--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ তাৰকা অক্ষয় কুমাৰে নীৰজ চোপ্ৰাক তেওঁৰ এখন বায়’পিকত অভিনয় কৰাতো বিচাৰিছে। সমাজিক মাধ্যমযোগে অক্ষয় কুমাৰে অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী নীৰজ চোপ্ৰাক ‘অতি সুন্দৰ ল’ৰা’ বুলি অভিহিত কৰাৰ লগতে তাৰকা খেলুৱৈজনে বিচাৰিলে তেওঁৰ এখন বায়’পিকত অভিনয় কৰিব পাৰে বুলি সদৰী কৰিছে।


সদ্যসমাপ্ত ট’কিঅ’ অলিম্পিকত স্বৰ্ণপদক অৰ্জন কৰা তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ২০১৮চনতে সদৰী কৰিছিল যে, ‘ভৱিষ্যতে যদি তেওঁৰ জীৱনৰ ওপৰত আধাৰিত ছবি নিৰ্মাণ হয় তেতিয়া তেওঁৰ চৰিত্ৰত অক্ষয় কুমাৰ বা ৰনদ্বীপ হুদাই অভিনয় কৰাতো বিচাৰিব।’ সম্প্ৰতি ঘটনাৰ এক আকৰ্ষণীয় পৰিৱৰ্তনত অক্ষয় কুমাৰে তেওঁৰ ছবিত নীৰজ চোপ্ৰাক বিচাৰিছে।


এক সাক্ষাৎকাৰত নীৰজৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বলীউড তাৰকাগৰাকীয়ে কয় যে, ‘নীৰজ চোপ্ৰা এজন অতি সুন্দৰ ল'ৰা। ভৱিষ্যতে মোৰ বায়’পিক নিৰ্মাণ হ’লে সেইখন ছবিত নীৰজে অভিনয় কৰা উচিত।’
উল্লেখ্য যে, মিম নিৰ্মাতাসকলে প্ৰচাৰ কৰা অক্ষয়-নীৰজৰ এখন ছবি সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ভাইৰেল হৈ পৰা মিমটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি বলীউড তাৰকাগৰাকীয়ে কয়, ‘মই সেই মিমটো দেখিছিলো। ভাইৰেল হোৱা আলোকচিত্ৰখনত মই হাতত যাঁঠী লৈ আছিলোঁ। সেইখন ছবি মোৰ প্ৰথম চিনেমা ‘সৌগন্ধ’ৰ পৰা লোৱা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ