--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু যুৱতীয়ে সৌন্দৰ্য্য প্ৰতিযোগীতাত অংশ লোৱাৰ হাবিয়াস পুহি ৰাখে৷ হাবিয়াস পুহি ৰাখে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জনৰ৷বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰমত ব্ৰতি হয় যুৱতীসকল।শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ মডেল চই চুন হৱা ৮০ বছৰ বয়সত মিছ ইউনিভাৰ্ছ কোৰিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৃষ্টি কৰিছে এক নতুন ইতিহাসৰ।

এই প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি মিছ ইউনিভাৰ্ছ কোৰিয়াৰ আটাইতকৈ বয়সীয়া প্ৰতিযোগী হিচাপে পৰিগণিত হৈ পৰিছে ই চুন হোৱা৷ তেওঁ যদিও বিজয়ীৰ খিতাপ অৰ্জন কৰিব নোৱাৰিলে, তেওঁ "বেষ্ট ড্ৰেছাৰ" বঁটা লাভ কৰিবলৈ সক্ষম হয়। চই চুন-হৱাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰমাণ কৰিছে যে বয়স কেৱল এটা সংখ্যাহে সোপন পূৰন কৰিবলৈ বয়সৰ কোনো সীমা নাথাকে৷

কোৰিয়াৰ মডেল চয় ছুন হৱাৰ এই উদ্যম সঁচাই প্ৰশংসনীয়৷ তেওঁ প্ৰমাণ কৰিছে যে সপোন দেখাৰ কোনো বয়স নাই। ৮০ বছৰ বয়সত যি সময়ত মানুহে কামৰ পৰা অৱসৰ লয় বাৰ্ধক্যৰ সৈতে যুঁজিব লগীয়া হয় তেনে বয়সত মিছ ইউনিভাৰ্ছ কোৰিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চমক সৃষ্টি কৰিছে। প্ৰতিযোগিতা খনত তেওঁৰ প্ৰদৰ্শন তথা সৌন্দৰ্যই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ৭২ বছৰ বয়সত মডেলিং কেৰিয়াৰ আৰম্ভ কৰি ৮০ বছৰ বয়সত মিছ ইউনিভাৰ্ছ কোৰিয়াত অংশগ্ৰণ! তেওঁ উদ্যম, অদম্য ইচ্ছা শক্তি সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক