--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্বস্তি আৰু বুকুৰ বিষৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক এইমছত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে, যোৱা শনিবাৰে নিশা ৭৩ বছৰীয়া ধনখৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁক চিকিৎসা পৰ্যবেক্ষণত ৰখা হৈছে।

জানিব পৰা মতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অস্বস্তি অনুভৱ কৰিছিল আৰু গভীৰ নিশা বুকুৰ বিষ হৈছিল। ইয়াৰ পিছত ৰাতি ২ বজাৰ ওচৰত তেওঁক চিকিৎসালয়লৈ অনা হয়। চিকিৎসকে কয় যে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা সুস্থিৰ আৰু তেওঁক ক্ৰিটিকেল কেয়াৰ ইউনিট (চিচিইউ)ত পৰ্যবেক্ষণত ৰখা হৈছে।

এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ ৰাজীৱ নৰঙৰ তত্বাৱধানত ধনখৰক ক্ৰিটিকেল কেয়াৰ ইউনিটত ভৰ্তি কৰা হয়। সূত্ৰই জনোৱা মতে, এদল চিকিৎসকে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি আছে।

৭৩ বছৰীয়া জগদীপ ধনখড় দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি । ইয়াৰ পূৰ্বে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৯ চনৰ ৩০ জুলাইৰ পৰা ২০২২ চনৰ ১৮ জুলাইলৈ তেওঁ পশ্চিমবংগৰ ৰাজ্যপালৰ দায়িত্বত আছিল । ৰাজ্যপাল হোৱাৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আছিল । ২০২২ চনৰ ১৬ জুলাইত জগদীপ ধনখড়ক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে ।

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত খবৰ ল’বলৈ এইমছত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক এইমছত ভৰ্তি হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছলৈ গৈ তেওঁৰ স্বাস্থ্যৰ খবৰ লয়। ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে এই তথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লিখিছে, ‘এইমছলৈ গৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক জীৰ স্বাস্থ্যৰ খবৰ ললো। তেওঁৰ সুস্বাস্থ্য আৰু সোনকালে আৰোগ্য হ’বলৈ প্ৰাৰ্থনা কৰিছো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ