ডিজিটেল ডেস্ক: বিশ্বকৰ্মা পূজাৰ দিনাই ডুমডুমাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। স্বামীয়ে দাৰে ঘপিয়াই পত্নীক হত্যা কৰাৰ লগতে কন্যাকো হত্যাৰ অপচেষ্টা কৰাৰ ঘটনাই ডুমডুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কালি নিশা প্ৰায় ১ বজাত ডুমডুমা আৰক্ষী থানাৰ গাতে লাগি থকা কুমাৰী পট্টিৰ ৰাজকুমাৰ যাদৱ নামৰ লোকজনে পত্নী ৰশ্মি দেৱীক চোকা দাৰে ঘপিয়াই হত্যা কৰাৰ লগতে নিজ কন্যাকো হত্যাৰ চেষ্টা চলাই যদিও কন্যাই কোনোমতে পলাই প্ৰাণ ৰক্ষা কৰে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী ৰাজকুমাৰ যাদৱক আটক কৰি থানালৈ লৈ যায় ৷ আঘাতপ্ৰাপ্ত কন্যাক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
ৰাজকুমাৰে পত্নীক হত্যা কৰি কন্যাকো হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডুমডুমা আৰক্ষীয়ে ৰশ্মি দেৱীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷