--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্বস্তি আৰু বুকুৰ বিষৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক এইমছত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে, যোৱা শনিবাৰে নিশা ৭৩ বছৰীয়া ধনখৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁক চিকিৎসা পৰ্যবেক্ষণত ৰখা হৈছে।

জানিব পৰা মতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অস্বস্তি অনুভৱ কৰিছিল আৰু গভীৰ নিশা বুকুৰ বিষ হৈছিল। ইয়াৰ পিছত ৰাতি ২ বজাৰ ওচৰত তেওঁক চিকিৎসালয়লৈ অনা হয়। চিকিৎসকে কয় যে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা সুস্থিৰ আৰু তেওঁক ক্ৰিটিকেল কেয়াৰ ইউনিট (চিচিইউ)ত পৰ্যবেক্ষণত ৰখা হৈছে।

এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ ৰাজীৱ নৰঙৰ তত্বাৱধানত ধনখৰক ক্ৰিটিকেল কেয়াৰ ইউনিটত ভৰ্তি কৰা হয়। সূত্ৰই জনোৱা মতে, এদল চিকিৎসকে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি আছে।

৭৩ বছৰীয়া জগদীপ ধনখড় দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি । ইয়াৰ পূৰ্বে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৯ চনৰ ৩০ জুলাইৰ পৰা ২০২২ চনৰ ১৮ জুলাইলৈ তেওঁ পশ্চিমবংগৰ ৰাজ্যপালৰ দায়িত্বত আছিল । ৰাজ্যপাল হোৱাৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আছিল । ২০২২ চনৰ ১৬ জুলাইত জগদীপ ধনখড়ক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে ।

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত খবৰ ল’বলৈ এইমছত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক এইমছত ভৰ্তি হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছলৈ গৈ তেওঁৰ স্বাস্থ্যৰ খবৰ লয়। ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে এই তথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লিখিছে, ‘এইমছলৈ গৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক জীৰ স্বাস্থ্যৰ খবৰ ললো। তেওঁৰ সুস্বাস্থ্য আৰু সোনকালে আৰোগ্য হ’বলৈ প্ৰাৰ্থনা কৰিছো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু