--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত জীৱনক লৈ প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে ৰাখী সাৱন্তে। অৱশ্যে দুবাৰ বিবাহপাশত আবদ্ধ হৈছে অভিনেত্ৰীগৰাকী। কিন্তু তেওঁৰ দুয়োখন বিয়া ভাঙি গ’ল। এতিয়া ৰাখীয়ে তৃতীয়বাৰৰ বাবে বিয়া পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ কিন্তু এইবাৰ ভাৰতত নহয়,পাকিস্তানত হ’ব তেওঁৰ বিবাহ ৷ৰাখীয়ে শেহতীয়াকৈ ভ্ৰমণৰ সময়ত লাভ কৰা বিবাহৰ সু প্ৰস্তাৱৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ পাকিস্তানৰ বিবাহৰ কথা কয়। অভিনেত্ৰীগৰাকীয়ে কয়, ‘পাকিস্তানৰ পৰা মোৰ বহুত প্ৰস্তাৱ আহি আছে। মই পাকিস্তানলৈ যোৱাৰ সময়ত তেওঁলোকে দেখিছিল যে মোৰ আগৰ দুখন বিয়াত মোক কিমান হাৰাশাস্তি কৰা হৈছিল। মই নিশ্চয় পাকিস্তানত বিয়া হোৱাৰ কথা চিন্তা কৰিম।' ৰাখীয়ে কয় যে বহু পাকিস্তানী আৰু ভাৰতীয় দম্পতীয়ে বিবাহপাশত আবদ্ধ হৈ আমেৰিকা আৰু ডুবাইত বসতি স্থাপন কৰি সুন্দৰ জীৱন যাপন কৰি আছে। এই ধৰণৰ বিবাহে দুয়োখন দেশৰ মাজত শান্তি আৰু বুজাবুজিৰ সৃষ্টি কৰে। ভাৰতীয় আৰু পাকিস্তানীয়ে ইজনে সিজনৰ অবিহনে একো কৰিব নোৱাৰে। মই পাকিস্তানী মানুহ ভাল পাওঁ আৰু পাকিস্তানতো মোৰ অনুৰাগী আছে।

কথিত প্ৰেমিক ডোদী খানৰ বিষয়ে কওঁতে ৰাখীয়ে কয় যে তেওঁ এজন অভিনেতা আৰু এজন আৰক্ষী বিষয়া । ৰাখীয়ে ক’লে, ‘পাকিস্তানতেই হ’ব বিয়া। ৰিচেপচন ভাৰতত হব আৰু আমি হানিমুনৰ বাবে চুইজাৰলেণ্ড বা নেদাৰলেণ্ডলৈ যাম। আমি ডুবাইত বসতি স্থাপন কৰিম। 

ৰাখী সাৱন্তৰ ভাঙি যোৱা দুখন বিবাহ

উল্লেখ্য যে, ইয়াৰ আগতে ৰাখীৰ বিয়া হৈছিল ৰিতেশ সিঙৰ সৈতে। তেওঁ ৰিতেশৰ লগত বিগ বছলৈ গৈছিল। অৱশ্যে ৰাখী আৰু ৰিতেশৰ এই বিবাহ স্থায়ী নহ’ল।

দ্বিতীয় বিবাহ আছিল আদিল খান দুৰানীৰ সৈতে। তেওঁৰ লগতো অভিনেত্ৰীগৰাকীৰ বিচ্ছেদ হৈছে। ৰাখীয়ে আদিল খান দুৰানীৰ বিৰুদ্ধেও কেইবাটাও অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁক জেললৈও প্ৰেৰণ কৰিছিল। আদিলে সোমী আলীৰ লগত বিবাহপাশত আবদ্ধ হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ