--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ প্ৰতিৰক্ষা খণ্ডত নতুনকৈ সংযোজিত হোৱা ৰাফেল বিমানক লৈ বিতৰ্কৰ অৱসান হোনা নাই। নিত্য নতুন বিতৰ্ক আৰু দুৰ্নীতিৰ অভিযোগে আগুৰি ধৰিছে ভাৰতৰ-ফ্ৰান্সৰ এই প্ৰতিৰক্ষা চুক্তিক। শেহতীয়াকৈ এই বিতৰ্কই পুনৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ।

আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী কৰ’নাত আক্ৰান্ত!

ৰাফেল চুক্তিৰ দুৰ্নীতি বিষয়ক এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব উচ্চতম ন্যায়ালয়ত। দুসপ্তাহৰ পাছত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব সৰ্বোচ্চ ন্যায়ালয়ত। ভাৰতৰ এজন মধ্যভোগীক ফ্ৰান্সৰ সংস্থা ডছাল্টে ১.১নিযুত ইউৰো ভেটি দিয়া বুলি উঠা অভিযোগৰ পাছতে ৰাফেল চুক্তিত হোৱা বিত্তীয় অনিয়মৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে দেশৰ মুখ্য ন্যায়াধীশ।

আৰু পঢ়িব পাৰিব : সতৰ্কতা ! গুৱাহাটীত দেওবাৰে ১৮৬জন আক্ৰান্ত কৰ’নাত

মুখ্য ন্যায়াধীশ এছ এ বোবডেই দুসপ্তাহ পাছত এগৰাকী অধিবক্তাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ফ্ৰান্সৰ সংবাদপত্ৰ ‘মিডিয়াপাৰ্ট’-এ এই চুক্তিত হোৱা বিত্তীয় খেলিমেলিৰ তথ্য দাঙি ধৰি দেশখনৰ দুৰ্নীতিবিৰোধী সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰাৰ দাবী তুলিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু