--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানৱতাৰ বৈধ্যভূমিত পৰিণত হৈছে সাম্প্ৰতিক সমাজ। ন-ন চমকৰ ভৰত একবিংশ শতিকাৰ এই যুগত মানৱ সমাজে যিদৰে উত্তৰণৰ পথত বাট বুলিছে, তাৰ সমসাময়িকভাৱে ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে মানৱীয় আচৰণৰ। এতিয়াৰ সমাজত হত্যা-হিংসা হৈ পৰিছে নিত্য নৈমিত্তিক এক সাধাৰণ ঘটনা। সমাজত দৈনিক সংঘটিত এনে হত্যা-হিংসাৰ পৰিৱেশে আজিৰ মানৱীয় গুণৰ অৱক্ষয়ৰ এই নিদাৰুণ সমাজ ব্যৱস্থাৰ কদৰ্য ৰূপটো স্পষ্টকৈ তুলি ধৰিছে

মানৱীয়তাৰ স্খলনৰ এনে পৰিৱেশক লৈ হুতাহ-হুমুনিয়াহ কাঢ়ি থকাৰ সময়তে দিল্লীত সংঘটিত এক বৰ্বৰ হত্যাকাণ্ডই পুনৰ এবাৰ মানৱ সমাজৰ এই কদৰ্যময় পৰিস্থিতিক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনৰ কেৰল বাগ নামৰ এটা অঞ্চলত এজন আততায়ীয়ে মাত্ৰ এটা ৰুটি দিবলৈ অস্বীকাৰ কৰাৰ বাবেই নৃশংসতাৰে হত্যা কৰিছে এজন ৰিক্সাচালকক।

যোৱা ২৬ জুলাইত সংঘটিত হৈছিল এই বৰ্বৰ আৰু নিদাৰুণ হত্যাকাণ্ড। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ২৬ জুলাইত কেৰল বাগত স্থানীয় লোকে এজন লোকক ৰাস্তাৰ কাষতে তেজেৰে তুমুৰুলি হৈ পৰি থকা অৱস্থাত এজন ব্যক্তিক উদ্ধাৰ কৰে আৰু লগে লগে কাষৰীয়া এখন চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে প্ৰাথমিক পৰীক্ষণতে ব্যক্তিজনে ইতিমধ্যেই প্ৰাণ হেৰুওৱা বুলি ঘোষণা কৰে। এনে পৰিস্থিতিত স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপে আৰু এটা গোচৰ ৰুজু কৰে।

এই গোচৰৰ ভিত্তিত অনুসন্ধানৰ বাবে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় ৰাইজক সোধ-পোচ কৰাৰ পিছত আৰক্ষীয়ে ঘটনাটোৰ এজন প্ৰত্যক্ষদৰ্শী লাভ কৰে আৰু তেওঁৰ পৰাই এই সমগ্ৰ ঘটনাৰ বুজ লয়।

প্ৰত্যক্ষদৰ্শী গৰাকীয়ে আৰক্ষীৰ আগত দাঙি ধৰা বিৱৰণ অনুসৰি মৃত ৰিক্সাচালক জনক পথেৰে গৈ থকা এগৰাকী সুৰাপায়ী ব্যক্তিয়ে এখন ৰুটি বিচাৰে। তেওঁৰ অনুৰোধত ৰিক্সাচালকজনে নিজৰ আহাৰৰ বাবে অনা এটা ৰুটি খাবলৈ দিছিল। কিন্তু সুৰাপায়ী ব্যক্তি গৰাকীয়ে তেওঁক পুনৰ আন এটা ৰুটি বিচৰাত তেওঁ দিবলৈ অস্বীকাৰ কৰে।

ৰিক্সাচালক জনৰ পৰা দ্বিতীয়বাৰ ৰুটি লাভ নকৰাৰ বাবে সুৰাপান কৰি থকা থকা লোকজনে চিঞৰিবলৈ আৰম্ভ কৰে। এনে অস্বাভাৱিক পৰিস্থিতত ৰিক্সাচালকজনে তেওঁক এনে কৰিবলৈ বাধা প্ৰধান কৰে। কিন্তু তালৈ ভ্ৰুক্ষেপ নকৰি সুৰাপায়ী লোকজনে এখন চুৰিৰে ৰিক্সাচালকজনক আক্ৰমণ কৰে। এই অতৰ্কিত আক্ৰমণত ৰিক্সাচালকজন মাটিত বাগৰি পৰে।

স্থানীয় লোকজনে লগতে কয় যে আততায়ী গৰাকীক তেওঁ ধৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। এই ভাষ্য অনুসৰিয়ে আৰক্ষীয়ে অভিযুক্ত আততায়ীজনৰ সন্ধান আৰম্ভ কৰে আৰু ওচৰৰে এখন উদ্যানৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

প্ৰতিবেদন অনুসৰি, মৃত ৰিক্সাচালকজনক ৪০ বছৰীয়া মুন্না বুলি চিনাক্ত কৰা হৈছে। আনহাতে হত্যাৰ অভিযুক্তগৰাকীক ফিৰোজ খান বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত ফিৰোজে আৰক্ষীৰ ওচৰত নিজৰ অপৰাধ স্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'