--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাস্তৱ ঘটানাৰ আধাৰত নিৰ্মিত হিন্দী ছবি ‘অগ্নি’ অতি শীঘ্ৰেই দৰ্শকৰ বাবে মুকলি হ’ব৷ ছবিখনৰ নিৰ্মাতা ৰাহুল ঢোলাকিয়াই কয় যে অগ্নিৰ কাহিনী এনে এটা কাহিনী যিটো প্ৰকাশ কৰিবলৈ তেওঁ বহু অপেক্ষা কৰি আছিল৷ তেওঁ আশা কৰিছে যে ছবিখনে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰতি সন্মান জাগৰিত কৰাৰ লগতে প্ৰেৰণাদায়ক হ’ব, যিসকলে আনক বচাবলৈ নিজৰ জীৱন উৎসৰ্গা কৰি আহিছে।

‘পাৰ্জানিয়া’ আৰু ‘ৰেইছ’ৰ দৰে ছবিৰ বাবে পৰিচিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ আগন্তুক ছবি অগ্নিৰ কাহিনীৰ আধাৰ আমেৰিকাত সংঘটিত ঘটনাৰ ৯/১১ৰ স্মৃতিসৌধ৷ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয় যে আমেৰিকাত থাকোঁতে তেওঁ ৯/১১ৰ স্মৃতিসৌধলৈ গৈছিল আৰু তাতেই তেওঁ অগ্নিনিৰ্বাপক বাহিনীৰ ফটো দেখিছিলো। তেতিয়াই এনে ধৰণৰ ছবি এখন নিৰ্মান কৰাৰ যাত্ৰা আৰম্ভ হৈছিল৷এই ছবিখনত প্ৰতীক গান্ধী, দিব্যেণ্ডু আৰু ছাইয়ামি খেৰৰ দৰে প্ৰতিভাশালী অভিনয় শিল্পীক দেখিবলৈ পোৱা যাব বুলি উল্লেখ কৰিছে৷ ইয়াৰোপৰি ছবিখনত ছাই তাম্হাংকৰ, জিতেন্দ্ৰ যোশী, উদিত অৰোৰা, আৰু কবীৰ শ্বাহেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

অগ্নিনিৰ্বাপক বাহিনীৰ ওপৰত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমখন ছবি ‘অগ্নিৰ’ কাহিনী অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু এজন আৰক্ষীৰ ওপৰত নিবদ্ধ, যিয়ে চহৰখনত অগ্নি কাণ্ডৰ বৃদ্ধিৰ ৰহস্যজনক উত্থানৰ তদন্ত কৰি আছে।

ঢোলাকিয়াই কয় যে এই প্ৰকৃত নায়কসকলৰ এই প্ৰচেষ্টাক আমি, স্বীকৃতি দিয়াৰ সময় আহি পৰিছে।  ছবিখনত এটা শাৰী আছে, 'গলতি কিচি কি ভি হো জন হমাৰি জাতি হায়' অৰ্থাৎ দোষ যাৰেই  নহওক কিয় প্ৰাণ আমাৰে যায়। যিহেতু আমাৰ অসাৱধানতাৰ বাবেই অগ্নি কাণ্ড সংঘটিত হয়। আমি পুলিচ বা অন্য বাহিনীক যেনেকৈ সন্মান কৰো, আমি তেওঁলোকৰ প্ৰতিও একে সম্মন প্ৰদৰ্শন কৰিব লাগে৷

উল্লেখযোগ্য যে ঢোলাকিয়াই ‘অগ্নি’ৰ কাহিনীৰ গৱেষণা আৰু চিত্ৰনাট্যৰ বাবে তিনি বছৰ উচৰ্গা কৰিছিল আৰু তেওঁৰ ছবিখনত অগ্নিনিৰ্বাপক বাহিনীৰ চিত্ৰণত ৱাস্তৱ তথা সন্মানজনক দুয়োটা দিশ উন্মুচিত হোৱাটো নিশ্চিত কৰিছিল৷ ২০২২ চনৰ আগষ্ট মাহত ‘অগ্নি’ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল আৰু কেইমাহমানৰ পিছতশেষ হৈছিল। 

৬ ডিচেম্বৰৰ পৰা প্ৰাইম ভিডিঅ’ত ষ্ট্ৰীমিং আৰম্ভ হ’ব বহু আপেক্ষিত ছবি ‘অগ্নি’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ