--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল নীৰজ চোপ্ৰাই। জেভেলিন নিক্ষেপকাৰী নীৰজ চোপ্ৰাই পুনৰ এবাৰ সোণৰ পদক লাভ কৰিছে। কিছুদিন পূৰ্বে পানীপথৰ যুৱ ভাৰতীয় জেভেলিন থ্ৰ’ৱাৰগৰাকীয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। এইবাৰ ফিনলেণ্ডত অনুষ্ঠিত কুওৰটান গেমছত নীৰাজে লাভ কৰিছে স্বৰ্ণ পদক। নীৰজে ৮৬.৬৯ মিটাৰ দূৰত্বত জেভেলিন নিক্ষেপ নীৰজ চোপ্ৰাৰ। উল্লেখ্য যে, পাভো নুৰ্মী গেমছত ৮৯.৩০ মিটাৰ দূৰত্বত জেভেলিন নিক্ষেপ কৰিছিল তেওঁ। ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলেও সেই প্ৰতিযোগিতাত তেওঁ সোণৰ পদক লাভ কৰা নাছিল। এইবাৰ পিছে অপ্ৰতিৰোধ্য ভাৰতীয় এথলীট গৰাকীয়ে লাভ কৰিছে সোণৰ পদক।

কিছুদিন পূৰ্বে নীৰজে নিজেই কৈছিল যে, তেওঁ ৯০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ বিচাৰে। কমনৱেলথ গেমছৰ পূৰ্বে নীৰজে সেই লক্ষ্যৰ দিশে প্ৰায় অগ্ৰসৰ হোৱা দেখা গৈছে। বৰষুণৰ বাবে পথাৰ আছিল তিতা। এনে অৱস্থাত নীৰাজে প্ৰথম খোজত ৮৬.৬৯ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। অৱশ্যে তৃতীয় খোজত পিছলি পৰে নীৰজ চোপ্ৰা। তথাপি, স্বৰ্ণপদক জয়ত কোনেও বাধা দিব পৰা নাছিল নীৰজক। 

নীৰজৰ প্ৰশংসা পঞ্চমুখ হৈ পৰা অনুৰাগ ঠাকুৰে কয়, ‘নীৰজে আকৌ এবাৰ স্বৰ্ণপদক লাভ কৰিছে। অসাধাৰণ চেম্পিয়ন।’

ইফালে, বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ নেতৃত্বত দেখা যাব নীৰজ চোপ্ৰাক। ইয়াৰ পূৰ্বে নীৰজে টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক লাভ কৰিছিল। মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বে নীৰজ চোপ্ৰাই তেওঁৰ নতুন ইউটিউব চেনেল এটাও মুকলি কৰে। টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা জেভেলিন নিক্ষেপকাৰীগৰাকীয়ে পৰৱৰ্তী প্ৰজন্মক জেভেলিনত অনুপ্ৰাণিত কৰাৰ লগতে বিভিন্ন বিষয়ৰ প্ৰতি সজাগ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। সেই চেনেলত নীৰাজে তেওঁৰ ৱৰ্কআউটৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম-কাজৰ চুটি ভিডিঅ’ পোষ্ট কৰিব বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ