--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : স্বামী গ্ৰেপ্তাৰ হৈছে পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত। স্বাভাৱিকতে গ্লানিৰ ছিটিকনি পৰিছে জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টীৰ গাতো। তেওঁক সাঙুৰিও নানা গুজব সৃষ্টি হৈছে। ৰাজ কুন্দ্ৰা সম্পৰ্কত নানা মুখৰোচক খবৰ প্ৰকাশ পাইছে, য’ত উদ্দেশ্যপ্ৰণোদিতভাৱে সাঙুৰি লোৱা হৈছে শিল্পাৰ নাম। ইটোৰ পাছত সিটো গোচৰত সাঙোৰ খাই গৈ আছে ৰাজ কুন্দ্ৰাৰ নাম। এনে পৰিস্থিতিৰ মাজত কেইবাদিনো নীৰৱে থকাৰ পাছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পী ছেট্টীয়ে। বৃহস্পতিবাৰে নিশা অভিনেত্ৰীগৰাকীয়ে এটা ৰহস্যজনক ইনষ্টাগ্ৰাম ষ্টোৰী শ্বেয়াৰ কৰিছে।

লেখক জেমছ থাৰ্বাৰৰ এখন কিতাপৰ এটা পৃষ্ঠা তুলি ধৰি শিল্পাই দিছে সম্প্ৰতিক পৰিস্থিতিৰ সৈতে তেওঁ কিদৰে মোকাবিলা কৰিছে তাৰ ইংগিত। শিল্পাই পোষ্ট কৰা এই ইনষ্টাগ্ৰাম ষ্টোৰীত সংলগ্ন কিতাপখনৰ পৃষ্ঠাত আছে. ‘আমি যি ঠাইত থকা দৰকাৰ সেই ঠাইখন এতিয়া ইয়াতে আছে। কি হৈছে বা কি হ'ব পাৰে তাক উদ্বিগ্নতাৰে চোৱা নাই কিন্তু কি আছে সেই বিষয়ে সম্পূৰ্ণভাৱে অৱগত।’ শিল্পা ছেট্টীৰ ইনষ্টাগ্ৰাম ষ্টোৰীত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বিষয়েও উল্লেখ আছে। ‘মই এটা দীঘল উশাহ লৈছোঁ, মই যে জীয়াই আছো তাৰ বাবে নিজকে ভাগ্যৱান বিবেচনা কৰিছোঁ। মই অতীতৰ প্ৰত্যাহ্বানক জয় কৰিছোঁ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানকো জয় কৰিম। মোক মোৰ জীৱনটো যাপন কৰাৰ পৰা একোৱেই আজি বিচলিত কৰিব নোৱাৰে।’উল্লেখ্য যে, সোমবাৰে, ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু