--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত সপ্তাহৰ সাত দিনৰ বিশেষ তাৎপৰ্য্য আছে আৰু প্ৰতিটো দিন এজন দেৱতাৰ নামত উৎসৰ্গিত। সোমবাৰ যেনেদৰে শিৱৰ নামত, মঙলবাৰ হনুমানৰ নামত ঠিক তেনেদৰে বুধবাৰ ভগৱান গণেশৰ নামত উচৰ্গা কৰা হয়। বুধবাৰে যদি গণেশক সন্তুষ্ট কৰিব পৰা যায় তেন্তে তেওঁ বিশেষ আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। গণেশ জীয়ে ভক্তৰ জীৱনত কেতিয়াও ধন-সম্পত্তিৰ অভাৱ হ'বলৈ নিদি সকলো সপোন পূৰণ কৰে। গতিকে জানো আহক কি বিশেষ উপায় গ্ৰহণ কৰিলে আপুনি ভগৱান গণেশক সহজে সন্তুষ্ট কৰিব পাৰিব।

ভগৱান গণেশক সন্তুষ্ট কৰাৰ ৭টা সহজ উপায়

১)ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ বুধবাৰে ব্ৰত ৰাখিব পাৰে। ব্ৰত ৰাখোতে ৰাতিপুৱাই উঠি স্নান কৰাৰ পিছত ঘৰত বা মন্দিৰত ভগৱান গণেশৰ পূজা কৰক।

২)ভগৱান গণেশক পূজা কৰি থাকোঁতে তেওঁক সেউজীয়া দূবৰি বন আগবঢ়াবই দিব। ভগৱান গণেশৰ পূজাৰ বাবে দূবৰি বনক অতি শুভ বুলি গণ্য কৰা হয়।

৩)গণেশক পূজা কৰাৰ পিছত বুধবাৰে নিশ্চিতভাৱে গণেশ চালিছা আবৃত্তি কৰক। গণেশ চলিছা আবৃত্তিৰ পিছতহে আপুনি সম্পূৰ্ণ পূজা কৰা বুলি গণ্য কৰা হ’ব।

৪)বুধবাৰে গণপতি বাপ্পাক মগু দাইলৰ হালোৱা বা বুন্দিয়া লাড়ু, মোদক প্ৰসাদ হিচাপে আগবঢ়াই তাৰ পিছত প্ৰসাদ বিতৰণ কৰক। সন্ধিয়া এই প্ৰসাদ খাই ব্ৰত ভাঙিব।

৫)ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ বুধবাৰে গৰুক সেউজীয়া খাদ্য খুৱাব লাগে। এনে কৰিলে অতি শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। সেয়েহে বুধবাৰে গৰুক সেউজীয়া খাদ্য খুৱাবলৈ চেষ্টা কৰক।

৬)ভগৱান গণেশে ৰঙা ৰঙৰ সেন্দুৰ বৰ ভাল পায়, গতিকে পূজাৰ সময়ত ৰঙা ৰঙৰ সেন্দুৰ ব্যৱহাৰ কৰক। ভগৱান গণেশক ৰঙা ৰঙৰ তিলক লগাব লাগে।

৭)একেৰাহে ৭টা বুধবাৰে গণেশ মন্দিৰলৈ গৈ গণপতি বাপ্পাক দৰ্শন কৰাৰ পাছত তেওঁক গুড়ৰ ভোগ আগবঢ়াওক। 

এই উপায় কৰিলে ভগৱান গণেশে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ