--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাকতত হেডলাইনৰ দৰে ওলোৱা বিজ্ঞাপন সন্দৰ্ভত নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছ দলে৷ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ৷ মিছা বিজ্ঞাপন দি ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিজেপিয়ে চেষ্টা কৰা বুলি অভিযোগ কৰিছে দলটোৱে৷

আৰু পঢ়িব পাৰিব : পুনৰ মাধমাৰ! বৃদ্ধি পালে টোলগেটৰ কৰৰ নিৰিখ

'ভোটাৰৰ সৈতে ধেমালি কৰিছে বিজেপিয়ে৷ ধেমালি কৰাৰ অধিকাৰ সকলোৰে আছে৷ কিন্তু বিজ্ঞাপনটোৰ তলত লিখি দিব লাগিছিল যে বেয়া নাপাব হোলীৰ দিন৷' - এই কথা সংবাদমেলত প্ৰকাশ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ গৌৰৱ বল্লভে৷ মুখ্য নিৰ্বাচনী বিষয়াই এই বিজ্ঞাপনটো চাব লাগিছিল বুলি সংবাদমেলত তেওঁ লগতে কয়৷

আৰু পঢ়িব পাৰিব : ক্ষোভৰ উদগীৰণ! প্ৰতিবাদী কৃষকৰ হাতত প্ৰহৃত বিজেপি বিধায়ক

আটাইকেইখন বাতৰি কাকতৰ নাম উল্লেখ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগৰ লিখিত অভিযোগ কংগ্ৰেছে দাখিল কৰিছে দেশৰ নিৰ্বাচন আয়োগত৷ যদি এয়া বিজ্ঞাপন নহয় তেন্তে এয়া এক বাতৰিৰ হেডলাইন৷ এনেধৰণৰ বাতৰি প্ৰকাশ কৰাত বাধা আৰোপ কৰিবলৈ কংগ্ৰেছে আহ্বান জনায় দেশৰ নিৰ্বাচন আয়োগক৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰপেক্ষতাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছ দলে৷ বিজেপিক ৰাজ্যিক নিৰ্বাচন আয়োগে সহায় কৰিব পাৰে বুলিও দলটোৱে সন্দেহ প্ৰাশ কৰিছে। সংবাদমেলত এই কথা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ আইন কোষৰ অধ্যক্ষ নিৰেন বৰাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু