--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিখ্যাত ব্যৱসায়ী মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীও এগৰাকী সফল ব্যৱসায়ী মহিলা। দেশৰ সফল মহিলাৰ ভিতৰত নীতা আম্বানীৰ নাম গণ্য কৰা হয়।সৌন্দৰ্যৰ ফালৰ পৰাও ধুনীয়া নীতা আম্বানী। নীতা আম্বানীয়ে নিজৰ ফিটনেছৰ যথেষ্ট যত্ন লয়।হয়তো এই কাৰণেই চলচ্চিত্ৰ জগতৰ একাংশ প্ৰযোজক আৰু পৰিচালকে ছবিৰ বাবে নীতাৰ কাষ চাপিছিল,নীতাই উদ্যোগটোত প্ৰৱেশ কৰিব বিচৰা নাছিল, সেয়েহে তেওঁ নাকচ কৰিছিল।

ছিমি গেৰেৱালৰ  সৈতে "ৰেণ্ডেজ’ছ উইথ ছিমি গেৰেৱাল" শীৰ্ষক শ্ব’ত এই কথা প্ৰকাশ কৰিছিল খোদ নীতাই। শ্ব’টোত ছিমিয়ে নীতা আম্বানীক সুধিছিল, ‘শুনিছো যে উদ্যোগটোৰ বহু প্ৰযোজকে আপোনাক ছবিত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিছিল। এইটো সঠিক কথা নেকি?'

ছিমিৰ কথা শুনি নীতাই আচৰিত হৈ কয়- "মাৰ আগত কেতিয়াও এই কথা নকবা। হয়, কিন্তু এই কথাটো একেবাৰে সঁচা।সেই সময়ত মই বহুত সৰু আছিলো" নীতাই কয় যে তেওঁ কেতিয়াও উদ্যোগটোত যোগদান কৰাৰ কথা ভবা নাছিল।

উল্লেখযোগ্য যে মুকেশ আম্বানীৰ সৈতে বিয়াত বহাৰ আগতে নীতা আম্বানী স্কুলৰ শিক্ষয়িত্ৰী আছিল। এগৰাকী ভাল শিক্ষয়িত্ৰী আৰু ব্যৱসায়ী হোৱাৰ সমান্তৰালকৈ নীতা আম্বানী এগৰাকী নিপুণ শাস্ত্ৰীয় নৃত্যশিল্পীও।সাক্ষাৎকাৰটোতেই নীতা আম্বানীয়ে কয় যে তেওঁ সৰুৰে পৰা ভাৰত নাট্যম আৰু অন্যান্য নৃত্য শিকিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক