--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় লোকসকলে চাহ খায় বৰ ভাল পায়। বহুতে বেড টীৰে দিনটোৰ আৰম্ভণি কৰে। আমাৰ দেশত পানীৰ পাছতে চাহ দ্বিতীয় সৰ্বাধিক খোৱা পানীয়। চাহৰ উপকাৰিতা আছে বহুত। কিন্তু চাহ বনাওতে কিছুমান ভুল কৰিব নালাগে। এই ভুল কৰিলে দেহৰ ক্ষতি হয়। চাহ বনাওতে কি কি ভুল কৰিব নালাগে জানো আহক।

চাহ বনাওঁতে এনে ভুল নকৰিব

চাহ বনোৱাটো কিছুমান মানুহৰ চখ, কিন্তু এই সময়ছোৱাত আমি প্ৰায়ে কিছুমান ভুল কৰো যিবোৰ ঠিক নহয়।

- বহুতে প্ৰথমে গাখীৰ উতলাই তাত পানী, চেনি আৰু চাহপাত মিহলাই সম্পূৰ্ণ সিজাই দিয়ে। এই পদ্ধতি ভুল।

- কিছুমান মানুহৰ তীব্ৰ চাহ খোৱাৰ হেঁপাহ থাকে, এনে পৰিস্থিতিত চাহ অত্যধিক উতলাই দিয়ে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

- চাহৰ সকলো উপাদান একেলগে মিহলাই অধিক সময় উতলালে পেটত এচিডিটিৰ সমস্যা হ’ব পাৰে।

- চাহত অধিক চেনি যোগ কৰা লোকৰ তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত ভৱিষ্যতে মেদবহুলতা আৰু মধুমেহ ৰোগ হ’ব পাৰে।

চাহ বনোৱাৰ সঠিক নিয়ম

ব্ৰিটিছ ষ্টেণ্ডাৰ্ড ইনষ্টিটিউচনৰ মতে চাহ বনাবলৈ প্ৰথমে ২টা বাচন-বৰ্তন লওক। এটাত গাখীৰ উতলাই আনটোত পানী উতলাই লওক। মাজে মাজে গাখীৰখিনি চামুচৰ সহায়ত লৰাই থাকিব। এতিয়া উতলা পানীত চাহপাত আৰু চেনি মিহলাই লগতে আপোনাৰ প্ৰিয় মছলাও দিব। যেতিয়া দুয়োটা পাত্ৰতে বস্তু উতলাৰ পিছত। পানী আৰু চাহপাত থকা মিশ্ৰণত সিজোৱা গাখীৰ মিহলাই লওক। আকৌ উতলাই তাৰ পিছত গেছৰ পৰা উলিয়াই কাপত ফিল্টাৰ কৰি লওক। এই কাম কৰাৰ উদ্দেশ্য হ’ল গাখীৰ আৰু চাহপাত থকা পানী একেলগে বেছি সময় উতলাব নালাগে, কাৰণ ইয়াৰ ফলত পেট বেয়া হ’ব পাৰে আৰু গেছ হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক