--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : স্বামী গ্ৰেপ্তাৰ হৈছে পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত। স্বাভাৱিকতে গ্লানিৰ ছিটিকনি পৰিছে জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টীৰ গাতো। তেওঁক সাঙুৰিও নানা গুজব সৃষ্টি হৈছে। ৰাজ কুন্দ্ৰা সম্পৰ্কত নানা মুখৰোচক খবৰ প্ৰকাশ পাইছে, য’ত উদ্দেশ্যপ্ৰণোদিতভাৱে সাঙুৰি লোৱা হৈছে শিল্পাৰ নাম। ইটোৰ পাছত সিটো গোচৰত সাঙোৰ খাই গৈ আছে ৰাজ কুন্দ্ৰাৰ নাম। এনে পৰিস্থিতিৰ মাজত কেইবাদিনো নীৰৱে থকাৰ পাছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পী ছেট্টীয়ে। বৃহস্পতিবাৰে নিশা অভিনেত্ৰীগৰাকীয়ে এটা ৰহস্যজনক ইনষ্টাগ্ৰাম ষ্টোৰী শ্বেয়াৰ কৰিছে।

লেখক জেমছ থাৰ্বাৰৰ এখন কিতাপৰ এটা পৃষ্ঠা তুলি ধৰি শিল্পাই দিছে সম্প্ৰতিক পৰিস্থিতিৰ সৈতে তেওঁ কিদৰে মোকাবিলা কৰিছে তাৰ ইংগিত। শিল্পাই পোষ্ট কৰা এই ইনষ্টাগ্ৰাম ষ্টোৰীত সংলগ্ন কিতাপখনৰ পৃষ্ঠাত আছে. ‘আমি যি ঠাইত থকা দৰকাৰ সেই ঠাইখন এতিয়া ইয়াতে আছে। কি হৈছে বা কি হ'ব পাৰে তাক উদ্বিগ্নতাৰে চোৱা নাই কিন্তু কি আছে সেই বিষয়ে সম্পূৰ্ণভাৱে অৱগত।’ শিল্পা ছেট্টীৰ ইনষ্টাগ্ৰাম ষ্টোৰীত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বিষয়েও উল্লেখ আছে। ‘মই এটা দীঘল উশাহ লৈছোঁ, মই যে জীয়াই আছো তাৰ বাবে নিজকে ভাগ্যৱান বিবেচনা কৰিছোঁ। মই অতীতৰ প্ৰত্যাহ্বানক জয় কৰিছোঁ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানকো জয় কৰিম। মোক মোৰ জীৱনটো যাপন কৰাৰ পৰা একোৱেই আজি বিচলিত কৰিব নোৱাৰে।’উল্লেখ্য যে, সোমবাৰে, ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ