--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইকেইদিন সকলোতে কেৱল মনালিছাৰ চৰ্চা। ইণ্টাৰনেটত বিচৰণ কৰিলেই মনালিছাৰ ফটো, ভিডিঅ’ই মানুহৰ চকুত চাট মাৰি ধৰেহি। মনালিছাৰ হাঁহি আৰু দুচকুৰ মায়াই সকলোকে সন্মোহিত কৰিছে। বৰ্তমান সময়ৰ ইণ্টাৰনেট চেন্সেশন মনালিছা ভোছলে। মধ্যপ্ৰদেশৰ খাৰগুন জিলাৰ মহেশ্বৰৰ বাসিন্দা মনালিছাই প্ৰয়াগৰাজ মহাকুম্ভলৈ আহিছিল মালা বিক্ৰী কৰিবলৈ, তেতিয়াই তেওঁ ভাইৰেল হৈ পৰে আৰু সেই মনালিছাৰে এতিয়া ভাগ্য হৈছে সলনি।

মালা বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা মনালিছাই অভিনয়ত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

বলীউডৰ প্ৰথমখন ছবিৰ সৈতে চুক্তিবদ্ধ হ’ল মনালিছা। ‘ডায়েৰী অৱ মণিপুৰ’ ছবিখনৰ বাবে মনালিছাক চুক্তিবদ্ধ কৰিছে পৰিচালক সনোজ মিশ্ৰই। মণিপুৰত সংঘটিত হোৱা ভয়াবহ ঘটনাৰ ওপৰত নিৰ্মিত এই চিনেমাখনত মনালিছাক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। মনালিছাই সনোজ মিশ্ৰক কয় যে তেওঁ নিজৰ ভূমিকাৰ বাবে বহুত কষ্ট কৰিব। পৰিচালকৰ সৈতে তেওঁৰ ফটোও পোহৰলৈ আহিছে।

মনালিছাই কোনটো ভূমিকা ৰূপায়ন কৰিব সেই সম্পৰ্কে এতিয়াও তথ্য দিয়া হোৱা নাই। চিনেমাখন অক্টোবৰ মাহত মুক্তিৰ পৰিকল্পনা কৰা হৈছে। চিনেমাখনৰ বাজেট ২০ কোটি টকা বুলি কোৱা হৈছে। তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। মাৰ্চ বা এপ্ৰিলৰ ভিতৰত শ্বুটিঙৰ বাবে আহিব মনালিছা। সনোজ মিশ্ৰ এজন সুপৰিচিত পৰিচালক। ইয়াৰ পূৰ্বে তেওঁ ‘ৰাম কি জন্মভূমি’, ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’, ‘কাশী টু কাশ্মীৰ’ গান্ধীগিৰি, ধৰম কে সৌদাগৰ আদি বহুকেইখন ছবি নিৰ্মাণ কৰিছে।

উল্লেখ্য যে মনালিছাৰ জনপ্ৰিয়তা ইমানেই বাঢ়িছে যে তেওঁৰ ওপৰত বহু ভোজপুৰী গীত ৰচনা কৰি মুক্তি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু