--°C
Loading...
Listen to Article
2 min read
80%

মু্ম্বাই : পৰ্ন ভিডিঅ’ নিৰ্মাণ তথা বৃহৎ পৰ্ন ৰেকেটৰ পৃষ্ঠপোষকতা কৰি মুম্বাই আৰক্ষীৰ জালত পৰা অভিনেত্ৰী শিল্পা ছেট্টীৰ পতি ৰাজ কুন্দ্ৰাৰ বিপদ বাঢ়ি গৈ আছে। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ অন্ত নোহোৱা হৈছে। তেওঁ পৰ্নগ্ৰাফিক ভিডিঅ’ নিৰ্মাণৰ জৰিয়তে ভাৰতীয় দণ্ডবিধি তথা ‘আইটি এক্ট’ৰ ৰোষত পৰাই নহয় তেওঁ বেৱ ছিৰিজত অভিনয়ৰ সুযোগ দি বহুতকে পৰ্ন ভিডিঅ’ত অভিনয় কৰিবলৈ বাধ্য কৰোঁৱাৰো অভিযোগ উঠিছে।

শেহতীয়াকৈ আন এটা অভিযোগ উঠিছে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে। তেওঁ গ্ৰেপ্তাৰৰ পৰা বাছিবলৈ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত ২৫লাখ টকা উৎকোচ দিয়া বুলি অভিযোগ কৰিছে এই গোচৰৰ আন এজন অভিযুক্তই। অৰবিন্দ শ্ৰীবাস্তৱ, আলিয়াথছ য়াছ ঠাকুৰৰ এখন ফাৰ্ম এই ঘটনাৰ কেন্দ্ৰ বিন্দু আছিল বুলি বিগত মাৰ্চ মাহত পোহৰলৈ আহিছিল। ফাৰ্মখনৰ পৰাই ইমেইযোগে এণ্টি কৰাপচন ব্যুৰোক সেই মাহতে অভিযোগ দিয়াৰ কথা এতিয়া সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এপ্ৰিলত দুৰ্নীতিবিৰোধী শাখাই মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ এই অভিযোগ পঠিয়াই দিয়ে। ‘ফ্লিজ মুভিজ’ নামৰ প্ৰতিষ্ঠানটোৱে এই অভিযোগ দুৰ্নীতিবিৰোধী শাখাক দিছিল। পূৰ্বে এই ফাৰ্মখনক ‘নুইফ্লিক্স’ নামেৰে জনা গৈছিল। মাৰ্চ মাহত প্ৰায় ৪.৫ কোটি টকাসহ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ দুটা একাউণ্ট জব্দ কৰিছিল আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ