--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাকতত হেডলাইনৰ দৰে ওলোৱা বিজ্ঞাপন সন্দৰ্ভত নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছ দলে৷ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ৷ মিছা বিজ্ঞাপন দি ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিজেপিয়ে চেষ্টা কৰা বুলি অভিযোগ কৰিছে দলটোৱে৷

আৰু পঢ়িব পাৰিব : পুনৰ মাধমাৰ! বৃদ্ধি পালে টোলগেটৰ কৰৰ নিৰিখ

'ভোটাৰৰ সৈতে ধেমালি কৰিছে বিজেপিয়ে৷ ধেমালি কৰাৰ অধিকাৰ সকলোৰে আছে৷ কিন্তু বিজ্ঞাপনটোৰ তলত লিখি দিব লাগিছিল যে বেয়া নাপাব হোলীৰ দিন৷' - এই কথা সংবাদমেলত প্ৰকাশ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ গৌৰৱ বল্লভে৷ মুখ্য নিৰ্বাচনী বিষয়াই এই বিজ্ঞাপনটো চাব লাগিছিল বুলি সংবাদমেলত তেওঁ লগতে কয়৷

আৰু পঢ়িব পাৰিব : ক্ষোভৰ উদগীৰণ! প্ৰতিবাদী কৃষকৰ হাতত প্ৰহৃত বিজেপি বিধায়ক

আটাইকেইখন বাতৰি কাকতৰ নাম উল্লেখ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগৰ লিখিত অভিযোগ কংগ্ৰেছে দাখিল কৰিছে দেশৰ নিৰ্বাচন আয়োগত৷ যদি এয়া বিজ্ঞাপন নহয় তেন্তে এয়া এক বাতৰিৰ হেডলাইন৷ এনেধৰণৰ বাতৰি প্ৰকাশ কৰাত বাধা আৰোপ কৰিবলৈ কংগ্ৰেছে আহ্বান জনায় দেশৰ নিৰ্বাচন আয়োগক৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰপেক্ষতাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছ দলে৷ বিজেপিক ৰাজ্যিক নিৰ্বাচন আয়োগে সহায় কৰিব পাৰে বুলিও দলটোৱে সন্দেহ প্ৰাশ কৰিছে। সংবাদমেলত এই কথা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ আইন কোষৰ অধ্যক্ষ নিৰেন বৰাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি