--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিদিনে পুৱা চাহ খোৱাটো প্ৰতিজন ভাৰতীয় লোকৰে চখ। চাহত থকা কেফেইনে টোপনি ভাব দূৰ কৰে। চাহ খোৱাৰ পাছত সাধাৰণতে সকলোৱে ব্যৱহৃত চাহপাতখিনি পেলাই দিয়ে। কিন্তু সেই ব্যৱহৃত চাহপাত আপোনাৰ বাবে কিমান উপযোগী হ’ব পাৰে জানেনে? আজি আমি এনে চাহপাতৰ ৪টা পুনৰ ব্যৱহাৰৰ বিষয়ে জানিম আহক। ব্যৱহৃত চাহপাত ব্যৱহাৰ কৰিবলৈ প্ৰথমে পৰিষ্কাৰ পানীৰে ধুব লাগে। এনে কৰিলে তাৰ পৰা চেনিৰ মিঠাখিনি ওলাই যায়। ইয়াৰ পাছত সেই চাহপাত বিভিন্ন প্ৰয়োজন অনুযায়ী ব্যৱহাৰ কৰিব পাৰি।

 ব্যৱহৃত চাহপাতৰ উপকাৰ-

 ১. বাচন-বৰ্তন পৰিষ্কাৰ কৰাঃ-বাচন-বৰ্তনত দালি, শাক-পাচলি বা আন খাদ্য ৰান্ধোতে সেই বাচন-বৰ্তনবোৰত যথেষ্ট পৰিমাণৰ গ্রীজ থাকে, যিটো পানীৰে ধোৱাৰ পাছতো সহজে ওলাই নাহে। এনে পৰিস্থিতিত প্ৰথমে ব্যৱহৃত চাহপাতখিনি ভালদৰে উতলাই লওক। ইয়াৰ পাছত সেই সিজোৱা পানীৰে বাচন-বৰ্তন পৰিষ্কাৰ কৰিলে দেখিব সুন্দৰভাৱে চাফা হৈছে।

২. মহৰ পৰা মুক্তি পাবঃ-যদি আপোনাৰ ঘৰত মহ আৰু মাখিয়ে উপদ্ৰৱ কৰিছে, তেন্তে ব্যৱহৃত চাহপাতেৰে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ বাবে প্ৰথমে বাকী থকা চাহপাতখিনি অলপ পানীত উতলাই লওক। ইয়াৰ পাছত পানীখিনি ঠাণ্ডা কৰি গোটেই ঘৰখনতে মচি দিব। দেখিব আপোনাৰ ঘৰৰ পৰা লাহে লাহে মহ আৰু মাখি দুয়োটা নোহোৱা হৈ যাব ধৰিছে।

৩. ঘাঁ নিৰাময়ত সহায় কৰেঃ-যদি কাৰোবাৰ ঘা হয় আৰু সোনকালে ভাল নহয়, তেন্তে ব্যৱহৃত চাহপাত ব্যৱহাৰ কৰিব পাৰে। ইয়াত থকা এন্টি-অক্সিডেন্ট গুণে ঘাঁ নিৰাময়ত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ প্ৰথমে চাহপাতখিনি পৰিষ্কাৰ পানীৰে ভালদৰে ধুই লাগে। ইয়াৰ পাছত পানীত উতলাৰ পাছত ঠাণ্ডা কৰি লওক। তাৰ পাছত সেই চাহপাত ঘাঁত লগালে লাহে লাহে ভাল হ’বলৈ আৰম্ভ কৰে।

৪. চুলি কণ্ডিচনাৰৰ কাম কৰেঃ-যদি আপুনি চুলিৰ যত্নৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ বিচাৰিছে, তেন্তে ব্যৱহৃত চাহপাততকৈ ভাল একোৱেই হ’ব নোৱাৰে। ইয়াক ভালকৈ ব্যৱহাৰ কৰিবলৈ প্ৰথমে ব্যৱহৃত চাহপাত পৰিষ্কাৰ পানীত উতলাই লওক। ইয়াৰ পিছত পানী ফিল্টাৰ কৰি চাহপাত পৃথক কৰি সেই পানীৰে চুলিৰ ধুলে কণ্ডিচনাৰৰ কাম কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক