--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতৰ ঘৰত ভঙা আইনা থাকে। কিছুমানৰ খিৰিকীৰ গ্লাছো ভঙা থাকে। বহুতে এলাহতে এইবোৰ আঁতৰ নকৰি ঘৰতে ৰাখি থয়। আপুনি জানেনে ঘৰত থকা ভঙা আইনাই ঘৰখনত নেতিবাচক শক্তি উৎপন্ন কৰে। বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত ভঙা আইনা থকাটো অতি অশুভ। 

ভঙা আইনাই পৰিয়ালৰ কি ক্ষতি কৰে জানো আহক

১) ঘৰখনৰ মানুহবোৰ ৰুগীয়া হয়।  কিবা নহয় কিবা ৰোগ ঘৰখনত উৎপন্ন হৈ থাকে।

২)খৰচ বেছি হয়। টকা জমা নাথাকে।

৩)মন অস্থিৰ হয়।

৪)ঘৰখনত অশান্তিময় পৰিৱেশৰ সৃষ্টি হয়।

৫)বিদ্যাৰ্থীৰ পঢ়াত মন নবহে।

৬)পৰিকল্পনা অনুযায়ী কামবোৰ হৈ নুঠে।

আনকি মানুহৰ মোবাইলৰ স্ক্ৰীণ বা টেম্পাৰো ভঙা হ’ব নালাগে। যেতিয়া আপুনি সেই ভাঙি যোৱা মোবাইলৰ স্ক্ৰীণ বা টেম্পাৰ গ্লাছখন অবিৰতভাৱে দেখি থাকিব ই আপোনাৰ মনত বিৰূপ প্ৰভাৱ পেলায় আৰু নেতিবাচকতা বৃদ্ধি কৰে। ঠিক সেইদৰে আপোনাৰ বাহনখনৰো গ্লাছ যদি ভাঙি যায় তেন্তে সেয়া তুৰন্তে সলনি কৰক। বহুতে ভাবে যে সকলোখিনি ঠিক মতে কৰি গৈ আছো কিন্তু জীৱনটো কিয় ইমান অশান্তিকৰ হৈ পৰিছে বা ভবা মতে কামবোৰ হৈ নুঠে, বাস্তুশাস্ত্ৰ অনুযায়ী আচলতে আপুনি নজনাকৈয়ে আপোনাৰ ক্ষতিসাধন কৰি আছে ভঙা আইনাখনে। গতিকে আজিয়েই লওক সঠিক সিদ্ধান্ত। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ