--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ প্ৰথম নিশাই দৰা আৰু কইনাৰ ৰহস্যজনক মৃত্যু। উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাত দৰা-কইনাৰ মৃত্যুৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। পুৱা দুয়োকে মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। কইনাজনী বিচনাত নিথৰ হৈ পৰি আছিল, আনহাতে দৰাজনে চিপ লৈ ওলমি আছিল। বিয়াঘৰত আনন্দৰ ক্ষণ মুহূৰ্ততে শোকলৈ পৰিণত হ’ল।  

দৰাৰ নাম প্ৰদীপ আৰু কইনাৰ নাম শিৱানী বুলি জানিব পৰা গৈছে। মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। দুয়োটা পৰিয়ালৰ লোকৰ অৱস্থা বেয়া হৈ পৰিছে। সাংসদ অৱধেশ প্ৰসাদেও তথ্য লাভ কৰাৰ লগে লগে মৃতকৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সান্ত্বনা দিয়ে।

এই ঘটনাৰ কাৰণ বিচাৰি আৰক্ষী ব্যস্ত হৈ পৰিছে। অনুমান কৰা হৈছে যে দৰাজনে প্ৰথমে কইনাক হত্যা কৰাৰ পিছত নিজে আত্মহত্যা কৰিছে। এছ এছ পি ৰাজকৰণ নায়াৰে জনোৱা মতে, কোঠাটোৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল আৰু দুয়োকে ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। বাহিৰৰ পৰা আহি কোনোবাই হত্যা কৰাৰ কোনো সম্ভাৱনা নাই। দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্তৰ অন্ততহে তথ্য পোহৰলৈ আহিব।

জানিব পৰা অনুসৰি শুকুৰবাৰে বিয়াৰ পিছত শনিবাৰে পুৱা কইনা লৈ দৰা ঘৰলৈ উভতিছিল। আজি দৰাৰ ঘৰত ৰিচেপশ্যন পাৰ্টি আছিল। শনিবাৰে নিশা আহাৰ খোৱাৰ পাছত দুয়ো নিজৰ কোঠাৰ ভিতৰলৈ সোমাই গ’ল। পুৱা বহু দেৰিলৈকে তেওঁলোক নুঠা দেখি পৰিয়ালৰ লোকে মাতি মাতি ভাগৰি পৰে আৰু চিন্তাত পৰি পৰিয়ালৰ লোকে দুৱাৰ ভাঙি ভিতৰলৈ সোমায় যায়। ভিতৰৰ দৃশ্য দেখি তেওঁলোকৰ মূৰৰ ওপৰত আকাশ ভাগি পৰিল। সকলোখিনি সুন্দৰকৈ হৈ থকাৰ পাছতো কিয় এনে ভয়ংকৰ কাণ্ড সংঘটিত হল সেয়া সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত। 























FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু