--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ তাৰকা অক্ষয় কুমাৰে নীৰজ চোপ্ৰাক তেওঁৰ এখন বায়’পিকত অভিনয় কৰাতো বিচাৰিছে। সমাজিক মাধ্যমযোগে অক্ষয় কুমাৰে অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী নীৰজ চোপ্ৰাক ‘অতি সুন্দৰ ল’ৰা’ বুলি অভিহিত কৰাৰ লগতে তাৰকা খেলুৱৈজনে বিচাৰিলে তেওঁৰ এখন বায়’পিকত অভিনয় কৰিব পাৰে বুলি সদৰী কৰিছে।


সদ্যসমাপ্ত ট’কিঅ’ অলিম্পিকত স্বৰ্ণপদক অৰ্জন কৰা তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ২০১৮চনতে সদৰী কৰিছিল যে, ‘ভৱিষ্যতে যদি তেওঁৰ জীৱনৰ ওপৰত আধাৰিত ছবি নিৰ্মাণ হয় তেতিয়া তেওঁৰ চৰিত্ৰত অক্ষয় কুমাৰ বা ৰনদ্বীপ হুদাই অভিনয় কৰাতো বিচাৰিব।’ সম্প্ৰতি ঘটনাৰ এক আকৰ্ষণীয় পৰিৱৰ্তনত অক্ষয় কুমাৰে তেওঁৰ ছবিত নীৰজ চোপ্ৰাক বিচাৰিছে।


এক সাক্ষাৎকাৰত নীৰজৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বলীউড তাৰকাগৰাকীয়ে কয় যে, ‘নীৰজ চোপ্ৰা এজন অতি সুন্দৰ ল'ৰা। ভৱিষ্যতে মোৰ বায়’পিক নিৰ্মাণ হ’লে সেইখন ছবিত নীৰজে অভিনয় কৰা উচিত।’
উল্লেখ্য যে, মিম নিৰ্মাতাসকলে প্ৰচাৰ কৰা অক্ষয়-নীৰজৰ এখন ছবি সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ভাইৰেল হৈ পৰা মিমটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি বলীউড তাৰকাগৰাকীয়ে কয়, ‘মই সেই মিমটো দেখিছিলো। ভাইৰেল হোৱা আলোকচিত্ৰখনত মই হাতত যাঁঠী লৈ আছিলোঁ। সেইখন ছবি মোৰ প্ৰথম চিনেমা ‘সৌগন্ধ’ৰ পৰা লোৱা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু