছে ৱেলছে। অহা নৱেম্বৰ মাহত দলটোৱে আমেৰিকাৰ বিৰুদ্ধে উদ্বোধনী খেলখন খেলিব।

এই মেচখনত ইউক্ৰেইনৰ বহু আৱেগ জড়িত হৈ আছিল। ৰাছিয়াৰ আক্ৰমণৰ পাছত কাটাৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ অভিযানৰো যেন এক বেদনাদায়ক পৰিসমাপ্তি ঘটিল।

অৱশ্যে, মেচ চলাকালীন চতুৰ্থ মিনিটত ইউক্ৰেইনে প্ৰথমটো সুযোগ লাভ কৰে। ৱেলছৰ গলৰক্ষক ৱেইন হেনেছিয়ে মিডফিল্ডাৰ ৰুছলান মালিনভস্কিৰ বাওঁ ভৰিৰ শ্বটটো ব্লক কৰে। ১১ মিনিটত ইলিয়া জাবাৰ্ণীৰ প্ৰচেষ্টাতো বাধা প্ৰদান কৰে।

২৯ মিনিটত ইউক্ৰেইনে আৰু এক সুযোগ লাভ কৰে। এইবাৰ মানচেষ্টাৰ চিটিৰ মিডফিল্ডাৰ আলেকজেণ্ডাৰ গিনচেংকোৱে বক্সৰ বাহিৰৰ পৰা লোৱা শ্বট এটা হেনেছিয়ে ব্লক কৰে। খেলৰ ৩৪ মিনিটত অধিনায়ক বেলৰ দক্ষতাৰে অগ্ৰগতি লাভ কৰে ৱেলছে। ইউক্ৰেইনৰ শিবিৰত দুখৰ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে বিশ্বকাপৰ বাবে দুৱাৰ খোল খোৱাত আনন্দত আত্মহাৰা হৈ পৰিছে ৱেলছ অহা নৱেম্বৰৰ পৰা কাটাৰত অনুষ্ঠিত হবলগীয়া বিশ্বকাপৰ গ্ৰুপ বিত খেলিব ৱেলছে। ইংলেণ্ড, আমেৰিকা আৰু ইৰাণ প্ৰধান তিনিটা বিৰোধীদল হিচাপে থাকিব গ্ৰুপ বিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ