--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ আগতে নিজকে আৰু অধিক ধুনীয়া কৰি তুলিবলৈ মন কৰিছিল এগৰাকী কইনাই৷ সেয়ে মেক-আপ কৰোৱাবলৈ তেওঁ  গৈছিল বিউটি পাৰ্লাৰলৈ৷ কিন্তু বিউটি পাৰ্লাৰত কইনাৰ মুখত ঘঁহি দিয়া  প্ৰসাধনসামগ্ৰীয়ে কইনাৰ মুখৰ গঢ়েই সলাই পেলালে৷ প্ৰসাধন লগোৱাৰ পিছতে  কইনাৰ মুখখন ফুলি উঠিল, হৈ পৰিল কুৰূপা। কইনাৰ এনে অৱস্থাৰ কথা জানিব পাৰি ভাবী দৰাই কইনাৰ ঘৰলৈ গ’ল আৰু কইনাৰ ৰূপ দেখি ইছ ইছ বুলি ক’বলৈ ধৰিলে৷ 

ঘটনাটো কৰ্ণাটকৰ হাছান জিলাৰ আৰাচিকেৰ গাঁৱত সংঘটিত হৈছে। মুখমণ্ডল সম্পূৰ্ণ ৰূপে জ্বলি যোৱা কইনা বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।কইনাৰ মুখখন জ্বলি যোৱা  দেখি দৰাই সেইগৰাকী কইনাক  বিয়া কৰিবলৈ অস্বীকাৰ কৰে। ফলত হ’বলগীয়া বিয়া খন সকলো প্ৰস্তুতিৰ পিছতো ভাগি যায়৷ কইনাৰ পৰিয়ালে ইতিমধ্যে বিউটি পাৰ্লাৰ খনৰ  বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছে।

কইনাগৰাকীয়ে অভিযোগ কৰিছে যে গংগা নামৰ বিউটিচিয়ানগৰাকীয়ে তেওঁৰ মেক আপ কৰিছিল৷তেওঁৰ মুখত প্ৰসাধন সামগ্ৰী ঘঁহা হৈছিল আৰু গৰম ভাপ দিবলৈ আৰম্ভ কৰিছিল। কইনাই অভিযোগ কৰিছে যে গৰম বাষ্পৰ বাবে তেওঁৰ  মুখখন জ্বলি যায়৷ 

কইনাৰ পৰিয়ালে গঙ্গাৰ বিৰুদ্ধে আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে  আৰু আৰক্ষীয়ে তেওঁক ফোন কৰি সোধা-পোছা কৰিছে বুলি জানিব পৰা গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement