--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয়াংশ সোমবাৰে আৰম্ভ হ'ব। ৪ এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ দ্বিতীয় পর্যায়ত ২০ দিন অধিৱেশনৰ কাম-কাজ চলিব। অধিৱেশনৰ সময়ত ২০২৫-২৬ বৰ্ষৰ বাবে অনুদানৰ দাবী আৰু এই সন্দর্ভীয় বিনিয়োজন বিধেয়কৰ বিষয়ত আলোচনা তথা ভোটগ্রহণ হ'ব। 

ইয়াৰ উপৰি বেংক আইন (সংশোধন) বিধেয়ক, উপকূলীয় নৌ-পৰিবহণ বিধেয়ক ২০২৪, প্ৰব্ৰজন আৰু বিদেশীবিধেয়ক, ২০২৫, তথা ৰে'লবে (সংশোধন) বিধেয়ককেইখন আলোচনা আৰু গৃহীত কৰিবলৈ উত্থাপন কৰা হ'ব। 

বাজেট অধিৱেশনৰ দ্বিতীয় অংশ 'এপিক' (ইলেকশ্যন ফটো আইডেনটিটি কার্ড) বা বিভিন্ন ভোটাৰ কাৰ্ডৰ একেটা নম্বৰ, সীমা পুনৰ নিৰ্ধাৰণ আৰু ত্ৰিভাষা নীতিৰ জৰিয়তে হিন্দী ভাষা জাপি দিয়া আদি অভিযোগেৰে উত্তপ্ত হৈ পৰাৰ আশংকা আছে। ইফালে চৰকাৰে এই অংশতে জোৰ দিব বাক্‌ফ বিধেয়ক গৃহীত কৰাত। আমেৰিকাৰ পৰা ভাৰতীয় অবৈধ প্ৰব্ৰজনকাৰীক বিতাৰণ তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ বিৰুদ্ধে উচ্চ হাৰত শুল্ক আৰোপ কৰাৰ বিষয়ো অধিৱেশনত বিৰোধীৰ বাবে চৰকাৰৰ বিৰুদ্ধে পাশুপাট অস্ত্র হৈ পৰিব পাৰে। বাজেট অধিৱেশনৰ প্রথম অংশ অনুষ্ঠিত হৈছিল ২১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ। প্রথম অংশত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰে যুটীয়া সদনত ভাষণ দিছিল তথা বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কেন্দ্রীয় বাজেট দাখিল কৰিছিল।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ