--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশত শ্বেখ হাছিনাক উৎখাতৰ পাছত বাংলাদেশত এতিয়াও স্থিৰতা অহা নাই৷ এতিয়া মহম্মদ ইউনুছৰ নেতৃত্বত ভাৰত বিৰোধী কাৰ্যকলাপো চলি আছে। ভাৰত বিৰোধী বাক্যবাণ নিক্ষেপ কৰি আহিছে। শেহতীয়া ঘটনাক্ৰম অনুসৰি ইউনুছৰ আন এজন মন্ত্ৰীয়ে ভাৰতৰ কিছু অংশ দখল কৰাৰ ভাবুকি প্ৰদান কৰিছিল।

ইউনুছ চৰকাৰত উপদেষ্টা হিচাপে কৰ্মৰত মাহফুজ আলমে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে উত্তৰ-পূব আৰু উত্তৰ ভাৰতৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক পাৰ্থক্যৰ আধাৰত বিসঙ্গতি সৃষ্টি কৰাৰ চেষ্টা কৰিছিল। পিছত তেওঁ পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ অংশ হিচাপে দেখুওৱা এখন বিতৰ্কিত মানচিত্ৰ প্ৰকাশ কৰিছিল। তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈ পোষ্টটো ডিলিট কৰিবলৈ বৈধ্য হয়৷

তেওঁৰ পোষ্টত মাহফুজ আলমে লিখিছে যে উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ সংস্কৃতি ধৰ্মীয় পাৰ্থক্য নেওচি একেধৰণৰ বুলি উল্লেখ কৰে। তেওঁ  যে পূব পাকিস্তানৰ সৃষ্টি উচ্চ বৰ্ণৰ হিন্দু আৰু হিন্দু উগ্ৰপন্থীৰ বংগ বিৰোধী মনোভাৱৰ ফল বুলি দাবী কৰে। লগতে আলমে ঘোষণা কৰে যে, ভাৰতে নিয়ন্ত্ৰণ আৰু উপনিবেশিকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি দাবী কৰি কয় ভাৰতৰ পৰা প্ৰকৃত স্বাধীনতা নিশ্চিত কৰিবলৈ আমি ১৯৭৫ আৰু ২০২৪ চনক পুনৰাবৃত্তি কৰিব লাগিব।

প্ৰসংগ ক্ৰমে তেওঁ কয় যে ১৯৭৫ চনত বাংলাদেশৰ প্ৰতিষ্ঠাপক নেতা শ্বেখ মুজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ ১৮ জন সদস্যক হত্যা কৰা হৈছিল। ২০২৪ চনত তেওঁৰ কন্যা শ্বেখ হাছিনাক অগণতান্ত্ৰিক উপায়েৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হয়। এইবোৰ পৰিঘটনাৰ মাজত মাত্ৰ ৫০ বছৰৰ ব্যৱধান আছে, কিন্তু একো সলনি হোৱা নাই। আমি ভূগোল আৰু ব্যৱস্থাত আবদ্ধ হৈ পৰিছো। এতিয়া আমাক নতুন ভূগোল আৰু ব্যৱস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰে৷

আলমে যুক্তি দিছিল যে সৰু, সীমিত, ভূখণ্ডৰে বাংলাদেশে কেতিয়াও প্ৰকৃত স্বাধীনতা লাভ কৰিব নোৱাৰে আৰু ইয়াৰ বাধাৰ পৰা মুক্ত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ লগতে বাংলাদেশে ২০২৪ চনৰ শ্বহীদসকলৰ বলিদানৰ জৰিয়তে মুক্তিৰ দাবী জনাইছে আৰু এয়া মাথোঁ আৰম্ভণিহে, শেষ নহয় বুলিও উল্লেখ কৰে।

আলমে আৰু কয় যে, তেওঁলোকে এতিয়াও এই যুঁজখনৰ অন্ত পেলাবলৈ নিজৰ প্ৰাণ আহুতি দিবলৈ সাজু। শ্বহীদৰ ত্যাগেৰে চূড়ান্ত বিজয় আৰু মুক্তিৰ সূচনা হওক! বাংলাদেশ শেষ বিন্দু নহয়, আৰম্ভণিৰ বিন্দু হে বুলি উল্লেখ কৰে। 

নেতাগৰাকীৰ এনে কাৰ্যৰ বাবে বাংলাদেশক হেঁচা প্ৰয়োগ কৰি মাহফুজ আলমক গ্ৰেপ্তাৰ দবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ