--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ একাংশ কাৰ্যকৰী এন্টিঅক্সিডেন্ট আৰু পলিফিনলৰে সমৃদ্ধ সেউজীয়া চাহ বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু বহু লোকে ওজন হ্ৰাস কৰিবলৈ গ্ৰীণ টি ব্যৱহাৰ কৰে। গ্ৰীণ টিত থকা পলিফিনলে চৰ্বিৰ বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু কেলৰি কমোৱাত সহায় কৰে। কিন্তু বহু লোকে যেতিয়াই মন যায় তেতিয়াই গ্ৰীণ টি সেৱন কৰে, ই শৰীৰৰ বাবে ক্ষতিকাৰক। গতিকে গ্ৰীণ টিৰ লগত জড়িত সেই ২টা ভুলৰ বিষয়ে জানো আহক।

 গ্ৰীণ টিৰ লগত জড়িত এই ভুলবোৰৰ বাবে শৰীৰ অসুস্থ হ’ব পাৰে-

১. খাদ্য খোৱাৰ ঠিক পাছতেই গ্ৰীণ টি সেৱন কৰিলে ওজন হ্ৰাস কৰাত সহায় নকৰে, বৰঞ্চ ই আইৰনৰ দৰে অত্যাৱশ্যকীয় উপাদান শোষণ ৰোধ কৰাৰ লগতে কিছুমান পাচন এনজাইমৰ সৈতে বিক্ৰিয়া কৰি পাচনতন্ত্ৰৰ কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ কিছুমান প্ৰটিন আৰু কিছুমান বিশেষ ধৰণৰ কাৰ্ব হজম কৰাত অসুবিধা হ’ব পাৰে।

২. বহু লোকে দিনটোত ৬ৰ পৰা ৭ কাপ গ্ৰীণ টি খায়। এনে লোকে ভাবে যে ইয়াৰ ফলত তেওঁলোকৰ ওজন দ্ৰুতগতিত কমি যাব, কিন্তু তেনে নহয়। দৰাচলতে ই উদ্বেগ, খিংখিঙীয়া আৰু টোপনি নোহোৱা সমস্যাৰ সৃষ্টি কৰাৰ লগতে শৰীৰৰ প্ৰাকৃতিক কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। গতিকে দিনটোত ৩ কাপতকৈ অধিক গ্ৰীণ টি খোৱাৰ পৰা বিৰত থকা উচিত।

৩. সেউজীয়া চাহ খোৱাৰ উপযুক্ত সময় কি?

গ্ৰীণ টি খোৱাৰ আটাইতকৈ উত্তম সময় হ’ল ৱৰ্কআউটৰ প্ৰায় আধা ঘণ্টা আগতে। দ্বিতীয়তে ব্ৰেকফাষ্টৰ আগতে গ্ৰীণ টি খাব পাৰে, যিয়ে দীঘলীয়া সময় খোৱাৰ পাছত শৰীৰৰ ভিতৰৰ পৰা বিষমুক্ত কৰাত সহায় কৰিব পাৰে। মাত্ৰ এটা কথা মনত ৰাখিব যে কেতিয়াও খোৱাৰ আগতে বা খোৱাৰ পাছত তৎক্ষণাত গ্ৰীণ টি সেৱন নকৰিব। সময়ৰ ব্যৱধান মানি সেৱন কৰা উচিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ