--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত সপ্তাহৰ সাত দিনৰ বিশেষ তাৎপৰ্য্য আছে আৰু প্ৰতিটো দিন এজন দেৱতাৰ নামত উৎসৰ্গিত। সোমবাৰ যেনেদৰে শিৱৰ নামত, মঙলবাৰ হনুমানৰ নামত ঠিক তেনেদৰে বুধবাৰ ভগৱান গণেশৰ নামত উচৰ্গা কৰা হয়। বুধবাৰে যদি গণেশক সন্তুষ্ট কৰিব পৰা যায় তেন্তে তেওঁ বিশেষ আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। গণেশ জীয়ে ভক্তৰ জীৱনত কেতিয়াও ধন-সম্পত্তিৰ অভাৱ হ'বলৈ নিদি সকলো সপোন পূৰণ কৰে। গতিকে জানো আহক কি বিশেষ উপায় গ্ৰহণ কৰিলে আপুনি ভগৱান গণেশক সহজে সন্তুষ্ট কৰিব পাৰিব।

ভগৱান গণেশক সন্তুষ্ট কৰাৰ ৭টা সহজ উপায়

১)ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ বুধবাৰে ব্ৰত ৰাখিব পাৰে। ব্ৰত ৰাখোতে ৰাতিপুৱাই উঠি স্নান কৰাৰ পিছত ঘৰত বা মন্দিৰত ভগৱান গণেশৰ পূজা কৰক।

২)ভগৱান গণেশক পূজা কৰি থাকোঁতে তেওঁক সেউজীয়া দূবৰি বন আগবঢ়াবই দিব। ভগৱান গণেশৰ পূজাৰ বাবে দূবৰি বনক অতি শুভ বুলি গণ্য কৰা হয়।

৩)গণেশক পূজা কৰাৰ পিছত বুধবাৰে নিশ্চিতভাৱে গণেশ চালিছা আবৃত্তি কৰক। গণেশ চলিছা আবৃত্তিৰ পিছতহে আপুনি সম্পূৰ্ণ পূজা কৰা বুলি গণ্য কৰা হ’ব।

৪)বুধবাৰে গণপতি বাপ্পাক মগু দাইলৰ হালোৱা বা বুন্দিয়া লাড়ু, মোদক প্ৰসাদ হিচাপে আগবঢ়াই তাৰ পিছত প্ৰসাদ বিতৰণ কৰক। সন্ধিয়া এই প্ৰসাদ খাই ব্ৰত ভাঙিব।

৫)ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ বুধবাৰে গৰুক সেউজীয়া খাদ্য খুৱাব লাগে। এনে কৰিলে অতি শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। সেয়েহে বুধবাৰে গৰুক সেউজীয়া খাদ্য খুৱাবলৈ চেষ্টা কৰক।

৬)ভগৱান গণেশে ৰঙা ৰঙৰ সেন্দুৰ বৰ ভাল পায়, গতিকে পূজাৰ সময়ত ৰঙা ৰঙৰ সেন্দুৰ ব্যৱহাৰ কৰক। ভগৱান গণেশক ৰঙা ৰঙৰ তিলক লগাব লাগে।

৭)একেৰাহে ৭টা বুধবাৰে গণেশ মন্দিৰলৈ গৈ গণপতি বাপ্পাক দৰ্শন কৰাৰ পাছত তেওঁক গুড়ৰ ভোগ আগবঢ়াওক। 

এই উপায় কৰিলে ভগৱান গণেশে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু