--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডক হোৱাইটৱাশ্ব কৰাৰ লক্ষ্যৰেই ছিৰিজৰ তৃতীয়খন মেচত অৱতীৰ্ণ হৈছে ভাৰতে। ট্ৰেণ্টব্ৰিজত চলি আছে ছিৰিজৰ তৃতীয় আৰু অন্তিমখন টি-২০ মেচ। এই মেচখনত জছ বাটলাৰ বাহিনীক পৰাস্ত কৰিব পাৰিলে ৰোহিত শৰ্মাৰ ভাৰত হ’ব আন এক কৃতিত্বৰ অধিকাৰী। ভাৰতে আজিৰ দিনটোত বাটলাৰ বাহিনীৰ বিৰুদ্ধে পেচ এটেক হিচাপে ভৰসাৰ থলী কৰি লৈছিল হৰ্ষল পেটেল, আৱেশ খান আৰু উমৰাণ মালিকক। ৰোহিতৰ প্ৰত্যাশাক পূৰ্ণ ৰূপ দিবলৈ সক্ষম হয় ৩ ভাৰতীয় পেচাৰ। ইয়াৰ মাজতে পুনৰ চৰ্চালৈ আহিছে শ্ৰী নগৰ এক্সপ্ৰেছ উমৰাণ মালিকৰ নাম।
 
স্মৰ্তব্য যে, চলিত বৰ্ষত আইপিএলত উন্নত প্ৰদৰ্শন কৰি শ্ৰীনগৰৰ ২২ বছৰীয়া বলাৰগৰাকীয়ে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছে। ইয়াৰ লগে লগে স্পীডষ্টাৰগৰাকীয়ে দেশৰ জাৰ্ছীত তৃতীয়খন মেচ খেলিছে। টছৰ সময়ত ৰোহিতে উমৰাণৰ ভৱিষ্যতৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়। 
ৰোহিতে কয়, ‘উমৰাণে নিজে জানে তেওঁৰ দক্ষতা কোনখিনিত। তেওঁ আন্তঃৰাষ্ট্ৰীয় মেচৰ হেঁচা কেনেকৈ চম্ভালিব পাৰে আমি তাকে নিৰীক্ষণ কৰিব বিচাৰিছো। তেওঁৰ বাবে ই অতি ৰোমাঞ্চকৰ। অত্যন্ত উজ্জ্বল সম্ভাৱনাময় খেলুৱৈ উমৰাণ মালিক। ইয়াক লৈ কোনো সন্দেহ নাই। উমৰাণক আমি শুভকামনা জনাইছো। তেওঁৰ পক্ষত সদায় আছে ভাৰতীয় দল। খেলপথাৰত তেওঁ যিয়েই নকৰক কিয়, আমি তেওঁক আত্মবিশ্বাসী কৰি তুলিম প্ৰতিটো মুহূৰ্তত। ’

ইফালে, বিগত মাহত ডাবলিনৰ মালাহাইড ক্ৰিকেট ক্লাব ওৰফে দ্য ভিলেজত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে টি-২০ মেচ খেল খেলিছিল ভাৰতে। সেই ছিৰিজৰ যোগেদিয়ে উমৰাণৰ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটে। ভাৰতৰ জ্যেষ্ঠ বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে উমৰাণৰ হাতত অৰ্পণ কৰিছিল ডেবিউ কেপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ