--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ ভাৰতৰ বেটিং কিংবদন্তি শচীন তেণ্ডুলকাৰৰ জীয়ৰী চাৰা তেণ্ডুলকাৰক তেওঁৰ পিতৃৰ বিভিন্ন খেলৰ সময়ত গেলেৰীত দেখা পোৱা গৈছিল। তেতিয়াৰ চাৰা এতিয়া ডাঙৰ হ’ল! চলিত বৰ্ষৰ অক্টোবৰত ২৪ বছৰীয়া হ’ব চাৰা। এজন চেলিব্ৰিটী পিতৃৰ জীয়ৰী হিচাপে চাৰা পূৰ্বৰ পৰাই লাইমলাইটত আছিল। কিন্তু চাৰাই তাইৰ বিনয়ী হাঁহি আৰু ব্যক্তিত্বৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শচীন তনয়াই বলীউডৰ নায়িকাসকলক সৌন্দৰ্যৰ ক্ষেত্ৰতো অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি গুণা-গাঁথা চলিছে।


শেহতীয়াকৈ চাৰাই বলীউডৰ নায়ক শ্বাহীদ কাপুৰৰ সৈতে হিন্দী চলচ্চিত্ৰত অভিনয় কৰিব বুলি উৰা বাতৰি প্ৰকাশ পাইছিল। অৱশ্যে, পৰৱৰ্তী সময়ত পিতৃ শচীন তেণ্ডুলকাৰে জীয়ৰী চাৰাৰ হিন্দী চিনেমাত অভিনয় কৰাৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্টীকৰণ দিছিল।বলীউডত অভিনয় নকৰিলেও বলীউড অভিনেতা ৰণবীৰ কাপুৰৰ প্ৰতি প্ৰৱল আকৰ্ষণ আছে চাৰা তেণ্ডুলকাৰৰ। ৰণবীৰ কাপুৰ তেওঁৰ ‘চেলিব্ৰিটী ক্ৰাছ’- বুলি চাৰাই মুকলিকৈ এটা সাক্ষাৎকাৰত কৈছিল। লগতে ৰণবীৰ অভিনিত ‘বাজীৰাও মস্তানী’ প্ৰিয় চলচ্চিত্ৰ বুলিও উল্লেখ কৰিছিল চাৰাই।

হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ উৰা বাতৰিৰ উপৰি ভাৰতীয় যুৱ ক্ৰিকেটাৰ শুভমন গীলৰ সৈতে চাৰাৰ প্ৰেম কাহিনীৰো বু-বু-বা-বা চলিছিল। অৱশ্যে চাৰা আৰু শুভমন দুয়োজনে এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। চাৰাই লণ্ডনৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে। সামাজিক মাধ্যমতো প্ৰভূত জনপ্ৰিয়তা আছে চাৰা তেণ্ডুলকাৰৰ। চাৰাৰ ইনষ্টাগ্ৰামত মুঠ ৮২খন ছবি আছে। কিন্তু তেওঁক অনুসৰণকাৰীৰ সংখ্যা ১.২ নিযুত। সম্প্ৰতি চাৰা এটি ‘চেলিব্ৰিটি শিশু’- বুলিও বহুতে প্ৰকাশ কৰিছে। সম্প্ৰতি শচীন তনয়াই অভিনয়ৰ সৈতে জড়িত নোহোৱাৰ কথা পিতৃয়ে প্ৰকাশ কৰিলেও অদূৰ ভৱিষ্যতে চলচ্চিত্ৰপ্ৰেমীয়ে চাৰাক বলীউডৰ মঞ্চত দেখাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ