--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বিগত কিছুদিন ধৰি বলীউড অভিনেত্ৰী কৰিণা কাপুৰৰ প্ৰসংগই বাতৰিৰ শিৰোনাম দখল কৰা দেখা গৈছে। উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কৰীণা-চেইফৰ দ্বিতীয় পুত্ৰই জন্মলাভ কৰিছে। পুত্ৰৰ জন্মৰ পাছত নামকৰণ সন্দৰ্ভত পৰ্যালোচনা হোৱা পৰিলক্ষিত হৈছিল। অৱশেষত, প্ৰথম পুত্ৰ টাইমুৰৰ নামকৰণ কৰাৰ দৰে দ্বিতীয় পুত্ৰৰ নাম ৰাখে জেহ। পৰৱৰ্তী সময়ত অভিনেত্ৰীগৰাকীৰ দ্বিতীয় পুত্ৰ জেহক ট্ৰ’লৰ লক্ষ্য হিচাপে লৈছিল একাংশই। প্ৰায় এমাহ পূৰ্বে, কৰিণা-চেইফে তেওঁলোকৰ দ্বিতীয় পুত্ৰ জেহৰ নাম ঘোষণা কৰিছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ নতুন গ্ৰন্থ ‘প্ৰেগনেঞ্চী বাইবেল’ত তেওঁৰ পুত্ৰৰ নামৰ পাৰ্থক্য দেখা পোৱা গৈছে।

জানিবলৈ পোৱা মতে, গ্ৰন্থখনত কৰিণাৰ দ্বিতীয় পুত্ৰৰ নাম জাহাংগীৰ আলী খান বুলি প্ৰকাশ পাইছে। নামৰ পাৰ্থক্যৰ কথা পোহৰলৈ অহাৰ লগে লগে একাংশই তেওঁৰ পুত্ৰ আৰু পৰিয়ালৰ সদস্যসকলক সামাজিক মাধ্যমত ট্ৰ’ল কৰা পৰিলক্ষিত হৈছে। দীৰ্ঘ সময়ৰ মৌনতাৰ বেহু ফালি অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্কত পোন প্ৰথমবাৰলৈ মুখ খুলিছে। ইণ্ডিয়া টু-ডে’ৰ সৈতে হোৱা এক সাক্ষাত্কা্ৰত কৰিণাই সদৰী কৰিছে যে, ‘মই এগৰাকী ইতিবাচক মানুহ। মই অত্যন্ত সুখী। কৰ’নাৰ দৰে কঠিন সময়ত, মই মানুহৰ মাজত সুখ আৰু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰবি বিচাৰো। কোনোধৰণৰ ট্ৰ’ল বা নেতিবাচক কথা সম্প্ৰতি ভাবিব নোৱাৰো।’ জেহৰ নাম বিতৰ্কৰ ওপৰত চলা ট্ৰ’ল সম্পৰ্কেও কৰিণাই প্ৰকাশ কৰিছে যে, আমি ২টা শিশুৰ বিষয়ে কথা পাতি আছো। কৰ’না মহামাৰীয়ে বিধ্বস্ত কৰা সময়ত মোৰ সন্তান কাৰো উপলক্ষ্য হ’ব নালাগে বুলি তেওঁ জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ