--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : দেশৰ এগৰাকী ধনাঢ্য ব্যৱসায়ী তথা জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ পাছতে পৰ্নোগ্ৰাফিক ছবি নিৰ্মাণ সম্পৰ্কীয় ভালেমান নতুন তথ্য পোহৰলৈ আহিছে। মুম্বাইত চলি থকা পৰ্ন ৰেকেটৰ এক বিস্তৃত পৰিসৰ থকাৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে। ভালেমান ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰডাকচন হাউচৰ সহযোগত এই ৰেকেটে নিজৰ কাম চলাই আহিছিল। হটশ্বট নামৰ ষ্ট্ৰিমিং এপ্লিকেচনৰ সৈতে এই প্ৰডাকচন হাউছবোৰ সংযুক্ত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ষ্ট্ৰিমিং এপটো এতিয়া ডিলিট কৰা হৈছে যদিও আৰক্ষীয়ে এই সম্পৰ্কীয় ভালেমান তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।

এটা সূত্ৰই প্ৰকাশ কৰা মতে, মুম্বাই আৰক্ষীয়ে ৭০টা পৰ্ন ভিডিঅ’ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ভিডিঅ’বোৰ ৰাজ কুন্দ্ৰাৰ প্ৰাক্তন ব্যক্তিগত সহায়ক উমেশ কামাটে শ্বুট কৰিছিল। আন ভালেমান প্ৰডাকচন হাউছে এই কামত সহযোগ কৰিছিল। আনহাতে আৰক্ষীয়ে কেৱল হটশ্বট এপৰ কাৰণে নিৰ্মাণ কৰা ৯০টা ভিডিঅ’ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে এতিয়া মুম্বাইৰ এনে ক্ষুদ্ৰ প্ৰডাকচন হাউছবোৰৰ ওপৰতো নজৰ ৰাখিছে। উল্লেখ্য যে, ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে কেৱল পৰ্ন’গ্ৰাফিক ভিডিঅ’ নিৰ্মাণৰ অভিযোগত গোচৰ ৰুজু হোৱা নাই বৰং তেওঁ ৱেব ছিৰিজত অভিনয়ত সুযোগ দিয়াৰ প্ৰলোভনেৰে বহু লোকক এনে ভিডিঅ’ত ভাগ ল’বলৈ প্ৰৰোচিত কৰাৰো অভিযোগ উত্থাপন হৈছে। ইফালে কুন্দ্ৰাৰ অধিবক্তাই দাবী কৰিছে যে, এই বিশেষ এপটোৰ ভিডিঅ’বোৰ অশ্লীল হ’লেও পৰ্ন’গ্ৰাফিক নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ