--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ বয়স প্ৰায় ৭০ বছৰ। এতিয়াও ‘চিৰসেউজ’ অভিনেত্ৰী ৰেখা।  শেহতীয়াকৈ খবৰ আহিছিল যে অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত সহকাৰী ফাৰ্জানাৰ সৈতে তেওঁৰ ‘সম্পৰ্ক’ আছে। তেওঁৰ লগত একেলগে বাস কৰে! এই খবৰ পোহৰলৈ অহাৰ লগে লগে আৰম্ভ হ’ল জল্পনা-কল্পনা। 

ৰেখাৰ জীৱনৰ আধাৰত লিখা ‘ৰেখাঃ দ্য আনটল্ড ষ্টৰী’ নামৰ গ্ৰন্থখন লিখিছে সাহিত্যিক ইয়াছেৰ উছমানে। ৰেখাৰ এই জীৱনী ২০১৬ চনত প্ৰকাশ পাইছিল। সেই গ্ৰন্থখনত লেখিকাই দাবী কৰিছে যে ৰেখাৰ ব্যক্তিগত সহায়িকা ফৰ্জনাৰ সৈতে বহু বছৰ ধৰি সম্পৰ্ক আছে। প্ৰায় তিনি দশক ধৰি ৰেখাৰ ছাঁয়া সংগী হৈ আছে ফাৰ্জানাই। যদিও অভিনেত্ৰীগৰাকীয়ে সদায় ফাৰ্জানাক নিজৰ ভগ্নী বুলি দাবী কৰি আহিছে। ৰেখাৰ শোৱা কোঠাত ফৰ্জনাৰ বাহিৰে আন কাকো সোমাব দিয়া নহয় বুলি গ্ৰন্থখনত দাবী কৰা হৈছে। ফৰ্জানাৰ অনুমতি অবিহনে ৰেখাৰ কাষৰীয়া অঞ্চলত কোনেও প্ৰৱেশ কৰিব নোৱাৰে বুলিও লেখকে দাবী কৰিছে। আনকি ফাৰ্জানাই অভিনেত্ৰীগৰাকীৰ পেছাদাৰী জীৱনৰ প্ৰতিটো সিদ্ধান্ত ফাৰ্জানাৰ পৰাই লয়। য়াছেৰ উছমানে তেওঁৰ জীৱনীত দাবী কৰিছে যে ৰেখাই বিগত কেইটামান দশক ধৰি ব্যক্তিগত সহায়কৰ সৈতে সম্পৰ্কত আছে।

লেখকৰ এই দাবীক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হয়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ য়াছেৰে নিজেই মুখ মেলিছে। ছ’চিয়েল মিডিয়া পেজত এটা পোষ্টত উছমানে লিখিছে, “মোৰ ‘ৰেখাঃ দ্যা আনটল্ড ষ্ট’ৰী’ নামৰ কিতাপখনৰ পৰা ব্যৱহাৰ হোৱা বুলি উল্লেখ কৰা উক্তিবোৰ সম্পূৰ্ণ মিছা। প্ৰচাৰ বৃদ্ধিৰ বাবে এই পন্থা গ্ৰহণ কৰা হৈছে।’’

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীৰ জীৱনীকাৰে লিখিছে, "শপত খাব পাৰো, মোৰ কিতাপখনত এনে কথাৰ কোনো উল্লেখ নাই। পাণ্ডুলিপিখনত 'সহবাস' বা 'যৌন সম্পৰ্ক'ৰ দৰে বাক্যাংশৰ কথাও উল্লেখ কৰা নাছিলো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু