--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ একাংশ কাৰ্যকৰী এন্টিঅক্সিডেন্ট আৰু পলিফিনলৰে সমৃদ্ধ সেউজীয়া চাহ বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু বহু লোকে ওজন হ্ৰাস কৰিবলৈ গ্ৰীণ টি ব্যৱহাৰ কৰে। গ্ৰীণ টিত থকা পলিফিনলে চৰ্বিৰ বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু কেলৰি কমোৱাত সহায় কৰে। কিন্তু বহু লোকে যেতিয়াই মন যায় তেতিয়াই গ্ৰীণ টি সেৱন কৰে, ই শৰীৰৰ বাবে ক্ষতিকাৰক। গতিকে গ্ৰীণ টিৰ লগত জড়িত সেই ২টা ভুলৰ বিষয়ে জানো আহক।

 গ্ৰীণ টিৰ লগত জড়িত এই ভুলবোৰৰ বাবে শৰীৰ অসুস্থ হ’ব পাৰে-

১. খাদ্য খোৱাৰ ঠিক পাছতেই গ্ৰীণ টি সেৱন কৰিলে ওজন হ্ৰাস কৰাত সহায় নকৰে, বৰঞ্চ ই আইৰনৰ দৰে অত্যাৱশ্যকীয় উপাদান শোষণ ৰোধ কৰাৰ লগতে কিছুমান পাচন এনজাইমৰ সৈতে বিক্ৰিয়া কৰি পাচনতন্ত্ৰৰ কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ কিছুমান প্ৰটিন আৰু কিছুমান বিশেষ ধৰণৰ কাৰ্ব হজম কৰাত অসুবিধা হ’ব পাৰে।

২. বহু লোকে দিনটোত ৬ৰ পৰা ৭ কাপ গ্ৰীণ টি খায়। এনে লোকে ভাবে যে ইয়াৰ ফলত তেওঁলোকৰ ওজন দ্ৰুতগতিত কমি যাব, কিন্তু তেনে নহয়। দৰাচলতে ই উদ্বেগ, খিংখিঙীয়া আৰু টোপনি নোহোৱা সমস্যাৰ সৃষ্টি কৰাৰ লগতে শৰীৰৰ প্ৰাকৃতিক কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। গতিকে দিনটোত ৩ কাপতকৈ অধিক গ্ৰীণ টি খোৱাৰ পৰা বিৰত থকা উচিত।

৩. সেউজীয়া চাহ খোৱাৰ উপযুক্ত সময় কি?

গ্ৰীণ টি খোৱাৰ আটাইতকৈ উত্তম সময় হ’ল ৱৰ্কআউটৰ প্ৰায় আধা ঘণ্টা আগতে। দ্বিতীয়তে ব্ৰেকফাষ্টৰ আগতে গ্ৰীণ টি খাব পাৰে, যিয়ে দীঘলীয়া সময় খোৱাৰ পাছত শৰীৰৰ ভিতৰৰ পৰা বিষমুক্ত কৰাত সহায় কৰিব পাৰে। মাত্ৰ এটা কথা মনত ৰাখিব যে কেতিয়াও খোৱাৰ আগতে বা খোৱাৰ পাছত তৎক্ষণাত গ্ৰীণ টি সেৱন নকৰিব। সময়ৰ ব্যৱধান মানি সেৱন কৰা উচিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক