--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানৱতাৰ বৈধ্যভূমিত পৰিণত হৈছে সাম্প্ৰতিক সমাজ। ন-ন চমকৰ ভৰত একবিংশ শতিকাৰ এই যুগত মানৱ সমাজে যিদৰে উত্তৰণৰ পথত বাট বুলিছে, তাৰ সমসাময়িকভাৱে ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে মানৱীয় আচৰণৰ। এতিয়াৰ সমাজত হত্যা-হিংসা হৈ পৰিছে নিত্য নৈমিত্তিক এক সাধাৰণ ঘটনা। সমাজত দৈনিক সংঘটিত এনে হত্যা-হিংসাৰ পৰিৱেশে আজিৰ মানৱীয় গুণৰ অৱক্ষয়ৰ এই নিদাৰুণ সমাজ ব্যৱস্থাৰ কদৰ্য ৰূপটো স্পষ্টকৈ তুলি ধৰিছে

মানৱীয়তাৰ স্খলনৰ এনে পৰিৱেশক লৈ হুতাহ-হুমুনিয়াহ কাঢ়ি থকাৰ সময়তে দিল্লীত সংঘটিত এক বৰ্বৰ হত্যাকাণ্ডই পুনৰ এবাৰ মানৱ সমাজৰ এই কদৰ্যময় পৰিস্থিতিক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনৰ কেৰল বাগ নামৰ এটা অঞ্চলত এজন আততায়ীয়ে মাত্ৰ এটা ৰুটি দিবলৈ অস্বীকাৰ কৰাৰ বাবেই নৃশংসতাৰে হত্যা কৰিছে এজন ৰিক্সাচালকক।

যোৱা ২৬ জুলাইত সংঘটিত হৈছিল এই বৰ্বৰ আৰু নিদাৰুণ হত্যাকাণ্ড। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ২৬ জুলাইত কেৰল বাগত স্থানীয় লোকে এজন লোকক ৰাস্তাৰ কাষতে তেজেৰে তুমুৰুলি হৈ পৰি থকা অৱস্থাত এজন ব্যক্তিক উদ্ধাৰ কৰে আৰু লগে লগে কাষৰীয়া এখন চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে প্ৰাথমিক পৰীক্ষণতে ব্যক্তিজনে ইতিমধ্যেই প্ৰাণ হেৰুওৱা বুলি ঘোষণা কৰে। এনে পৰিস্থিতিত স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপে আৰু এটা গোচৰ ৰুজু কৰে।

এই গোচৰৰ ভিত্তিত অনুসন্ধানৰ বাবে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় ৰাইজক সোধ-পোচ কৰাৰ পিছত আৰক্ষীয়ে ঘটনাটোৰ এজন প্ৰত্যক্ষদৰ্শী লাভ কৰে আৰু তেওঁৰ পৰাই এই সমগ্ৰ ঘটনাৰ বুজ লয়।

প্ৰত্যক্ষদৰ্শী গৰাকীয়ে আৰক্ষীৰ আগত দাঙি ধৰা বিৱৰণ অনুসৰি মৃত ৰিক্সাচালক জনক পথেৰে গৈ থকা এগৰাকী সুৰাপায়ী ব্যক্তিয়ে এখন ৰুটি বিচাৰে। তেওঁৰ অনুৰোধত ৰিক্সাচালকজনে নিজৰ আহাৰৰ বাবে অনা এটা ৰুটি খাবলৈ দিছিল। কিন্তু সুৰাপায়ী ব্যক্তি গৰাকীয়ে তেওঁক পুনৰ আন এটা ৰুটি বিচৰাত তেওঁ দিবলৈ অস্বীকাৰ কৰে।

ৰিক্সাচালক জনৰ পৰা দ্বিতীয়বাৰ ৰুটি লাভ নকৰাৰ বাবে সুৰাপান কৰি থকা থকা লোকজনে চিঞৰিবলৈ আৰম্ভ কৰে। এনে অস্বাভাৱিক পৰিস্থিতত ৰিক্সাচালকজনে তেওঁক এনে কৰিবলৈ বাধা প্ৰধান কৰে। কিন্তু তালৈ ভ্ৰুক্ষেপ নকৰি সুৰাপায়ী লোকজনে এখন চুৰিৰে ৰিক্সাচালকজনক আক্ৰমণ কৰে। এই অতৰ্কিত আক্ৰমণত ৰিক্সাচালকজন মাটিত বাগৰি পৰে।

স্থানীয় লোকজনে লগতে কয় যে আততায়ী গৰাকীক তেওঁ ধৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। এই ভাষ্য অনুসৰিয়ে আৰক্ষীয়ে অভিযুক্ত আততায়ীজনৰ সন্ধান আৰম্ভ কৰে আৰু ওচৰৰে এখন উদ্যানৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

প্ৰতিবেদন অনুসৰি, মৃত ৰিক্সাচালকজনক ৪০ বছৰীয়া মুন্না বুলি চিনাক্ত কৰা হৈছে। আনহাতে হত্যাৰ অভিযুক্তগৰাকীক ফিৰোজ খান বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত ফিৰোজে আৰক্ষীৰ ওচৰত নিজৰ অপৰাধ স্বীকাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান