--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ যুগ ইণ্টাৰনেটৰ যুগ। ইণ্টাৰনেটে আমাৰ জীৱনৰ অসুবিধাবোৰ সহজ কৰি তুলিছে। সমান্তৰালভাৱে আজিকালি বিয়াৰ বাবে পচন্দৰ কাৰোবাক বিচাৰি লোৱাৰ ক্ষেত্ৰতো ইণ্টাৰনেটে সহায় কৰিছে। বৰ্তমান সময়ত যুৱক-যুৱতীয়ে বিয়াৰ বাবে মেট্ৰিমনিয়েল চাইটৰ আশ্ৰয় লয়। এই ৱেবচাইটবোৰত মানুহে নিজৰ প্ৰ’ফাইল বনাই সবিশেষ আপলোড কৰে যাতে যিকোনো ব্যক্তিয়ে সেইবোৰ পঢ়ি বিয়াৰ বাবে কথা পাতিব পাৰে। 

মেট্ৰিমনিয়েল চাইটৰ পৰা বহু যুৱক-যুৱতী বিবাহপাশত আৱদ্ধ হৈছে যদিও একে সময়তে এই ৱেবচাইটসমূহৰ জৰিয়তে প্ৰৱঞ্চনাৰ গোচৰো চৰ্চালৈ আহে। গতিকে যদি আপুনিও মেট্ৰিমনিয়েল চাইটত নিজৰ বাবে লাইফ পাৰ্টনাৰ বিচাৰিছে, তেন্তে কিছুমান কথাৰ প্ৰতি বিশেষ ধ্যান ৰখা উচিত। জানো আহক এই ক্ষেত্ৰত আমি কি কি কথা মনত ৰাখিব লাগে।

১)ব্যক্তিজনৰ প্ৰফাইল ভালদৰে পৰীক্ষা কৰক।

২)বিয়াৰ বাবে আপোনাৰ সন্মুখত যি প্ৰফাইল আহে তাৰ সকলো সবিশেষ ভালদৰে পৰীক্ষা কৰক। ইয়াৰ পিছত তেওঁৰ সকলো ছ’চিয়েল মিডিয়া প্ৰফাইল পৰীক্ষা কৰক। 

৩)একে সময়তে নিশ্চিতভাৱে পৰীক্ষা কৰক যে তেওঁ কিমান দিনলৈ সেই প্ৰফাইলত সক্ৰিয় হৈ আছে আৰু তেওঁৰ ফটোখন কেনেকৈ ৰাখিছে।কাৰণ জালিয়াতি গেংবোৰে ভুৱা ছ’চিয়েল প্ৰফাইল বনাই মানুহক ফান্দত পেলাবলৈ আৰু ঠগিবলৈ কাম কৰে।গতিকে ছ’চিয়েল প্ৰফাইল আদিত সকলো পৰীক্ষা কৰক। তাৰ পিছতহে কথা-বতৰাত আগবাঢ়ক।

৪)বাস্তৱ জীৱনতেই হওক বা ইণ্টাৰনেটতেই হওক, বেছিভাগ প্ৰৱঞ্চনাৰ আঁৰত ধনেই একমাত্ৰ কাৰণ। সেয়েহে মেট্ৰিমনিয়েল চাইটত প্ৰফাইল বনাই আন কাৰোবালৈ প্ৰপ’জেল পঠোৱাৰ সময়ত কিছুমান কথা মনত ৰাখিব লাগিব। যাতে ভৱিষ্যতে কোনো ধৰণৰ আৰ্থিক লোকচান নহয়।

৫)এনে পৰিস্থিতিত এনে ইমেইল আৰু ফোন নম্বৰেৰে আপোনাৰ প্ৰ’ফাইল বনাওক যিটো বেংকত পঞ্জীয়ন কৰা নহয়। কোনো ল’ৰা বা ছোৱালীৰ লগত ফোনত কথা পতাৰ পাছতেই নিজৰ ফালৰ পৰা টকা ট্ৰেন্সফাৰ নকৰিব। লাগিলে তেওঁ যিমানেই দুখভৰা কাহিনী নকওক কিয়। 

৬)কেৱল পেইড আৰু ভেৰিফাইড সদস্য নিৰ্বাচন কৰক। বিবাহ জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত। গতিকে মেট্ৰিমনিয়েল চাইটৰ বিনামূলীয়া প্ৰফাইলৰ পাল্লাত কেতিয়াও নপৰিব। গতিকে পেইড মেম্বাৰ আৰু ভেৰিফাইড মেম্বাৰৰ লগতহে কথা পাতক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু