--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ গায়ক উদিত নাৰায়ণে আজি ৬৯ সংখ্যক জন্মদিন উদযাপন কৰিছে। ১৯৫৫ চনৰ ১ ডিচেম্বৰত বিহাৰৰ সুপৌলৰ বায়সী গোছপুৰত জন্মগ্ৰহণ কৰিছিল উদিত নাৰায়ণে। উদিত নাৰায়ণৰ সম্পূৰ্ণ নাম উদিত নাৰায়ণ ঝা। আজি তেওঁৰ বিশেষ দিনটোত তেখেতৰ লগত জড়িত কিছু নজনা কথা জানো আহক।

বলীউডৰ বহু তাৰকাৰ বাবে নিজৰ সুৰীয়া কণ্ঠৰে ডাঙৰ পৰ্দাত ৰোমান্টিক সুৰ সৃষ্টি কৰা কণ্ঠশিল্পী উদিত নাৰায়ণৰ আজি ৬৯ সংখ্যক জন্মদিন। উদিতে বহু বলীউড ছবিত ছুপাৰহিট গীত গাইছে। ইয়াৰ উপৰিও তেওঁ তেলেগু, তামিল, হিন্দী, মালয়ালম, কানাড়া, ওদিয়া, নেপালী, ভোজপুৰী, বাংলা আনকি অসমীয়া ভাষাতো গীত গাইছে।

উদিত নাৰায়ণ ঝা এজন বিখ্যাত ভাৰতীয় প্লেবেক গায়ক। ভাৰত আৰু নেপালৰ এগৰাকী প্ৰখ্যাত গায়ক হিচাপে পৰিচিত। ২০০৯ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।পদ্ম ভূষণেৰে ২০১৬ চনত ৪ টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে তেওঁ। অৱশ্যে প্ৰথম অৱস্থাত উদিতে বলীউডৰ প্লেবেক গায়ক হিচাপে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল। মহম্মদ ৰফিৰ সৈতে উদিতে প্ৰথম হিন্দী গীত গাইছিল। তেওঁৰ কণ্ঠত সেই যাদু আছে ৷ অতি কম বয়সৰ পৰাই উদিতে গান গাবলৈ আৰম্ভ কৰিছিল। উদিতৰ মাতৃভাষা মাইথিলী আৰু তেওঁ বিহাৰৰ মিথিলাঞ্চলৰ । উদিতৰ মাতৃগৃহ বিহাৰত আৰু তাতেই তেওঁৰ জন্ম হৈছিল।

উদিত নাৰায়ণে যোৱা ৪৪ বছৰ ধৰি ছবিৰ বাবে গীত গাই আহিছে। সুৰৰ ৰজা উদিতে কেৱল হিন্দীতে নহয়, মালয়ালম, তেলেগু, কানাড়া, তামিল, বাংলা, উড়িয়া, ভোজপুৰী, নেপালী, অসমীয়া আৰু মেথিলি ভাষাতো গীত গাইছে। নেপালী চলচ্চিত্ৰৰ পৰাই গায়ক জীৱন আৰম্ভ কৰিছিল উদিতে। এই ছবিখনৰ নাম আছিল ‘সিন্দুৰ’। ইয়াৰ পিছত ১৯৭৮ চনত উদিত নাৰায়ণ মুম্বাইলৈ আহে। ‘উনিছ-বিজ’ ছবিখনৰ জৰিয়তে উদিতে বলীউডত অভিষেক ঘটায় কিন্তু আমিৰ খানৰ ছবিখনৰ লগে লগে তেওঁৰ ভাগ্য সলনি হয়।

আমিৰ খানৰ ছবি ‘কায়ামত ছে কায়ামত তক’ৰ ‘পাপা কেহতে হায় বাৰা নাম কাৰেগা’ গীতটি গাইছিল উদিত নাৰায়ণে। এই গীতটো ছুপাৰহিট হ’ল। এই গীতটিৰ পাছতেই বহু প্ৰস্তাৱ আহিবলৈ ধৰিলে উদিত নাৰায়ণলৈ। এই গীতটোৰ বাবেই তেওঁ প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ প্লেবেক গায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। গায়ক জীৱনত উদিতে লক্ষ্মীকান্ত প্যাৰেলাল, আনন্দ-মিলিন্দ, নদীম-শ্ৰৱণ, অনু মালিক, যতীন ললিত, হিমেশ ৰেশমীয়া, এ আৰ ৰহমান আদি মহান প্ৰতিভাৱান সংগীত পৰিচালকৰ সৈতে কাম কৰিবলৈ সুযোগ পায় ।


১৯৮৫ চনত উদিত নাৰায়ণে নেপালী লোকগায়িকা দীপাৰ লগত বিবাহপাশত আবদ্ধ হয়। এবছৰৰ পাছত তেওঁৰ এটি পুত্ৰ সন্তান আদিত্য নাৰায়ণ জন্ম হয়। উল্লেখ্য যে আদিত্যও পিতৃৰ দৰে প্লেবেক গায়ক। গীত-মাতৰ উপৰিও অভিনয়ৰ ক্ষেত্ৰতো চেষ্টা কৰিছে উদিত নাৰায়ণে। ১৯৮৫ চনত মুক্তি পোৱা নেপালী ছবি ‘কুছুমে ৰুমাল’ত অভিনয় কৰিছিল। ইয়াৰ উপৰিও উদিত নাৰায়ণে এই ছবিখনৰ সকলো গীত গাইছিল। এই নেপালী ছবিখন চলচ্চিত্ৰ জগতৰ সৰ্বকালৰ ক্লাছিক ছবিসমূহৰ ভিতৰত অন্যতম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ