--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ক্ৰ'ৱেচিয়াৰ ফ্ৰানো চেলাক নামৰ ব্যক্তিজনক বিশ্বৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি বুলি কোৱা হয়। এই ব্যক্তিজনে মৃত্যুক ৭বাৰেই পৰাজিত কৰিছিল। কেৱল এয়াই নহয়, ইয়াৰ পিছত তেওঁ লটাৰীও জিকিছিল।

চিনেমাৰ কাহিনীতকৈ ফ্ৰানো চেলাক নামৰ এই ব্যক্তিজনৰ জীৱনটো অধিক দুঃসাহসিক। ফ্ৰানোৰ জীৱনটো আছিল আচৰিত ধৰণৰ পৰিঘটনাৰে ভৰি থকা। 

সাতবাৰকৈ যমদূত তেওঁৰ ওচৰত হাজিৰ হৈছিল যদিও তেওঁ প্ৰতিবাৰেই মৃত্যুক জয় কৰিছিল। ১৯২৯ চনত ক্ৰ’ৱেচিয়াত জন্মগ্ৰহণ কৰা ফ্ৰেংক পেছাত এজন সংগীত শিক্ষক আছিল। তেওঁৰ জীৱনটো আছিল একেবাৰে সাধাৰণ। অৱশ্যে এদিন তেওঁৰ ৰোমাঞ্চকৰ জীৱনটো সকলোৰে আলোচনাৰ বিষয়।

ফ্ৰানো চেলাকে ক্ৰ’ৱেচিয়াত বাস কৰিছিল আৰু অৱশেষত ২০১৬ চনৰ ৩০ নৱেম্বৰত ৮৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। যদিও ইয়াৰ আগতে তেওঁ বহুবাৰ মৃত্যুৰ সন্মুখীন হৈছিল। ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে ভ্ৰমণৰ সময়ত বাছৰ পৰা নদীত পৰিল। এই দুৰ্ঘটনাৰ পৰা তেওঁ বাচিল। ইয়াৰ পিছতে এক দুৰ্ঘটনাত তেওঁ যাতায়ত কৰা ৰে'লখন ৰে'লপথৰ পৰা নামি নদীত বাগৰি পৰে। এই দুৰ্ঘটনাতো তেওঁ ৰক্ষা পৰে। তেওঁৰ গাড়ীখন এবাৰ নহয় দুবাৰকৈ বিস্ফোৰণ হৈছিল যদিও তেওঁৰ একো নহ’ল। এদিন তেওঁ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল। ঘাঁহৰ থোপা এটাত তেওঁ পৰি গৈছিল। ইয়াৰ পিছত এটা দুৰ্ঘটনাত তেওঁ শিলৰ পৰা বাগৰি পৰে আৰু এজোপা গছে তেওঁৰ জীৱন ৰক্ষা কৰে। পিছত বাছে খুন্দা মৰাৰ পৰাও তেওঁ ৰক্ষা পালে।

তাৰপাছত পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান মানুহ সেইটো প্ৰমাণ কৰিবলৈ লটাৰীত প্ৰায় ১০ লাখ টকা (৮,৩৬,৭৭,১০০ টকা) লাভ কৰিলে ফ্ৰানো চেলাকে। এই টকাৰ বেছিভাগেই তেওঁ বন্ধু-বান্ধৱী আৰু পৰিয়ালক দিছিল। ইয়াৰ লগে লগে তেওঁ এটা বিলাসী ঘৰ কিনিছিল যদিও ২০১০ চনত তেওঁ নিজৰ মন সলনি কৰি বিক্ৰী কৰিছিল। 

ফ্ৰানো চেলাকৰ এই বিস্ময়কৰ জীৱন সকলোৰে আলোচনাৰ বিষয় হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব