--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আমেৰিকা, ব্ৰাজিলতকৈয়ো শোচনীয় হৈছে ভাৰতৰ কৰ’না পৰিস্থিতি৷ দেশত মঙলবাৰে চিনাক্ত হৈছে ১ লাখ ১৫ হাজাৰ কৰ’না আক্ৰান্ত। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৩০জনকৈ লোকৰ৷ ভাৰতৰ ক’ভিড পৰিস্থিতি লৈ উদ্বিগ্ন হৈ পৰিছে নিটি আয়োগ৷ পৰৱৰ্তী ৪সপ্তাহ দেশৰ বাবে জটিল সময় হোৱাপ আশংকা ব্যক্ত কৰা হৈছে৷ এই সংক্ৰমণ অব্যাহত থাকিলে দেশ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ’ব বুলি সকীয়নি দিয়ে নিটি আয়োগৰ বিশেষজ্ঞই৷

আৰু পঢ়িব পাৰিব : একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন

ইফালে, দেশৰ কৰ’না পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্রৰ পিছত দিল্লীতো মঙলবাৰৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰা হয়৷ মহাৰাষ্ট্রত মঙলবাৰে আক্ৰান্ত হয় ৫৫হাজাৰ লোক৷ মহাৰাষ্ট্রত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা হেতুকে অক্সিজেন যোগান ধৰিবলৈ আন ৰাজ্যসমূহক আহ্বান জনায়৷

আৰু পঢ়িব পাৰিব : নৈত গা ধুবলৈ গৈ তিনি কিশোৰৰ সলিল সমাধি !

ইফালে, মুম্বাইত কালিৰ দিনটোতে ১০ হাজাৰ লোক আক্ৰান্ত হোৱাৰ পাছৰে পৰা মুম্বাইৰ সমুদ্ৰ তীৰত জনসমাগম নিষিদ্ধ কৰে৷ যোৱা বছৰৰ ৫ নবেম্বৰৰ পাছত এদিনতে সৰ্বাধিক আক্ৰান্তৰ মৃত্যুৰ অভিলেখ সৃষ্টি হয় মঙলবাৰে৷ দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১ কোটি ২৮ লাখলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু