--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডক হোৱাইটৱাশ্ব কৰাৰ লক্ষ্যৰেই ছিৰিজৰ তৃতীয়খন মেচত অৱতীৰ্ণ হৈছে ভাৰতে। ট্ৰেণ্টব্ৰিজত চলি আছে ছিৰিজৰ তৃতীয় আৰু অন্তিমখন টি-২০ মেচ। এই মেচখনত জছ বাটলাৰ বাহিনীক পৰাস্ত কৰিব পাৰিলে ৰোহিত শৰ্মাৰ ভাৰত হ’ব আন এক কৃতিত্বৰ অধিকাৰী। ভাৰতে আজিৰ দিনটোত বাটলাৰ বাহিনীৰ বিৰুদ্ধে পেচ এটেক হিচাপে ভৰসাৰ থলী কৰি লৈছিল হৰ্ষল পেটেল, আৱেশ খান আৰু উমৰাণ মালিকক। ৰোহিতৰ প্ৰত্যাশাক পূৰ্ণ ৰূপ দিবলৈ সক্ষম হয় ৩ ভাৰতীয় পেচাৰ। ইয়াৰ মাজতে পুনৰ চৰ্চালৈ আহিছে শ্ৰী নগৰ এক্সপ্ৰেছ উমৰাণ মালিকৰ নাম।
 
স্মৰ্তব্য যে, চলিত বৰ্ষত আইপিএলত উন্নত প্ৰদৰ্শন কৰি শ্ৰীনগৰৰ ২২ বছৰীয়া বলাৰগৰাকীয়ে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছে। ইয়াৰ লগে লগে স্পীডষ্টাৰগৰাকীয়ে দেশৰ জাৰ্ছীত তৃতীয়খন মেচ খেলিছে। টছৰ সময়ত ৰোহিতে উমৰাণৰ ভৱিষ্যতৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়। 
ৰোহিতে কয়, ‘উমৰাণে নিজে জানে তেওঁৰ দক্ষতা কোনখিনিত। তেওঁ আন্তঃৰাষ্ট্ৰীয় মেচৰ হেঁচা কেনেকৈ চম্ভালিব পাৰে আমি তাকে নিৰীক্ষণ কৰিব বিচাৰিছো। তেওঁৰ বাবে ই অতি ৰোমাঞ্চকৰ। অত্যন্ত উজ্জ্বল সম্ভাৱনাময় খেলুৱৈ উমৰাণ মালিক। ইয়াক লৈ কোনো সন্দেহ নাই। উমৰাণক আমি শুভকামনা জনাইছো। তেওঁৰ পক্ষত সদায় আছে ভাৰতীয় দল। খেলপথাৰত তেওঁ যিয়েই নকৰক কিয়, আমি তেওঁক আত্মবিশ্বাসী কৰি তুলিম প্ৰতিটো মুহূৰ্তত। ’

ইফালে, বিগত মাহত ডাবলিনৰ মালাহাইড ক্ৰিকেট ক্লাব ওৰফে দ্য ভিলেজত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে টি-২০ মেচ খেল খেলিছিল ভাৰতে। সেই ছিৰিজৰ যোগেদিয়ে উমৰাণৰ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটে। ভাৰতৰ জ্যেষ্ঠ বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে উমৰাণৰ হাতত অৰ্পণ কৰিছিল ডেবিউ কেপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু