--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল নীৰজ চোপ্ৰাই। জেভেলিন নিক্ষেপকাৰী নীৰজ চোপ্ৰাই পুনৰ এবাৰ সোণৰ পদক লাভ কৰিছে। কিছুদিন পূৰ্বে পানীপথৰ যুৱ ভাৰতীয় জেভেলিন থ্ৰ’ৱাৰগৰাকীয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। এইবাৰ ফিনলেণ্ডত অনুষ্ঠিত কুওৰটান গেমছত নীৰাজে লাভ কৰিছে স্বৰ্ণ পদক। নীৰজে ৮৬.৬৯ মিটাৰ দূৰত্বত জেভেলিন নিক্ষেপ নীৰজ চোপ্ৰাৰ। উল্লেখ্য যে, পাভো নুৰ্মী গেমছত ৮৯.৩০ মিটাৰ দূৰত্বত জেভেলিন নিক্ষেপ কৰিছিল তেওঁ। ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলেও সেই প্ৰতিযোগিতাত তেওঁ সোণৰ পদক লাভ কৰা নাছিল। এইবাৰ পিছে অপ্ৰতিৰোধ্য ভাৰতীয় এথলীট গৰাকীয়ে লাভ কৰিছে সোণৰ পদক।

কিছুদিন পূৰ্বে নীৰজে নিজেই কৈছিল যে, তেওঁ ৯০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ বিচাৰে। কমনৱেলথ গেমছৰ পূৰ্বে নীৰজে সেই লক্ষ্যৰ দিশে প্ৰায় অগ্ৰসৰ হোৱা দেখা গৈছে। বৰষুণৰ বাবে পথাৰ আছিল তিতা। এনে অৱস্থাত নীৰাজে প্ৰথম খোজত ৮৬.৬৯ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। অৱশ্যে তৃতীয় খোজত পিছলি পৰে নীৰজ চোপ্ৰা। তথাপি, স্বৰ্ণপদক জয়ত কোনেও বাধা দিব পৰা নাছিল নীৰজক। 

নীৰজৰ প্ৰশংসা পঞ্চমুখ হৈ পৰা অনুৰাগ ঠাকুৰে কয়, ‘নীৰজে আকৌ এবাৰ স্বৰ্ণপদক লাভ কৰিছে। অসাধাৰণ চেম্পিয়ন।’

ইফালে, বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ নেতৃত্বত দেখা যাব নীৰজ চোপ্ৰাক। ইয়াৰ পূৰ্বে নীৰজে টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক লাভ কৰিছিল। মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বে নীৰজ চোপ্ৰাই তেওঁৰ নতুন ইউটিউব চেনেল এটাও মুকলি কৰে। টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা জেভেলিন নিক্ষেপকাৰীগৰাকীয়ে পৰৱৰ্তী প্ৰজন্মক জেভেলিনত অনুপ্ৰাণিত কৰাৰ লগতে বিভিন্ন বিষয়ৰ প্ৰতি সজাগ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। সেই চেনেলত নীৰাজে তেওঁৰ ৱৰ্কআউটৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম-কাজৰ চুটি ভিডিঅ’ পোষ্ট কৰিব বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু