--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চতুৰ্থবাৰলৈ বিবাহ বিচ্ছেদৰ বাবে সাজু হৈছে মিডিয়া বেৰ’ন  ৰুপাৰ্ট মুৰডোচ। অভিনেত্ৰী জেৰী হলৰ সৈতে তেওঁ বিবাহ বিচ্ছেদ ঘটাবলৈ সাজু হোৱাৰ বাতৰি প্ৰকাশ পাইছে মাৰ্কিন সংবাদ মাধ্যমত। উল্লেখ্য যে, চতুৰ্থবাৰলৈ বিবাহ বিচ্ছেদ ঘটাবলৈ সাজু হোৱা মুৰডোচৰ এতিয়া বয়স হৈছে ৯১ বছৰ। আনহাতে অভিনেত্ৰী তথা তেওঁৰ পত্নী হলৰ বয়স ৬৫ বছৰ। ইয়াৰ পূ্ৰ্বে তেওঁ প্ৰখ্যাত ৰোলিং ষ্টোনৰ ফ্ৰণ্টমেন মাইক জাগাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

 

২০১৬ চনত চেণ্ট্ৰেল লণ্ডনৰ এটা মেনচনত এই দুগৰাকী তাৰকাই বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ প্ৰতিনিধিয়ে অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়ালৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই। তেওঁলোকৰ এই বিচ্ছেদ খবৰ তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবেও অতি আশ্বৰ্যকৰ কথা হিচাপে চিহ্নিত হৈছে বুলি প্ৰকাশ কৰিছে নিউয়ৰ্ক টাইমছে।

 

নিউয়ৰ্ক টাইমছ আৰু ৱাশ্বিংটন পোষ্টত অজ্ঞাত সূত্ৰৰ উদ্ধৃতিৰে এই চৰ্চিত বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, মুৰডোচ হৈছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এগৰাকী শক্তিশালী নিয়ন্ত্ৰক। তেওঁৰ অধীনত থকা বিভিন্ন সংবাদ প্ৰতিষ্ঠানবোৰৰ ভিতৰত আছে আমেৰিকাৰ ফক্স নিউজ, ৱাল ষ্ট্ৰীট জাৰ্নেল, ইংলেণ্ডৰ দ্য ছান আৰু দ্য টাইমছ। কিছুদিন পূৰ্বে তেওঁ প্ৰকাশ কৰিছিল যে, তেওঁ নতুন পত্নীৰ সৈতে অধিক সময় অতিবাহিত কৰিব।

 

মন কৰিবলগীয়া যে, বিবাহৰ সময়ত তেওঁ টুইটাৰত ঘোষণা কৰছিল যে, তেওঁ হৈছে বিশ্বৰ আটাইতকৈ সৌভাগ্যৱান আৰু আটাইতকৈ সুখী মানুহ। দম্পতীটোক বিভিন্ন ৰাজহুৱা স্থানতো বিভিন্ন সময়ত একেলগে দেখিবলৈ পোৱা গৈছিল। কিন্তু শেহতীয়াকৈ কিহৰ বাবে তেওঁলোক বিচ্ছেদৰ দিশে আগবাঢ়িছে সেয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই।


উল্লেখ্য যে, মুৰডোছে ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ফ্লাইট এটেণ্ডেণ্ট পেট্ৰিকা বুকাৰ, স্কটীছ মূলৰ সাংবাদিক আন্না মান আৰু চীনা মূলৰ উদ্যোগপতি ৱেনডি ডেঙক বিয়া কৰাইছিল। তেওঁৰ এই আটাইকেইগৰাকী পত্নীৰ ফালৰ পৰা তেওঁৰ আছে ১০টি সন্তান।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু