--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ গায়ক উদিত নাৰায়ণে আজি ৬৯ সংখ্যক জন্মদিন উদযাপন কৰিছে। ১৯৫৫ চনৰ ১ ডিচেম্বৰত বিহাৰৰ সুপৌলৰ বায়সী গোছপুৰত জন্মগ্ৰহণ কৰিছিল উদিত নাৰায়ণে। উদিত নাৰায়ণৰ সম্পূৰ্ণ নাম উদিত নাৰায়ণ ঝা। আজি তেওঁৰ বিশেষ দিনটোত তেখেতৰ লগত জড়িত কিছু নজনা কথা জানো আহক।

বলীউডৰ বহু তাৰকাৰ বাবে নিজৰ সুৰীয়া কণ্ঠৰে ডাঙৰ পৰ্দাত ৰোমান্টিক সুৰ সৃষ্টি কৰা কণ্ঠশিল্পী উদিত নাৰায়ণৰ আজি ৬৯ সংখ্যক জন্মদিন। উদিতে বহু বলীউড ছবিত ছুপাৰহিট গীত গাইছে। ইয়াৰ উপৰিও তেওঁ তেলেগু, তামিল, হিন্দী, মালয়ালম, কানাড়া, ওদিয়া, নেপালী, ভোজপুৰী, বাংলা আনকি অসমীয়া ভাষাতো গীত গাইছে।

উদিত নাৰায়ণ ঝা এজন বিখ্যাত ভাৰতীয় প্লেবেক গায়ক। ভাৰত আৰু নেপালৰ এগৰাকী প্ৰখ্যাত গায়ক হিচাপে পৰিচিত। ২০০৯ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।পদ্ম ভূষণেৰে ২০১৬ চনত ৪ টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে তেওঁ। অৱশ্যে প্ৰথম অৱস্থাত উদিতে বলীউডৰ প্লেবেক গায়ক হিচাপে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল। মহম্মদ ৰফিৰ সৈতে উদিতে প্ৰথম হিন্দী গীত গাইছিল। তেওঁৰ কণ্ঠত সেই যাদু আছে ৷ অতি কম বয়সৰ পৰাই উদিতে গান গাবলৈ আৰম্ভ কৰিছিল। উদিতৰ মাতৃভাষা মাইথিলী আৰু তেওঁ বিহাৰৰ মিথিলাঞ্চলৰ । উদিতৰ মাতৃগৃহ বিহাৰত আৰু তাতেই তেওঁৰ জন্ম হৈছিল।

উদিত নাৰায়ণে যোৱা ৪৪ বছৰ ধৰি ছবিৰ বাবে গীত গাই আহিছে। সুৰৰ ৰজা উদিতে কেৱল হিন্দীতে নহয়, মালয়ালম, তেলেগু, কানাড়া, তামিল, বাংলা, উড়িয়া, ভোজপুৰী, নেপালী, অসমীয়া আৰু মেথিলি ভাষাতো গীত গাইছে। নেপালী চলচ্চিত্ৰৰ পৰাই গায়ক জীৱন আৰম্ভ কৰিছিল উদিতে। এই ছবিখনৰ নাম আছিল ‘সিন্দুৰ’। ইয়াৰ পিছত ১৯৭৮ চনত উদিত নাৰায়ণ মুম্বাইলৈ আহে। ‘উনিছ-বিজ’ ছবিখনৰ জৰিয়তে উদিতে বলীউডত অভিষেক ঘটায় কিন্তু আমিৰ খানৰ ছবিখনৰ লগে লগে তেওঁৰ ভাগ্য সলনি হয়।

আমিৰ খানৰ ছবি ‘কায়ামত ছে কায়ামত তক’ৰ ‘পাপা কেহতে হায় বাৰা নাম কাৰেগা’ গীতটি গাইছিল উদিত নাৰায়ণে। এই গীতটো ছুপাৰহিট হ’ল। এই গীতটিৰ পাছতেই বহু প্ৰস্তাৱ আহিবলৈ ধৰিলে উদিত নাৰায়ণলৈ। এই গীতটোৰ বাবেই তেওঁ প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ প্লেবেক গায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। গায়ক জীৱনত উদিতে লক্ষ্মীকান্ত প্যাৰেলাল, আনন্দ-মিলিন্দ, নদীম-শ্ৰৱণ, অনু মালিক, যতীন ললিত, হিমেশ ৰেশমীয়া, এ আৰ ৰহমান আদি মহান প্ৰতিভাৱান সংগীত পৰিচালকৰ সৈতে কাম কৰিবলৈ সুযোগ পায় ।


১৯৮৫ চনত উদিত নাৰায়ণে নেপালী লোকগায়িকা দীপাৰ লগত বিবাহপাশত আবদ্ধ হয়। এবছৰৰ পাছত তেওঁৰ এটি পুত্ৰ সন্তান আদিত্য নাৰায়ণ জন্ম হয়। উল্লেখ্য যে আদিত্যও পিতৃৰ দৰে প্লেবেক গায়ক। গীত-মাতৰ উপৰিও অভিনয়ৰ ক্ষেত্ৰতো চেষ্টা কৰিছে উদিত নাৰায়ণে। ১৯৮৫ চনত মুক্তি পোৱা নেপালী ছবি ‘কুছুমে ৰুমাল’ত অভিনয় কৰিছিল। ইয়াৰ উপৰিও উদিত নাৰায়ণে এই ছবিখনৰ সকলো গীত গাইছিল। এই নেপালী ছবিখন চলচ্চিত্ৰ জগতৰ সৰ্বকালৰ ক্লাছিক ছবিসমূহৰ ভিতৰত অন্যতম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু