--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰৰ প্ৰতিটো অংগই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হৃদযন্ত্ৰ, মগজু আৰু হাওঁফাওঁৰ দৰে আমাৰ বৃক্কয়ে শৰীৰত নিয়মীতভাৱে কাম কৰি থাকে। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে বৃক্কৰ কাম হৈছে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱা। অৰ্থাৎ অপ্ৰয়োজনীয় পদাৰ্থসমূহ উলিয়াই অনাত বৃক্কই সহায় কৰে। কিন্তু বৃক্কৰ সমস্যাৰ হ’লে এনেসমূহ লক্ষণে শৰীৰত দেখা দিব পাৰে।

১. মুখ, হাত-ভৰি ফুলাঃ-আমি খোৱা খাদ্যৰ কিছু মৌল শৰীৰৰ বাবে উপযোগী। কিন্তু কিছুমান আছে যিয়ে শৰীৰৰ ক্ষতি কৰিব পাৰে। শৰীৰৰ ক্ষতি কৰা উপাদানসমূহ সময়মতে আঁতৰাই পেলোৱাটো বৃক্কৰ কাম। ইয়াৰ ফলত শৰীৰ সুস্থ হৈ থাকে। কিন্তু বহু কাৰণত বৃক্কৰ দ্বাৰা এই কাম ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। ইয়াৰ ফলত বিষাক্ত পদাৰ্থবোৰ তেজৰ মাজেৰে শৰীৰত চলাচল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে মুখ, ভৰি, চকু ফুলিবলৈ ধৰে।

২. ৰক্তহীনতা হ’ব পাৰেঃ-বৃক্কয়ে ৰক্তকণিকা উৎপন্ন কৰে। যেতিয়া কিডনীয়ে সঠিকভাৱে কাম নকৰে, তেতিয়া ৰক্তকণিকা হ্ৰাস পাবলৈ ধৰে। ইয়াৰ ফলত ৰক্তহীনতাৰ সমস্যাৰ সৃষ্টি হয়। এনে হ’লে প্ৰয়োজনীয় অক্সিজেন আৰু পুষ্টিকৰ উপাদান মগজু আৰু পেশীলৈ নাযায় আৰু ব্যক্তিজনৰ মুখখন শেঁতা পৰিবলৈ আৰম্ভ কৰে আৰু সকলো সময়তে ভাগৰুৱা অনুভৱ কৰে।

 ৩. প্ৰস্ৰাৱত তেজ আহিব পাৰেঃ-যেতিয়া বৃক্কয়ে কেৱল প্ৰস্ৰাৱৰ জৰিয়তে বিষাক্ত পদাৰ্থ আঁতৰায়। কিন্তু যেতিয়া কিডনীৰ পৰা সমস্যা আৰম্ভ হয় তেতিয়া প্ৰস্ৰাৱ হোৱাৰ পদ্ধতি পৰিৱৰ্তন হ’ব পাৰে। প্ৰস্ৰাৱত তেজ ওলাব পাৰে বা প্ৰস্ৰাৱ ফেনাযুক্ত আৰু বুদবুদৰ দৰে হ’ব পাৰে। যদি এনে লক্ষণ দেখা যায় তেন্তে বৃক্কৰ সমস্যাক গুৰুত্বসহকাৰে ল’ব লাগে।

৪. এই লক্ষণসমূহো দেখা দিব পাৰেঃ-বৃক্কয়ে শৰীৰত থকা তৰল পদাৰ্থ পৰিচালনাৰ কাম কৰে। কিডনীত কোনো সমস্যা হ’লে হাওঁফাওঁত পানী জমা হ’ব পাৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ’ব পাৰে। এই অৱস্থাক হাইপাৰভলেমিয়া বুলিও কোৱা হয়। কিছু লোকৰ বুকুৰো বিষ হ’ব পাৰে আৰু খজুৱতি, শুকান ছাল বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে। তেজত খনিজ পদাৰ্থ আৰু পুষ্টিকৰ উপাদানৰ ভাৰসাম্যহীনতাৰ একপ্ৰকাৰৰ অসুস্থ বৃক্কৰ লক্ষণ হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement