--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ প্ৰথম নিশাই দৰা আৰু কইনাৰ ৰহস্যজনক মৃত্যু। উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাত দৰা-কইনাৰ মৃত্যুৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। পুৱা দুয়োকে মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। কইনাজনী বিচনাত নিথৰ হৈ পৰি আছিল, আনহাতে দৰাজনে চিপ লৈ ওলমি আছিল। বিয়াঘৰত আনন্দৰ ক্ষণ মুহূৰ্ততে শোকলৈ পৰিণত হ’ল।  

দৰাৰ নাম প্ৰদীপ আৰু কইনাৰ নাম শিৱানী বুলি জানিব পৰা গৈছে। মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। দুয়োটা পৰিয়ালৰ লোকৰ অৱস্থা বেয়া হৈ পৰিছে। সাংসদ অৱধেশ প্ৰসাদেও তথ্য লাভ কৰাৰ লগে লগে মৃতকৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সান্ত্বনা দিয়ে।

এই ঘটনাৰ কাৰণ বিচাৰি আৰক্ষী ব্যস্ত হৈ পৰিছে। অনুমান কৰা হৈছে যে দৰাজনে প্ৰথমে কইনাক হত্যা কৰাৰ পিছত নিজে আত্মহত্যা কৰিছে। এছ এছ পি ৰাজকৰণ নায়াৰে জনোৱা মতে, কোঠাটোৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল আৰু দুয়োকে ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। বাহিৰৰ পৰা আহি কোনোবাই হত্যা কৰাৰ কোনো সম্ভাৱনা নাই। দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্তৰ অন্ততহে তথ্য পোহৰলৈ আহিব।

জানিব পৰা অনুসৰি শুকুৰবাৰে বিয়াৰ পিছত শনিবাৰে পুৱা কইনা লৈ দৰা ঘৰলৈ উভতিছিল। আজি দৰাৰ ঘৰত ৰিচেপশ্যন পাৰ্টি আছিল। শনিবাৰে নিশা আহাৰ খোৱাৰ পাছত দুয়ো নিজৰ কোঠাৰ ভিতৰলৈ সোমাই গ’ল। পুৱা বহু দেৰিলৈকে তেওঁলোক নুঠা দেখি পৰিয়ালৰ লোকে মাতি মাতি ভাগৰি পৰে আৰু চিন্তাত পৰি পৰিয়ালৰ লোকে দুৱাৰ ভাঙি ভিতৰলৈ সোমায় যায়। ভিতৰৰ দৃশ্য দেখি তেওঁলোকৰ মূৰৰ ওপৰত আকাশ ভাগি পৰিল। সকলোখিনি সুন্দৰকৈ হৈ থকাৰ পাছতো কিয় এনে ভয়ংকৰ কাণ্ড সংঘটিত হল সেয়া সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত। 























FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ