ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ গুমৰা খেলমা সপ্তম খণ্ডৰ কৰচূড়া অঞ্চলৰ পৰা নজমুল হক নামৰ এজন যুৱকক অপহৰণ কৰি পৰিয়ালৰ ওচৰত প্ৰায় ৪ লাখ টকা মুক্তিপণ দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সংঘটিত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰতে অসম-মেঘালয় সীমান্তৰ বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ পৰা অপহৃত যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱতি নিশা নজমুল হকক উদ্ধাৰ কৰাৰ পাছত সেই নিশাই অপহৰণকাণ্ডত জড়িত থকাৰ অভিযোগত মিনাজ উদ্দিন লস্কৰ আৰু সাহিল হুছেইন নামৰ দুজনক আটক কৰে গুমৰা আৰক্ষীয়ে।
আটকাধীন দুয়োজন জালালপুৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ঘটনাৰ সৈতে জড়িত আন কেইবাজনো অভিযুক্ত পলাতক হৈ আছে বুলি সূত্ৰৰ খবৰ। অপহৰণৰ কাৰণ, মুক্তিপণ দাবীৰ বিষয় আৰু আন অভিযুক্তসকলৰ ভূমিকা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই ঘটনাক কেন্দ্ৰ কৰি গুমৰা খেলমা আৰু ইয়াৰ সংলগ্ন অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।