--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পূৰ্ণ প্ৰ’টিন লাভ কৰিব বিচাৰিলে মানুহক মাংস, মাছ আৰু কণী খোৱাৰ পৰামৰ্শ দিয়া হয়, কিন্তু সকলোৰে বাবে আমিষ খাদ্য খোৱাটো সম্ভৱ নহয়, কাৰণ ভাৰতত যথেষ্ট সংখ্যক নিৰামিষভোজী লোকো আছে। এনে অৱস্থাত প্ৰশ্ন উত্থাপন হয় যে নিৰামিষভোজীয়ে প্ৰটিনৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰে। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল বাৎস্যই কয় যে কিছুমান শাক-পাচলি খালেও এই পুষ্টিকৰ উপাদান লাভ কৰিব পাৰি।

কোনবোৰ শাক-পাচলি খালে প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়, জানো আহক। 

১)ফুলকবিঃ অতি কম সংখ্যক লোকেহে জানে যে ফুলকবি খালে শৰীৰে প্ৰ’টিন পায়। ইয়াৰ লগতে ইয়াত পটাছিয়াম, মেগনেছিয়াম আৰু ফাইবাৰো অতি বেছি পৰিমাণে পোৱা যায়। ফুলকবি খালে শৰীৰত প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ হৈ থাকিব।

২)পালেং শাকঃ সেউজীয়া পাতৰ শাক-পাচলিৰ মাজত পালেং শাকক অতি পুষ্টিকৰ বুলি গণ্য কৰা হয়। ইয়াত কেৱল প্ৰটিন থকাই নহয়, ইয়াত ভিটামিন বি আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। সেয়েহে নিয়মিতভাৱে পালেং শাক সেৱন কৰিব লাগে।

৩)আলুঃ আপুনি জানেনে যে আলু খালেও প্ৰ’টিন লাভ কৰিব পাৰি, যদিও ইয়াক বিশেষভাৱে ৰান্ধিব লাগিব। কটা আলুখিনি কম জুইত ভাজিব লাগে। বইল কৰি খাব পাৰিলে বেছি ভাল। ইয়াৰ পৰা প্ৰটিনৰ উপৰিও ফাইবাৰ, ভিটামিন চি আৰু পটাছিয়াম লাভ কৰা যায়।

৪)ব্ৰকলিঃ যদি আপুনি মাংস আৰু কণী খাবলৈ ভাল নাপায়, তেন্তে ব্ৰকলি খাবলৈ আৰম্ভ কৰিব পাৰে। এয়া এক স্বাস্থ্যকৰ পাচলি য’ত প্ৰ’টিনৰ উপৰিও আইৰণো উপলব্ধ। ইয়াক বইল কৰি বা চালাড হিচাপে খালে উপকাৰী হ’ব।

৫)মাশ্বৰূমঃ মাশ্বৰূম নিশ্চিতভাৱে এটা ব্যয়বহুল বিকল্প যদিও ইয়াক প্ৰটিনৰ সমৃদ্ধ উৎস হিচাপে গণ্য কৰা হয়। সপ্তাহত ৩ৰ পৰা ৪ বাৰ ইয়াক খালে শৰীৰত প্ৰটিনকে ধৰি আন বহুতো পুষ্টিকৰ উপাদানৰ অভাৱ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক