--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশত শ্বেখ হাছিনাক উৎখাতৰ পাছত বাংলাদেশত এতিয়াও স্থিৰতা অহা নাই৷ এতিয়া মহম্মদ ইউনুছৰ নেতৃত্বত ভাৰত বিৰোধী কাৰ্যকলাপো চলি আছে। ভাৰত বিৰোধী বাক্যবাণ নিক্ষেপ কৰি আহিছে। শেহতীয়া ঘটনাক্ৰম অনুসৰি ইউনুছৰ আন এজন মন্ত্ৰীয়ে ভাৰতৰ কিছু অংশ দখল কৰাৰ ভাবুকি প্ৰদান কৰিছিল।

ইউনুছ চৰকাৰত উপদেষ্টা হিচাপে কৰ্মৰত মাহফুজ আলমে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে উত্তৰ-পূব আৰু উত্তৰ ভাৰতৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক পাৰ্থক্যৰ আধাৰত বিসঙ্গতি সৃষ্টি কৰাৰ চেষ্টা কৰিছিল। পিছত তেওঁ পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ অংশ হিচাপে দেখুওৱা এখন বিতৰ্কিত মানচিত্ৰ প্ৰকাশ কৰিছিল। তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈ পোষ্টটো ডিলিট কৰিবলৈ বৈধ্য হয়৷

তেওঁৰ পোষ্টত মাহফুজ আলমে লিখিছে যে উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ সংস্কৃতি ধৰ্মীয় পাৰ্থক্য নেওচি একেধৰণৰ বুলি উল্লেখ কৰে। তেওঁ  যে পূব পাকিস্তানৰ সৃষ্টি উচ্চ বৰ্ণৰ হিন্দু আৰু হিন্দু উগ্ৰপন্থীৰ বংগ বিৰোধী মনোভাৱৰ ফল বুলি দাবী কৰে। লগতে আলমে ঘোষণা কৰে যে, ভাৰতে নিয়ন্ত্ৰণ আৰু উপনিবেশিকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি দাবী কৰি কয় ভাৰতৰ পৰা প্ৰকৃত স্বাধীনতা নিশ্চিত কৰিবলৈ আমি ১৯৭৫ আৰু ২০২৪ চনক পুনৰাবৃত্তি কৰিব লাগিব।

প্ৰসংগ ক্ৰমে তেওঁ কয় যে ১৯৭৫ চনত বাংলাদেশৰ প্ৰতিষ্ঠাপক নেতা শ্বেখ মুজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ ১৮ জন সদস্যক হত্যা কৰা হৈছিল। ২০২৪ চনত তেওঁৰ কন্যা শ্বেখ হাছিনাক অগণতান্ত্ৰিক উপায়েৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হয়। এইবোৰ পৰিঘটনাৰ মাজত মাত্ৰ ৫০ বছৰৰ ব্যৱধান আছে, কিন্তু একো সলনি হোৱা নাই। আমি ভূগোল আৰু ব্যৱস্থাত আবদ্ধ হৈ পৰিছো। এতিয়া আমাক নতুন ভূগোল আৰু ব্যৱস্থাৰ প্ৰয়োজন বুলি উল্লেখ কৰে৷

আলমে যুক্তি দিছিল যে সৰু, সীমিত, ভূখণ্ডৰে বাংলাদেশে কেতিয়াও প্ৰকৃত স্বাধীনতা লাভ কৰিব নোৱাৰে আৰু ইয়াৰ বাধাৰ পৰা মুক্ত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ লগতে বাংলাদেশে ২০২৪ চনৰ শ্বহীদসকলৰ বলিদানৰ জৰিয়তে মুক্তিৰ দাবী জনাইছে আৰু এয়া মাথোঁ আৰম্ভণিহে, শেষ নহয় বুলিও উল্লেখ কৰে।

আলমে আৰু কয় যে, তেওঁলোকে এতিয়াও এই যুঁজখনৰ অন্ত পেলাবলৈ নিজৰ প্ৰাণ আহুতি দিবলৈ সাজু। শ্বহীদৰ ত্যাগেৰে চূড়ান্ত বিজয় আৰু মুক্তিৰ সূচনা হওক! বাংলাদেশ শেষ বিন্দু নহয়, আৰম্ভণিৰ বিন্দু হে বুলি উল্লেখ কৰে। 

নেতাগৰাকীৰ এনে কাৰ্যৰ বাবে বাংলাদেশক হেঁচা প্ৰয়োগ কৰি মাহফুজ আলমক গ্ৰেপ্তাৰ দবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক