--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ আগতে নিজকে আৰু অধিক ধুনীয়া কৰি তুলিবলৈ মন কৰিছিল এগৰাকী কইনাই৷ সেয়ে মেক-আপ কৰোৱাবলৈ তেওঁ  গৈছিল বিউটি পাৰ্লাৰলৈ৷ কিন্তু বিউটি পাৰ্লাৰত কইনাৰ মুখত ঘঁহি দিয়া  প্ৰসাধনসামগ্ৰীয়ে কইনাৰ মুখৰ গঢ়েই সলাই পেলালে৷ প্ৰসাধন লগোৱাৰ পিছতে  কইনাৰ মুখখন ফুলি উঠিল, হৈ পৰিল কুৰূপা। কইনাৰ এনে অৱস্থাৰ কথা জানিব পাৰি ভাবী দৰাই কইনাৰ ঘৰলৈ গ’ল আৰু কইনাৰ ৰূপ দেখি ইছ ইছ বুলি ক’বলৈ ধৰিলে৷ 

ঘটনাটো কৰ্ণাটকৰ হাছান জিলাৰ আৰাচিকেৰ গাঁৱত সংঘটিত হৈছে। মুখমণ্ডল সম্পূৰ্ণ ৰূপে জ্বলি যোৱা কইনা বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।কইনাৰ মুখখন জ্বলি যোৱা  দেখি দৰাই সেইগৰাকী কইনাক  বিয়া কৰিবলৈ অস্বীকাৰ কৰে। ফলত হ’বলগীয়া বিয়া খন সকলো প্ৰস্তুতিৰ পিছতো ভাগি যায়৷ কইনাৰ পৰিয়ালে ইতিমধ্যে বিউটি পাৰ্লাৰ খনৰ  বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছে।

কইনাগৰাকীয়ে অভিযোগ কৰিছে যে গংগা নামৰ বিউটিচিয়ানগৰাকীয়ে তেওঁৰ মেক আপ কৰিছিল৷তেওঁৰ মুখত প্ৰসাধন সামগ্ৰী ঘঁহা হৈছিল আৰু গৰম ভাপ দিবলৈ আৰম্ভ কৰিছিল। কইনাই অভিযোগ কৰিছে যে গৰম বাষ্পৰ বাবে তেওঁৰ  মুখখন জ্বলি যায়৷ 

কইনাৰ পৰিয়ালে গঙ্গাৰ বিৰুদ্ধে আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে  আৰু আৰক্ষীয়ে তেওঁক ফোন কৰি সোধা-পোছা কৰিছে বুলি জানিব পৰা গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু