--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ক্ৰ'ৱেচিয়াৰ ফ্ৰানো চেলাক নামৰ ব্যক্তিজনক বিশ্বৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি বুলি কোৱা হয়। এই ব্যক্তিজনে মৃত্যুক ৭বাৰেই পৰাজিত কৰিছিল। কেৱল এয়াই নহয়, ইয়াৰ পিছত তেওঁ লটাৰীও জিকিছিল।

চিনেমাৰ কাহিনীতকৈ ফ্ৰানো চেলাক নামৰ এই ব্যক্তিজনৰ জীৱনটো অধিক দুঃসাহসিক। ফ্ৰানোৰ জীৱনটো আছিল আচৰিত ধৰণৰ পৰিঘটনাৰে ভৰি থকা। 

সাতবাৰকৈ যমদূত তেওঁৰ ওচৰত হাজিৰ হৈছিল যদিও তেওঁ প্ৰতিবাৰেই মৃত্যুক জয় কৰিছিল। ১৯২৯ চনত ক্ৰ’ৱেচিয়াত জন্মগ্ৰহণ কৰা ফ্ৰেংক পেছাত এজন সংগীত শিক্ষক আছিল। তেওঁৰ জীৱনটো আছিল একেবাৰে সাধাৰণ। অৱশ্যে এদিন তেওঁৰ ৰোমাঞ্চকৰ জীৱনটো সকলোৰে আলোচনাৰ বিষয়।

ফ্ৰানো চেলাকে ক্ৰ’ৱেচিয়াত বাস কৰিছিল আৰু অৱশেষত ২০১৬ চনৰ ৩০ নৱেম্বৰত ৮৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। যদিও ইয়াৰ আগতে তেওঁ বহুবাৰ মৃত্যুৰ সন্মুখীন হৈছিল। ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে ভ্ৰমণৰ সময়ত বাছৰ পৰা নদীত পৰিল। এই দুৰ্ঘটনাৰ পৰা তেওঁ বাচিল। ইয়াৰ পিছতে এক দুৰ্ঘটনাত তেওঁ যাতায়ত কৰা ৰে'লখন ৰে'লপথৰ পৰা নামি নদীত বাগৰি পৰে। এই দুৰ্ঘটনাতো তেওঁ ৰক্ষা পৰে। তেওঁৰ গাড়ীখন এবাৰ নহয় দুবাৰকৈ বিস্ফোৰণ হৈছিল যদিও তেওঁৰ একো নহ’ল। এদিন তেওঁ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল। ঘাঁহৰ থোপা এটাত তেওঁ পৰি গৈছিল। ইয়াৰ পিছত এটা দুৰ্ঘটনাত তেওঁ শিলৰ পৰা বাগৰি পৰে আৰু এজোপা গছে তেওঁৰ জীৱন ৰক্ষা কৰে। পিছত বাছে খুন্দা মৰাৰ পৰাও তেওঁ ৰক্ষা পালে।

তাৰপাছত পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান মানুহ সেইটো প্ৰমাণ কৰিবলৈ লটাৰীত প্ৰায় ১০ লাখ টকা (৮,৩৬,৭৭,১০০ টকা) লাভ কৰিলে ফ্ৰানো চেলাকে। এই টকাৰ বেছিভাগেই তেওঁ বন্ধু-বান্ধৱী আৰু পৰিয়ালক দিছিল। ইয়াৰ লগে লগে তেওঁ এটা বিলাসী ঘৰ কিনিছিল যদিও ২০১০ চনত তেওঁ নিজৰ মন সলনি কৰি বিক্ৰী কৰিছিল। 

ফ্ৰানো চেলাকৰ এই বিস্ময়কৰ জীৱন সকলোৰে আলোচনাৰ বিষয় হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক