--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ প্ৰতিৰক্ষা খণ্ডত নতুনকৈ সংযোজিত হোৱা ৰাফেল বিমানক লৈ বিতৰ্কৰ অৱসান হোনা নাই। নিত্য নতুন বিতৰ্ক আৰু দুৰ্নীতিৰ অভিযোগে আগুৰি ধৰিছে ভাৰতৰ-ফ্ৰান্সৰ এই প্ৰতিৰক্ষা চুক্তিক। শেহতীয়াকৈ এই বিতৰ্কই পুনৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ।

আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী কৰ’নাত আক্ৰান্ত!

ৰাফেল চুক্তিৰ দুৰ্নীতি বিষয়ক এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব উচ্চতম ন্যায়ালয়ত। দুসপ্তাহৰ পাছত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব সৰ্বোচ্চ ন্যায়ালয়ত। ভাৰতৰ এজন মধ্যভোগীক ফ্ৰান্সৰ সংস্থা ডছাল্টে ১.১নিযুত ইউৰো ভেটি দিয়া বুলি উঠা অভিযোগৰ পাছতে ৰাফেল চুক্তিত হোৱা বিত্তীয় অনিয়মৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে দেশৰ মুখ্য ন্যায়াধীশ।

আৰু পঢ়িব পাৰিব : সতৰ্কতা ! গুৱাহাটীত দেওবাৰে ১৮৬জন আক্ৰান্ত কৰ’নাত

মুখ্য ন্যায়াধীশ এছ এ বোবডেই দুসপ্তাহ পাছত এগৰাকী অধিবক্তাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ফ্ৰান্সৰ সংবাদপত্ৰ ‘মিডিয়াপাৰ্ট’-এ এই চুক্তিত হোৱা বিত্তীয় খেলিমেলিৰ তথ্য দাঙি ধৰি দেশখনৰ দুৰ্নীতিবিৰোধী সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰাৰ দাবী তুলিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ