--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ বয়স প্ৰায় ৭০ বছৰ। এতিয়াও ‘চিৰসেউজ’ অভিনেত্ৰী ৰেখা।  শেহতীয়াকৈ খবৰ আহিছিল যে অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত সহকাৰী ফাৰ্জানাৰ সৈতে তেওঁৰ ‘সম্পৰ্ক’ আছে। তেওঁৰ লগত একেলগে বাস কৰে! এই খবৰ পোহৰলৈ অহাৰ লগে লগে আৰম্ভ হ’ল জল্পনা-কল্পনা। 

ৰেখাৰ জীৱনৰ আধাৰত লিখা ‘ৰেখাঃ দ্য আনটল্ড ষ্টৰী’ নামৰ গ্ৰন্থখন লিখিছে সাহিত্যিক ইয়াছেৰ উছমানে। ৰেখাৰ এই জীৱনী ২০১৬ চনত প্ৰকাশ পাইছিল। সেই গ্ৰন্থখনত লেখিকাই দাবী কৰিছে যে ৰেখাৰ ব্যক্তিগত সহায়িকা ফৰ্জনাৰ সৈতে বহু বছৰ ধৰি সম্পৰ্ক আছে। প্ৰায় তিনি দশক ধৰি ৰেখাৰ ছাঁয়া সংগী হৈ আছে ফাৰ্জানাই। যদিও অভিনেত্ৰীগৰাকীয়ে সদায় ফাৰ্জানাক নিজৰ ভগ্নী বুলি দাবী কৰি আহিছে। ৰেখাৰ শোৱা কোঠাত ফৰ্জনাৰ বাহিৰে আন কাকো সোমাব দিয়া নহয় বুলি গ্ৰন্থখনত দাবী কৰা হৈছে। ফৰ্জানাৰ অনুমতি অবিহনে ৰেখাৰ কাষৰীয়া অঞ্চলত কোনেও প্ৰৱেশ কৰিব নোৱাৰে বুলিও লেখকে দাবী কৰিছে। আনকি ফাৰ্জানাই অভিনেত্ৰীগৰাকীৰ পেছাদাৰী জীৱনৰ প্ৰতিটো সিদ্ধান্ত ফাৰ্জানাৰ পৰাই লয়। য়াছেৰ উছমানে তেওঁৰ জীৱনীত দাবী কৰিছে যে ৰেখাই বিগত কেইটামান দশক ধৰি ব্যক্তিগত সহায়কৰ সৈতে সম্পৰ্কত আছে।

লেখকৰ এই দাবীক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হয়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ য়াছেৰে নিজেই মুখ মেলিছে। ছ’চিয়েল মিডিয়া পেজত এটা পোষ্টত উছমানে লিখিছে, “মোৰ ‘ৰেখাঃ দ্যা আনটল্ড ষ্ট’ৰী’ নামৰ কিতাপখনৰ পৰা ব্যৱহাৰ হোৱা বুলি উল্লেখ কৰা উক্তিবোৰ সম্পূৰ্ণ মিছা। প্ৰচাৰ বৃদ্ধিৰ বাবে এই পন্থা গ্ৰহণ কৰা হৈছে।’’

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীৰ জীৱনীকাৰে লিখিছে, "শপত খাব পাৰো, মোৰ কিতাপখনত এনে কথাৰ কোনো উল্লেখ নাই। পাণ্ডুলিপিখনত 'সহবাস' বা 'যৌন সম্পৰ্ক'ৰ দৰে বাক্যাংশৰ কথাও উল্লেখ কৰা নাছিলো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement