--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে শনিবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল৷ ১৯৫ জনীয়া প্ৰথম খন তালিকাত প্ৰাৰ্থিত্ব লাভ কৰিছিল ভোজপুৰী গায়ক  পৱন সিঙে৷  আছানচোলৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া সিঙে অৱশ্যে সেই আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ নহয় বুলি ঘোষণা কৰিছে৷

ভোজপুৰী গায়কজনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক তেওঁৰ এক্স-হেণ্ডেলত টেগ কৰি এই কথা জনাইছে। বিজেপি প্ৰাৰ্থী গৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছতে টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে কৈছে যে ৰাজ্যখনৰ জনসাধাৰণৰ "ৰাজহুৱা হুংকাৰ"ৰ বাবেই পৱনে  প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰা হৈছে৷ 

উল্লেখ্য পৱন সিঙে লিখিছে "মই ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞ। দলটোৱে মোক বিশ্বাস কৰিছিল আৰু মোক আছানচোলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল, কিন্তু কিবা কাৰণত, মই আছানচোলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিম।’’  কিন্তু  ভোজপুৰী গায়কজনে ৰাতিটোৰ ভিতৰতে তেওঁৰ মন সলনি কৰিলে কিয়? 

 পৱন সিঙৰ নাম ঘোষণা হোৱাৰ পিছৰে পৰা  আছানচোলৰ বিজেপি প্ৰাৰ্থীজনকলৈ  যথেষ্ট আলোচনা হৈছে৷ সকলোৱে গায়কজনক গৰিহণা দিয়া দেখা গৈছে৷   অভিযোগ অনুসৰি গায়কজনে  বংগৰ মহিলাসকলকলৈ  'যৌন উদ্দীপনামূলক'গীত গাইছিল৷ সেয়ে সমষ্টিটোৰ মহিলাসকলৰ ৰোষত পৰিছে পৱন সিং৷ দলৰ ভিতৰতে সেয়ে  আছানচোলৰ আসনত বিজেপিৰ প্ৰাৰ্থী সলনি কৰাৰ দাবী  উঠিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক