--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পূৰ্ণ প্ৰ’টিন লাভ কৰিব বিচাৰিলে মানুহক মাংস, মাছ আৰু কণী খোৱাৰ পৰামৰ্শ দিয়া হয়, কিন্তু সকলোৰে বাবে আমিষ খাদ্য খোৱাটো সম্ভৱ নহয়, কাৰণ ভাৰতত যথেষ্ট সংখ্যক নিৰামিষভোজী লোকো আছে। এনে অৱস্থাত প্ৰশ্ন উত্থাপন হয় যে নিৰামিষভোজীয়ে প্ৰটিনৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰে। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল বাৎস্যই কয় যে কিছুমান শাক-পাচলি খালেও এই পুষ্টিকৰ উপাদান লাভ কৰিব পাৰি।

কোনবোৰ শাক-পাচলি খালে প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়, জানো আহক। 

১)ফুলকবিঃ অতি কম সংখ্যক লোকেহে জানে যে ফুলকবি খালে শৰীৰে প্ৰ’টিন পায়। ইয়াৰ লগতে ইয়াত পটাছিয়াম, মেগনেছিয়াম আৰু ফাইবাৰো অতি বেছি পৰিমাণে পোৱা যায়। ফুলকবি খালে শৰীৰত প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ হৈ থাকিব।

২)পালেং শাকঃ সেউজীয়া পাতৰ শাক-পাচলিৰ মাজত পালেং শাকক অতি পুষ্টিকৰ বুলি গণ্য কৰা হয়। ইয়াত কেৱল প্ৰটিন থকাই নহয়, ইয়াত ভিটামিন বি আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। সেয়েহে নিয়মিতভাৱে পালেং শাক সেৱন কৰিব লাগে।

৩)আলুঃ আপুনি জানেনে যে আলু খালেও প্ৰ’টিন লাভ কৰিব পাৰি, যদিও ইয়াক বিশেষভাৱে ৰান্ধিব লাগিব। কটা আলুখিনি কম জুইত ভাজিব লাগে। বইল কৰি খাব পাৰিলে বেছি ভাল। ইয়াৰ পৰা প্ৰটিনৰ উপৰিও ফাইবাৰ, ভিটামিন চি আৰু পটাছিয়াম লাভ কৰা যায়।

৪)ব্ৰকলিঃ যদি আপুনি মাংস আৰু কণী খাবলৈ ভাল নাপায়, তেন্তে ব্ৰকলি খাবলৈ আৰম্ভ কৰিব পাৰে। এয়া এক স্বাস্থ্যকৰ পাচলি য’ত প্ৰ’টিনৰ উপৰিও আইৰণো উপলব্ধ। ইয়াক বইল কৰি বা চালাড হিচাপে খালে উপকাৰী হ’ব।

৫)মাশ্বৰূমঃ মাশ্বৰূম নিশ্চিতভাৱে এটা ব্যয়বহুল বিকল্প যদিও ইয়াক প্ৰটিনৰ সমৃদ্ধ উৎস হিচাপে গণ্য কৰা হয়। সপ্তাহত ৩ৰ পৰা ৪ বাৰ ইয়াক খালে শৰীৰত প্ৰটিনকে ধৰি আন বহুতো পুষ্টিকৰ উপাদানৰ অভাৱ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ