--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইকেইদিন সকলোতে কেৱল মনালিছাৰ চৰ্চা। ইণ্টাৰনেটত বিচৰণ কৰিলেই মনালিছাৰ ফটো, ভিডিঅ’ই মানুহৰ চকুত চাট মাৰি ধৰেহি। মনালিছাৰ হাঁহি আৰু দুচকুৰ মায়াই সকলোকে সন্মোহিত কৰিছে। বৰ্তমান সময়ৰ ইণ্টাৰনেট চেন্সেশন মনালিছা ভোছলে। মধ্যপ্ৰদেশৰ খাৰগুন জিলাৰ মহেশ্বৰৰ বাসিন্দা মনালিছাই প্ৰয়াগৰাজ মহাকুম্ভলৈ আহিছিল মালা বিক্ৰী কৰিবলৈ, তেতিয়াই তেওঁ ভাইৰেল হৈ পৰে আৰু সেই মনালিছাৰে এতিয়া ভাগ্য হৈছে সলনি।

মালা বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা মনালিছাই অভিনয়ত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

বলীউডৰ প্ৰথমখন ছবিৰ সৈতে চুক্তিবদ্ধ হ’ল মনালিছা। ‘ডায়েৰী অৱ মণিপুৰ’ ছবিখনৰ বাবে মনালিছাক চুক্তিবদ্ধ কৰিছে পৰিচালক সনোজ মিশ্ৰই। মণিপুৰত সংঘটিত হোৱা ভয়াবহ ঘটনাৰ ওপৰত নিৰ্মিত এই চিনেমাখনত মনালিছাক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। মনালিছাই সনোজ মিশ্ৰক কয় যে তেওঁ নিজৰ ভূমিকাৰ বাবে বহুত কষ্ট কৰিব। পৰিচালকৰ সৈতে তেওঁৰ ফটোও পোহৰলৈ আহিছে।

মনালিছাই কোনটো ভূমিকা ৰূপায়ন কৰিব সেই সম্পৰ্কে এতিয়াও তথ্য দিয়া হোৱা নাই। চিনেমাখন অক্টোবৰ মাহত মুক্তিৰ পৰিকল্পনা কৰা হৈছে। চিনেমাখনৰ বাজেট ২০ কোটি টকা বুলি কোৱা হৈছে। তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। মাৰ্চ বা এপ্ৰিলৰ ভিতৰত শ্বুটিঙৰ বাবে আহিব মনালিছা। সনোজ মিশ্ৰ এজন সুপৰিচিত পৰিচালক। ইয়াৰ পূৰ্বে তেওঁ ‘ৰাম কি জন্মভূমি’, ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’, ‘কাশী টু কাশ্মীৰ’ গান্ধীগিৰি, ধৰম কে সৌদাগৰ আদি বহুকেইখন ছবি নিৰ্মাণ কৰিছে।

উল্লেখ্য যে মনালিছাৰ জনপ্ৰিয়তা ইমানেই বাঢ়িছে যে তেওঁৰ ওপৰত বহু ভোজপুৰী গীত ৰচনা কৰি মুক্তি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ