--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ যুগ ইণ্টাৰনেটৰ যুগ। ইণ্টাৰনেটে আমাৰ জীৱনৰ অসুবিধাবোৰ সহজ কৰি তুলিছে। সমান্তৰালভাৱে আজিকালি বিয়াৰ বাবে পচন্দৰ কাৰোবাক বিচাৰি লোৱাৰ ক্ষেত্ৰতো ইণ্টাৰনেটে সহায় কৰিছে। বৰ্তমান সময়ত যুৱক-যুৱতীয়ে বিয়াৰ বাবে মেট্ৰিমনিয়েল চাইটৰ আশ্ৰয় লয়। এই ৱেবচাইটবোৰত মানুহে নিজৰ প্ৰ’ফাইল বনাই সবিশেষ আপলোড কৰে যাতে যিকোনো ব্যক্তিয়ে সেইবোৰ পঢ়ি বিয়াৰ বাবে কথা পাতিব পাৰে। 

মেট্ৰিমনিয়েল চাইটৰ পৰা বহু যুৱক-যুৱতী বিবাহপাশত আৱদ্ধ হৈছে যদিও একে সময়তে এই ৱেবচাইটসমূহৰ জৰিয়তে প্ৰৱঞ্চনাৰ গোচৰো চৰ্চালৈ আহে। গতিকে যদি আপুনিও মেট্ৰিমনিয়েল চাইটত নিজৰ বাবে লাইফ পাৰ্টনাৰ বিচাৰিছে, তেন্তে কিছুমান কথাৰ প্ৰতি বিশেষ ধ্যান ৰখা উচিত। জানো আহক এই ক্ষেত্ৰত আমি কি কি কথা মনত ৰাখিব লাগে।

১)ব্যক্তিজনৰ প্ৰফাইল ভালদৰে পৰীক্ষা কৰক।

২)বিয়াৰ বাবে আপোনাৰ সন্মুখত যি প্ৰফাইল আহে তাৰ সকলো সবিশেষ ভালদৰে পৰীক্ষা কৰক। ইয়াৰ পিছত তেওঁৰ সকলো ছ’চিয়েল মিডিয়া প্ৰফাইল পৰীক্ষা কৰক। 

৩)একে সময়তে নিশ্চিতভাৱে পৰীক্ষা কৰক যে তেওঁ কিমান দিনলৈ সেই প্ৰফাইলত সক্ৰিয় হৈ আছে আৰু তেওঁৰ ফটোখন কেনেকৈ ৰাখিছে।কাৰণ জালিয়াতি গেংবোৰে ভুৱা ছ’চিয়েল প্ৰফাইল বনাই মানুহক ফান্দত পেলাবলৈ আৰু ঠগিবলৈ কাম কৰে।গতিকে ছ’চিয়েল প্ৰফাইল আদিত সকলো পৰীক্ষা কৰক। তাৰ পিছতহে কথা-বতৰাত আগবাঢ়ক।

৪)বাস্তৱ জীৱনতেই হওক বা ইণ্টাৰনেটতেই হওক, বেছিভাগ প্ৰৱঞ্চনাৰ আঁৰত ধনেই একমাত্ৰ কাৰণ। সেয়েহে মেট্ৰিমনিয়েল চাইটত প্ৰফাইল বনাই আন কাৰোবালৈ প্ৰপ’জেল পঠোৱাৰ সময়ত কিছুমান কথা মনত ৰাখিব লাগিব। যাতে ভৱিষ্যতে কোনো ধৰণৰ আৰ্থিক লোকচান নহয়।

৫)এনে পৰিস্থিতিত এনে ইমেইল আৰু ফোন নম্বৰেৰে আপোনাৰ প্ৰ’ফাইল বনাওক যিটো বেংকত পঞ্জীয়ন কৰা নহয়। কোনো ল’ৰা বা ছোৱালীৰ লগত ফোনত কথা পতাৰ পাছতেই নিজৰ ফালৰ পৰা টকা ট্ৰেন্সফাৰ নকৰিব। লাগিলে তেওঁ যিমানেই দুখভৰা কাহিনী নকওক কিয়। 

৬)কেৱল পেইড আৰু ভেৰিফাইড সদস্য নিৰ্বাচন কৰক। বিবাহ জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত। গতিকে মেট্ৰিমনিয়েল চাইটৰ বিনামূলীয়া প্ৰফাইলৰ পাল্লাত কেতিয়াও নপৰিব। গতিকে পেইড মেম্বাৰ আৰু ভেৰিফাইড মেম্বাৰৰ লগতহে কথা পাতক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান