--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিবাহৰ প্ৰতিশ্ৰুতি দি একাধিক মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ ‘চিকিৎসক'ৰ ওপৰত। যিদিনা তেওঁ এগৰাকী মহিলা চিকিৎসকক বিয়া কৰাইছিল, সেইদিনা ‘ডাক্তৰ’জনক আন এগৰাকী মহিলাৰ অভিযোগত দক্ষিণ কলকাতাৰ কালিঘাট থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  মহিলা চিকিৎসকগৰাকীয়ে বিয়াৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে গম পায় যে তেওঁৰ হ’বলগীয়া স্বামীয়ে বিয়াৰ প্ৰতিশ্ৰুতিৰে কেইবাগৰাকীও মহিলাক ধৰ্ষণ কৰিছে। ইয়াৰ পাছত আৰক্ষীয়ে নথি-পত্ৰ পৰীক্ষা কৰি আছে যে তেওঁ সঁচাকৈয়ে ডাক্তৰ নে নহয়।

ঘটনাৰ স্থান দক্ষিণ কলকাতা, আৰক্ষীয়ে জনোৱা মতে, ধৃত যুৱকজনৰ নাম অভিজিৎ ৰায়। এগৰাকী যুৱতীয়ে কালিঘাট আৰক্ষী থানাত এজাহাৰ দি কয় যে তেওঁৰ এছ পি মুখাৰ্জী ৰোডত পলিক্লিনিক আছে। অভিজিত আগতে চিকিৎসাৰ বাবে ইয়ালৈ আহিছিল। ৰোগীক চিকিৎসা কৰাতকৈ ৰোগীৰ লগত কথা পাতিহে তেওঁ বেছি ভাল পাইছিল। ইয়াৰ মাজতে তেওঁ যুৱতীগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দিলে। অভিজিতে তেওঁক কিছু ঠাইলৈ লৈ গ’ল। বিয়াৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ ‘ডাক্তৰ’জনে তেওঁক এৰাই চলিবলৈ আৰম্ভ কৰিলে। তাৰ বাবেই যুৱতীগৰাকীয়ে কালিঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বুধবাৰে আৰক্ষীয়ে তদন্ত কৰি অভিজিতক দক্ষিণ কলকাতাৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

এই গ্ৰেপ্তাৰৰ পাছতে তদন্তই আন এক নতুন পাক লৈছিল। গ্ৰেপ্তাৰৰ খবৰ পাই আন এগৰাকী যুৱতীয়ে থানালৈ আহিছিল। যুৱকজন তেওঁৰ হ’বলগীয়া স্বামী বুলি আৰক্ষীৰ আগত দাবী কৰে। যুৱতীগৰাকী কেন্দ্ৰীয় চৰকাৰী সংস্থাৰ কৰ্মচাৰী। ডাক্তৰৰ লগত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। অভিজিতে বিয়াৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰা বুলি অভিযোগ কৰে যুৱতীগৰাকীয়ে। ৬ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিয়া হোৱাৰ কথা আছিল বুলিও উল্লেখ কৰে। একেধৰণৰ দুটা ঘটনাৰ খবৰ পোৱাৰ পাছতে পৰিয়ালৰ লোকৰ সৈতে কথা পাতি আৰক্ষীয়ে স্তম্ভিত হৈ পৰে। পৰিয়ালৰ লোকে আৰক্ষীক জনোৱা মতে, অভিজিতে গ্ৰেপ্তাৰ হোৱাৰ  দিনটোতে এগৰাকী লেডী ডাক্তৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল। দুয়োটা পৰিয়ালে বিবাহৰ চূড়ান্ত প্ৰস্তুতি চলাইছিল। ইয়াৰ পূৰ্বেই এই ঘটনা পোহৰলৈ আহিছিল।

প্ৰাথমিক জেৰাৰ সময়ত ধৃত যুৱকজনে স্বীকাৰ কৰে যে তেওঁ লেডী ডাক্তৰগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁৰ ওচৰ চাপিছিল। তেওঁ মিছা প্ৰতিশ্ৰুতি দিয়া কোনো যুৱতীয়েই নাজানিছিল যে তেওঁৰ ‘হ’বলগীয়া স্বামী’য়ে আন এগৰাকী মহিলাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছে। অভিজিত ৰায়ক আলিপুৰ আদালতলৈ অনাৰ সময়ত ন্যায়াধীশে তেওঁক ২৭ জানুৱাৰীলৈকে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। আন দুগৰাকী মহিলাই অভিযোগ কৰিলেই আৰক্ষীয়ে তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব। আৰক্ষীয়ে জনোৱা মতে, তেওঁ আন কোনো মহিলাৰ সৈতেও একেধৰণৰ আচৰণ কৰিছে নেকি সেই বিষয়ে জানিবলৈ বৰ্তমান চেষ্টা চলাই আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই