--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ব্যক্তিগত বাহনত অকলশৰে ভ্ৰমণ কৰিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক। দেশৰ ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে এই নিৰ্দেশনা জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে আজি এই নিৰ্দেশ দি কয় যে, পথত চলি থকা এখন ব্যক্তিগত বাহনো ৰাজহুৱা স্থানৰ পৰিসীমাৰ ভিতৰতে যিহেতু থাকে সেয়েহে ব্যক্তিগত বাহনত অকলে থাকিলেও ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবই লাগিব।

আৰু পঢ়িব পাৰিব : শিখা শৰ্মাক দলবদ্ধ ধর্ষণ কৰাৰ ভাবুকি দিয়া বিজেপিৰ কৰ্মীক কিয় গ্ৰেপ্তাৰ কৰা নহ’লঃ ৰিপুন বৰা

ন্যায়ালয়ে আৰক্ষীয়ে জৰিমনা বিহা এটা ঘটনাক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰা অধিবক্তাকো এই ৰায়ৰ জৰিয়তে ৰ্ভৎসনা কৰে। ন্যায়াধীশ প্ৰথিবা এম সিঙে কয় যে, পথত চলি থকা এখন ব্যক্তিগত বাহনো যিহেতু ৰাজহুৱা স্থানতে থাকে সেয়েহে তাত এজন লোকে ভ্ৰমণ কৰিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক হৈ পৰে।

‘মাস্ক এখনে এখন সুৰক্ষা কৱচৰ কাম কৰে, যাৰ জৰিয়তে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাটো সম্ভৱ।’ ন্যায়াধীশগৰাকীয়ে বিভিন্নজন বিশেষজ্ঞৰ কথাৰ উল্লেখেৰে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে মাস্ক ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ কথাও সোঁৱৰাই দিয়ে।

আৰু পঢ়িব পাৰিব : একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন

উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে সুভাষ শৰ্মা নামৰ এগৰাকী অধিবক্তাই ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল। তেওঁক মাস্ক নিপিন্ধাৰ বাবে ৫০০ টকাৰ জৰিমনা বিহিছিল আৰক্ষীয়ে। শৰ্মাই দাবী কৰিছিল যে, ব্যক্তিগত বাহনত অকলে ভ্ৰমণ কৰিলে মাস্ক পৰিধান কৰিব লাগে বুলি কোনো নিৰ্দেশনা আৰক্ষীয়ে তেওঁক দেখুৱাব পৰা নাছিল। আজি ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি তেনে পৰিস্থিতিতো মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি স্পষ্ট কৰি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ