--°C
Loading...
Listen to Article
2 min read
80%

মু্ম্বাই : পৰ্ন ভিডিঅ’ নিৰ্মাণ তথা বৃহৎ পৰ্ন ৰেকেটৰ পৃষ্ঠপোষকতা কৰি মুম্বাই আৰক্ষীৰ জালত পৰা অভিনেত্ৰী শিল্পা ছেট্টীৰ পতি ৰাজ কুন্দ্ৰাৰ বিপদ বাঢ়ি গৈ আছে। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ অন্ত নোহোৱা হৈছে। তেওঁ পৰ্নগ্ৰাফিক ভিডিঅ’ নিৰ্মাণৰ জৰিয়তে ভাৰতীয় দণ্ডবিধি তথা ‘আইটি এক্ট’ৰ ৰোষত পৰাই নহয় তেওঁ বেৱ ছিৰিজত অভিনয়ৰ সুযোগ দি বহুতকে পৰ্ন ভিডিঅ’ত অভিনয় কৰিবলৈ বাধ্য কৰোঁৱাৰো অভিযোগ উঠিছে।

শেহতীয়াকৈ আন এটা অভিযোগ উঠিছে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে। তেওঁ গ্ৰেপ্তাৰৰ পৰা বাছিবলৈ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত ২৫লাখ টকা উৎকোচ দিয়া বুলি অভিযোগ কৰিছে এই গোচৰৰ আন এজন অভিযুক্তই। অৰবিন্দ শ্ৰীবাস্তৱ, আলিয়াথছ য়াছ ঠাকুৰৰ এখন ফাৰ্ম এই ঘটনাৰ কেন্দ্ৰ বিন্দু আছিল বুলি বিগত মাৰ্চ মাহত পোহৰলৈ আহিছিল। ফাৰ্মখনৰ পৰাই ইমেইযোগে এণ্টি কৰাপচন ব্যুৰোক সেই মাহতে অভিযোগ দিয়াৰ কথা এতিয়া সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এপ্ৰিলত দুৰ্নীতিবিৰোধী শাখাই মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ এই অভিযোগ পঠিয়াই দিয়ে। ‘ফ্লিজ মুভিজ’ নামৰ প্ৰতিষ্ঠানটোৱে এই অভিযোগ দুৰ্নীতিবিৰোধী শাখাক দিছিল। পূৰ্বে এই ফাৰ্মখনক ‘নুইফ্লিক্স’ নামেৰে জনা গৈছিল। মাৰ্চ মাহত প্ৰায় ৪.৫ কোটি টকাসহ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ দুটা একাউণ্ট জব্দ কৰিছিল আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু