--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰৰ প্ৰতিটো অংগই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হৃদযন্ত্ৰ, মগজু আৰু হাওঁফাওঁৰ দৰে আমাৰ বৃক্কয়ে শৰীৰত নিয়মীতভাৱে কাম কৰি থাকে। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে বৃক্কৰ কাম হৈছে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱা। অৰ্থাৎ অপ্ৰয়োজনীয় পদাৰ্থসমূহ উলিয়াই অনাত বৃক্কই সহায় কৰে। কিন্তু বৃক্কৰ সমস্যাৰ হ’লে এনেসমূহ লক্ষণে শৰীৰত দেখা দিব পাৰে।

১. মুখ, হাত-ভৰি ফুলাঃ-আমি খোৱা খাদ্যৰ কিছু মৌল শৰীৰৰ বাবে উপযোগী। কিন্তু কিছুমান আছে যিয়ে শৰীৰৰ ক্ষতি কৰিব পাৰে। শৰীৰৰ ক্ষতি কৰা উপাদানসমূহ সময়মতে আঁতৰাই পেলোৱাটো বৃক্কৰ কাম। ইয়াৰ ফলত শৰীৰ সুস্থ হৈ থাকে। কিন্তু বহু কাৰণত বৃক্কৰ দ্বাৰা এই কাম ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। ইয়াৰ ফলত বিষাক্ত পদাৰ্থবোৰ তেজৰ মাজেৰে শৰীৰত চলাচল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে মুখ, ভৰি, চকু ফুলিবলৈ ধৰে।

২. ৰক্তহীনতা হ’ব পাৰেঃ-বৃক্কয়ে ৰক্তকণিকা উৎপন্ন কৰে। যেতিয়া কিডনীয়ে সঠিকভাৱে কাম নকৰে, তেতিয়া ৰক্তকণিকা হ্ৰাস পাবলৈ ধৰে। ইয়াৰ ফলত ৰক্তহীনতাৰ সমস্যাৰ সৃষ্টি হয়। এনে হ’লে প্ৰয়োজনীয় অক্সিজেন আৰু পুষ্টিকৰ উপাদান মগজু আৰু পেশীলৈ নাযায় আৰু ব্যক্তিজনৰ মুখখন শেঁতা পৰিবলৈ আৰম্ভ কৰে আৰু সকলো সময়তে ভাগৰুৱা অনুভৱ কৰে।

 ৩. প্ৰস্ৰাৱত তেজ আহিব পাৰেঃ-যেতিয়া বৃক্কয়ে কেৱল প্ৰস্ৰাৱৰ জৰিয়তে বিষাক্ত পদাৰ্থ আঁতৰায়। কিন্তু যেতিয়া কিডনীৰ পৰা সমস্যা আৰম্ভ হয় তেতিয়া প্ৰস্ৰাৱ হোৱাৰ পদ্ধতি পৰিৱৰ্তন হ’ব পাৰে। প্ৰস্ৰাৱত তেজ ওলাব পাৰে বা প্ৰস্ৰাৱ ফেনাযুক্ত আৰু বুদবুদৰ দৰে হ’ব পাৰে। যদি এনে লক্ষণ দেখা যায় তেন্তে বৃক্কৰ সমস্যাক গুৰুত্বসহকাৰে ল’ব লাগে।

৪. এই লক্ষণসমূহো দেখা দিব পাৰেঃ-বৃক্কয়ে শৰীৰত থকা তৰল পদাৰ্থ পৰিচালনাৰ কাম কৰে। কিডনীত কোনো সমস্যা হ’লে হাওঁফাওঁত পানী জমা হ’ব পাৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ’ব পাৰে। এই অৱস্থাক হাইপাৰভলেমিয়া বুলিও কোৱা হয়। কিছু লোকৰ বুকুৰো বিষ হ’ব পাৰে আৰু খজুৱতি, শুকান ছাল বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে। তেজত খনিজ পদাৰ্থ আৰু পুষ্টিকৰ উপাদানৰ ভাৰসাম্যহীনতাৰ একপ্ৰকাৰৰ অসুস্থ বৃক্কৰ লক্ষণ হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু