--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চতুৰ্থবাৰলৈ বিবাহ বিচ্ছেদৰ বাবে সাজু হৈছে মিডিয়া বেৰ  ৰুপাৰ্ট মুৰডোচ। অভিনেত্ৰী জেৰী হলৰ সৈতে তেওঁ বিবাহ বিচ্ছেদ ঘটাবলৈ সাজু হোৱাৰ বাতৰি প্ৰকাশ পাইছে মাৰ্কিন সংবাদ মাধ্যমত। উল্লেখ্য যে, চতুৰ্থবাৰলৈ বিবাহ বিচ্ছেদ ঘটাবলৈ সাজু হোৱা মুৰডোচৰ এতিয়া বয়স হৈছে ৯১ বছৰ। আনহাতে অভিনেত্ৰী তথা তেওঁৰ পত্নী হলৰ বয়স ৬৫ বছৰ। ইয়াৰ পূ্ৰ্বে তেওঁ প্ৰখ্যাত ৰোলিং ষ্টোনৰ ফ্ৰণ্টমেন মাইক জাগাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

 

২০১৬ চনত চেণ্ট্ৰেল লণ্ডনৰ এটা মেনচনত এই দুগৰাকী তাৰকাই বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ প্ৰতিনিধিয়ে অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়ালৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই। তেওঁলোকৰ এই বিচ্ছেদ খবৰ তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবেও অতি আশ্বৰ্যকৰ কথা হিচাপে চিহ্নিত হৈছে বুলি প্ৰকাশ কৰিছে নিউয়ৰ্ক টাইমছে।

 

নিউয়ৰ্ক টাইমছ আৰু ৱাশ্বিংটন পোষ্টত অজ্ঞাত সূত্ৰৰ উদ্ধৃতিৰে এই চৰ্চিত বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, মুৰডোচ হৈছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এগৰাকী শক্তিশালী নিয়ন্ত্ৰক। তেওঁৰ অধীনত থকা বিভিন্ন সংবাদ প্ৰতিষ্ঠানবোৰৰ ভিতৰত আছে আমেৰিকাৰ ফক্স নিউজ, ৱাল ষ্ট্ৰীট জাৰ্নেল, ইংলেণ্ডৰ দ্য ছান আৰু দ্য টাইমছ। কিছুদিন পূৰ্বে তেওঁ প্ৰকাশ কৰিছিল যে, তেওঁ নতুন পত্নীৰ সৈতে অধিক সময় অতিবাহিত কৰিব।

 

মন কৰিবলগীয়া যে, বিবাহৰ সময়ত তেওঁ টুইটাৰত ঘোষণা কৰছিল যে, তেওঁ হৈছে বিশ্বৰ আটাইতকৈ সৌভাগ্যৱান আৰু আটাইতকৈ সুখী মানুহ। দম্পতীটোক বিভিন্ন ৰাজহুৱা স্থানতো বিভিন্ন সময়ত একেলগে দেখিবলৈ পোৱা গৈছিল। কিন্তু শেহতীয়াকৈ কিহৰ বাবে তেওঁলোক বিচ্ছেদৰ দিশে আগবাঢ়িছে সেয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই।


উল্লেখ্য যে, মুৰডোছে ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ফ্লাইট এটেণ্ডেণ্ট পেট্ৰিকা বুকাৰ, স্কটীছ মূলৰ সাংবাদিক আন্না মান আৰু চীনা মূলৰ উদ্যোগপতি ৱেনডি ডেঙক বিয়া কৰাইছিল। তেওঁৰ এই আটাইকেইগৰাকী পত্নীৰ ফালৰ পৰা তেওঁৰ আছে ১০টি সন্তান।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ