--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিদিনে পুৱা চাহ খোৱাটো প্ৰতিজন ভাৰতীয় লোকৰে চখ। চাহত থকা কেফেইনে টোপনি ভাব দূৰ কৰে। চাহ খোৱাৰ পাছত সাধাৰণতে সকলোৱে ব্যৱহৃত চাহপাতখিনি পেলাই দিয়ে। কিন্তু সেই ব্যৱহৃত চাহপাত আপোনাৰ বাবে কিমান উপযোগী হ’ব পাৰে জানেনে? আজি আমি এনে চাহপাতৰ ৪টা পুনৰ ব্যৱহাৰৰ বিষয়ে জানিম আহক। ব্যৱহৃত চাহপাত ব্যৱহাৰ কৰিবলৈ প্ৰথমে পৰিষ্কাৰ পানীৰে ধুব লাগে। এনে কৰিলে তাৰ পৰা চেনিৰ মিঠাখিনি ওলাই যায়। ইয়াৰ পাছত সেই চাহপাত বিভিন্ন প্ৰয়োজন অনুযায়ী ব্যৱহাৰ কৰিব পাৰি।

 ব্যৱহৃত চাহপাতৰ উপকাৰ-

 ১. বাচন-বৰ্তন পৰিষ্কাৰ কৰাঃ-বাচন-বৰ্তনত দালি, শাক-পাচলি বা আন খাদ্য ৰান্ধোতে সেই বাচন-বৰ্তনবোৰত যথেষ্ট পৰিমাণৰ গ্রীজ থাকে, যিটো পানীৰে ধোৱাৰ পাছতো সহজে ওলাই নাহে। এনে পৰিস্থিতিত প্ৰথমে ব্যৱহৃত চাহপাতখিনি ভালদৰে উতলাই লওক। ইয়াৰ পাছত সেই সিজোৱা পানীৰে বাচন-বৰ্তন পৰিষ্কাৰ কৰিলে দেখিব সুন্দৰভাৱে চাফা হৈছে।

২. মহৰ পৰা মুক্তি পাবঃ-যদি আপোনাৰ ঘৰত মহ আৰু মাখিয়ে উপদ্ৰৱ কৰিছে, তেন্তে ব্যৱহৃত চাহপাতেৰে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ বাবে প্ৰথমে বাকী থকা চাহপাতখিনি অলপ পানীত উতলাই লওক। ইয়াৰ পাছত পানীখিনি ঠাণ্ডা কৰি গোটেই ঘৰখনতে মচি দিব। দেখিব আপোনাৰ ঘৰৰ পৰা লাহে লাহে মহ আৰু মাখি দুয়োটা নোহোৱা হৈ যাব ধৰিছে।

৩. ঘাঁ নিৰাময়ত সহায় কৰেঃ-যদি কাৰোবাৰ ঘা হয় আৰু সোনকালে ভাল নহয়, তেন্তে ব্যৱহৃত চাহপাত ব্যৱহাৰ কৰিব পাৰে। ইয়াত থকা এন্টি-অক্সিডেন্ট গুণে ঘাঁ নিৰাময়ত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ প্ৰথমে চাহপাতখিনি পৰিষ্কাৰ পানীৰে ভালদৰে ধুই লাগে। ইয়াৰ পাছত পানীত উতলাৰ পাছত ঠাণ্ডা কৰি লওক। তাৰ পাছত সেই চাহপাত ঘাঁত লগালে লাহে লাহে ভাল হ’বলৈ আৰম্ভ কৰে।

৪. চুলি কণ্ডিচনাৰৰ কাম কৰেঃ-যদি আপুনি চুলিৰ যত্নৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ বিচাৰিছে, তেন্তে ব্যৱহৃত চাহপাততকৈ ভাল একোৱেই হ’ব নোৱাৰে। ইয়াক ভালকৈ ব্যৱহাৰ কৰিবলৈ প্ৰথমে ব্যৱহৃত চাহপাত পৰিষ্কাৰ পানীত উতলাই লওক। ইয়াৰ পিছত পানী ফিল্টাৰ কৰি চাহপাত পৃথক কৰি সেই পানীৰে চুলিৰ ধুলে কণ্ডিচনাৰৰ কাম কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ