--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ আক্ৰমণত অশান্তিৰ সৃষ্টি হৈছে ইউক্ৰেইনত। চৌপাশৰ এনে অসহনীয় পৰিস্থিতিৰ মাজতো ফুটবল বিশ্বকাপত খেলাৰ সপোন পুহি ৰাখিছিল দেশখনে। কিন্তু সেই সপোনেই পূৰ্ণতা নাপালে। আত্মঘাতী গ’ল দিয়াৰ পিছতে কাটাৰ বিশ্বকাপৰ টিকট লাভ কৰে ৱেলছে। প্লে’ অফৰ ফাইনেলত ১-০ গ’লত পৰাস্ত হয় ইউক্ৰেইন।

দেওবাৰে ৱেলছৰ অধিনায়ক গেৰেথ বেলৰ ফ্ৰী কিক হেডাৰটো ক্লিয়াৰ কৰি আন এগৰাকী অধিনায়ক আন্দ্ৰেয়া ইয়াৰমোলেংকোৱে নিজৰ নেটত বলটো পঠিয়াই দিয়ে। আনহাতে, ৬৪ বছৰৰ পাছত প্ৰথম বিশ্বকাপ খেলিবলৈ গৈ আছে ৱেলছে। অহা নৱেম্বৰ মাহত দলটোৱে আমেৰিকাৰ বিৰুদ্ধে উদ্বোধনী খেলখনত খেলিব।

এই মেচখনত ইউক্ৰেইনৰ বহু আৱেগ জড়িত হৈ আছিল। ৰাছিয়াৰ আক্ৰমণৰ পাছত কাটাৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ অভিযানৰো যেন এক বেদনাদায়ক পৰিসমাপ্তি ঘটিল।

অৱশ্যে, মেচ চলাকালীন চতুৰ্থ মিনিটত ইউক্ৰেইনে প্ৰথমটো সুযোগ লাভ কৰে। ৱেলছৰ গ’লৰক্ষক ৱেইন হেনেছিয়ে মিডফিল্ডাৰ ৰুছলান মালিন’ভস্কিৰ বাওঁ ভৰিৰ শ্বটটো ব্লক কৰে। ১১ মিনিটত ইলিয়া জাবাৰ্ণীৰ প্ৰচেষ্টাতো বাধা প্ৰদান কৰে।

২৯ মিনিটত ইউক্ৰেইনে আৰু এক সুযোগ লাভ কৰে। এইবাৰ মানচেষ্টাৰ চিটিৰ মিডফিল্ডাৰ আলেকজেণ্ডাৰ গিনচেংকোৱে বক্সৰ বাহিৰৰ পৰা লোৱা শ্বট এটা হেনেছিয়ে ব্লক কৰে। খেলৰ ৩৪ মিনিটত অধিনায়ক বেলৰ দক্ষতাৰে অগ্ৰগতি লাভ কৰে ৱেলছে। ইউক্ৰেইনৰ শিবিৰত দুখৰ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে বিশ্বকাপৰ বাবে দুৱাৰ খোল খোৱাত আনন্দত আত্মহাৰা হৈ পৰিছে ৱেলছ। অহা নৱেম্বৰৰ পৰা কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ গ্ৰুপ বিত খেলিব ৱেলছে। ইংলেণ্ড, আমেৰিকা আৰু ইৰাণ প্ৰধান তিনিটা বিৰোধীদল হিচাপে থাকিব গ্ৰুপ বিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু